--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বহু প্ৰতীক্ষিত বিধানসভা উপ-নিৰ্বাচনৰ ৫সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ এই ৫ সমষ্টি ক্ৰমে থাওৰা, মৰিয়নি, তামুলপুৰ আৰু ভৱানীপুৰ৷ কোকৰাঝাৰৰ গোসাইগাঁও সমষ্টিতো হ’ব ভোটগ্ৰহণ৷ পুৱা ৭ বজাৰপৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকিব বিয়লি ৫ বজালৈ৷

ইতিমধ্যে ৰাজনৈতিক দলসমূহে ভোট বিচাৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছিল৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে এই সমষ্টিকেইটাত বিজেপিৰ হৈ চলাইছিল অভিযান৷ পিছ পৰা নাছিল বিৰোধী দলো৷ অৱশেষত বহু প্ৰতিক্ষাৰ অন্তত আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ৫ সমষ্টিৰ মুঠ ভোটকেন্দ্ৰ হ’ল ১,১৭৬টা৷ সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে৷

২৮ নম্বৰ ছয়গাঁও সমষ্টিত আছে মুঠ ২৮৫টা ভোটকেন্দ্ৰ৷ ৪১ নং ভৱানীপুৰ সমষ্টিত আছে মুঠ ২১৩টা ভোটকেন্দ্ৰ৷ ৫৮ নং তামুলপুৰ সমষ্টিত আছে মুঠ ৩২২টা ভোটকেন্দ্ৰ৷ ১০১ নং মৰিয়নি সমষ্টিত আছে ১৮৩টা ভোটকেন্দ্ৰ৷ ১০৭ নং থাওৰা সমষ্টিত আছে ১৭৩টা ভোটকেন্দ্ৰ৷ ৯,৯৮৯টা মূল ভোটকেন্দ্ৰ আৰু ১৮৭ সহযোগী কেন্দ্ৰত হ’ব ভোটগ্ৰহণ৷ উপ-নিৰ্বাচনত মুঠ ভোটাৰ ৭ লাখ ৯৬ হাজাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু