--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি চৰকাৰী চাকৰিয়াল নেকি? বা কোনো কোম্পানীত কৰ্মৰত নেকি? যদি হয় তেন্তে আপোনাৰ আশে-পাশে থকা সতীৰ্থজন টকলা নেকি জানি লওক। নহ’লে পৰিব পাৰে বিপদত। হয়,  কোনো ব্যক্তিৰ মূৰত চুলি নাথাকিব পাৰে। সেইবুলি কৰ্মক্ষেত্ৰত তেওঁক টকলা বুলি জোকাৱ নোৱাৰিব কোনেও।  যদি জোকায় তেন্তে এনে কাৰ্যক যৌন উৎপীড়ন হিচাপে গণ্য কৰা হ'ব। শেহতীয়াকৈ ব্ৰিটেইনৰ নিযুক্তি ন্যায়াধীকৰণে এই ৰায় প্ৰদান কৰিছে। ব্ৰিটেইনৰ নিযুক্তি ন্যায়াধীকৰণৰ এই ৰায়দানৰ পাছতে বিষয়টোক লৈ এতিয়া তুমুল চৰ্চা হৈছে। 

লক্ষ্যণীয় যে, টনী ফিন নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিতে নিযুক্তি ন্যায়াধিকৰণে এইকথা সদৰী কৰিছে। টনীয়ে ৱেষ্ট য়ৰ্কশায়াৰ অঞ্চলৰ এটা কোম্পানীৰ ইলেক্ট্ৰিচিয়ান হিচাপে নিযুক্ত আছিল। ২৪ বছৰ ধৰি কাম কৰি আহিছে তেওঁ। কিন্তু আশ্চৰ্যজনকভাৱে বিগত বৰ্ষৰ মে’ মাহত টনীক বৰ্খাস্ত কৰা হৈছিল কোম্পানীটোৰ পৰা। ইয়াৰ পাছতে কোম্পানী আৰু কোম্পানীৰ ছুপাৰভাইজাৰৰ বিৰুদ্ধে ন্যায়াধিকৰণৰ কাষ চাপে এইগৰাকী ব্ৰিটেইন নাগৰিকে।

টনীৰ অভিযোগ, ‘মই এটা যন্ত্ৰ ভাল কৰি আছিলো। যন্ত্ৰটো মই ঢাকি ৰাখিছিলো। কাৰণ, যন্ত্ৰটো ঠিক কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন আছিল। কিন্তু অলপ পিছত আহি দেখো, ছুপাৰভাইজাৰ জেমি কিং-এ যন্ত্ৰ ঢকা আৱৰণ আঁতৰাই দিয়ে। এই বিষয়ে তেওঁক সোধাত, তেওঁ মোক অকথ্য ভাষাৰে গালি-গালাজ কৰে। কথাৰ মাজতে মোক টকলা বুলিও কটাক্ষ কৰিছিল।’
 
জানিবলৈ পোৱা মতে, জেমি টনীতকৈ প্ৰায় ত্ৰিশ বছৰ সৰু। জেমিয়ে এনে মন্তব্যৰে গভীৰভাৱে অপমানিত কৰা বুলি ন্যায়াধিকৰণৰ ওচৰত অভিযোগ টনীৰ। অৱশ্যে, টনীৰ অভিযোগক মান্যতা দিছে ন্যায়াধীশ জনাথন ব্ৰেইনৰ নেতৃত্বত গঠিত ৩জনীয়া ন্যায়াধীকৰণে। ঘটনাৰ নেপথ্যৰ যুক্তি হিচাপে এটা পুৰণি ঘটনাৰ উদাহৰণ দিয়া হয়। সেই ঘটনাত এগৰাকী মহিলাৰ স্তনৰ ওপৰত মন্তব্য কৰা বাবে এজন যুৱকৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল। যদি এইটো শাৰীৰিক উৎপীড়ন আছিল, তেন্তে টনীৰ ক্ষেত্ৰতো এয়া এক শাৰিৰীক উৎপীড়ন বুলিয়েই সদৰী কৰিছে ন্যায়াধিকৰণে। সেয়েহে কৰ্মক্ষেত্ৰত টকলা ব্যক্তিক জোকালে এতিয়াৰে পৰা জৰিমনা পৰিশোধ কৰিবলগীয়া লাগিব বুলিও কয় ন্যায়াধীকৰণে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে