--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি চৰকাৰী চাকৰিয়াল নেকি? বা কোনো কোম্পানীত কৰ্মৰত নেকি? যদি হয় তেন্তে আপোনাৰ আশে-পাশে থকা সতীৰ্থজন টকলা নেকি জানি লওক। নহ’লে পৰিব পাৰে বিপদত। হয়,  কোনো ব্যক্তিৰ মূৰত চুলি নাথাকিব পাৰে। সেইবুলি কৰ্মক্ষেত্ৰত তেওঁক টকলা বুলি জোকাৱ নোৱাৰিব কোনেও।  যদি জোকায় তেন্তে এনে কাৰ্যক যৌন উৎপীড়ন হিচাপে গণ্য কৰা হ'ব। শেহতীয়াকৈ ব্ৰিটেইনৰ নিযুক্তি ন্যায়াধীকৰণে এই ৰায় প্ৰদান কৰিছে। ব্ৰিটেইনৰ নিযুক্তি ন্যায়াধীকৰণৰ এই ৰায়দানৰ পাছতে বিষয়টোক লৈ এতিয়া তুমুল চৰ্চা হৈছে। 

লক্ষ্যণীয় যে, টনী ফিন নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিতে নিযুক্তি ন্যায়াধিকৰণে এইকথা সদৰী কৰিছে। টনীয়ে ৱেষ্ট য়ৰ্কশায়াৰ অঞ্চলৰ এটা কোম্পানীৰ ইলেক্ট্ৰিচিয়ান হিচাপে নিযুক্ত আছিল। ২৪ বছৰ ধৰি কাম কৰি আহিছে তেওঁ। কিন্তু আশ্চৰ্যজনকভাৱে বিগত বৰ্ষৰ মে’ মাহত টনীক বৰ্খাস্ত কৰা হৈছিল কোম্পানীটোৰ পৰা। ইয়াৰ পাছতে কোম্পানী আৰু কোম্পানীৰ ছুপাৰভাইজাৰৰ বিৰুদ্ধে ন্যায়াধিকৰণৰ কাষ চাপে এইগৰাকী ব্ৰিটেইন নাগৰিকে।

টনীৰ অভিযোগ, ‘মই এটা যন্ত্ৰ ভাল কৰি আছিলো। যন্ত্ৰটো মই ঢাকি ৰাখিছিলো। কাৰণ, যন্ত্ৰটো ঠিক কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন আছিল। কিন্তু অলপ পিছত আহি দেখো, ছুপাৰভাইজাৰ জেমি কিং-এ যন্ত্ৰ ঢকা আৱৰণ আঁতৰাই দিয়ে। এই বিষয়ে তেওঁক সোধাত, তেওঁ মোক অকথ্য ভাষাৰে গালি-গালাজ কৰে। কথাৰ মাজতে মোক টকলা বুলিও কটাক্ষ কৰিছিল।’
 
জানিবলৈ পোৱা মতে, জেমি টনীতকৈ প্ৰায় ত্ৰিশ বছৰ সৰু। জেমিয়ে এনে মন্তব্যৰে গভীৰভাৱে অপমানিত কৰা বুলি ন্যায়াধিকৰণৰ ওচৰত অভিযোগ টনীৰ। অৱশ্যে, টনীৰ অভিযোগক মান্যতা দিছে ন্যায়াধীশ জনাথন ব্ৰেইনৰ নেতৃত্বত গঠিত ৩জনীয়া ন্যায়াধীকৰণে। ঘটনাৰ নেপথ্যৰ যুক্তি হিচাপে এটা পুৰণি ঘটনাৰ উদাহৰণ দিয়া হয়। সেই ঘটনাত এগৰাকী মহিলাৰ স্তনৰ ওপৰত মন্তব্য কৰা বাবে এজন যুৱকৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল। যদি এইটো শাৰীৰিক উৎপীড়ন আছিল, তেন্তে টনীৰ ক্ষেত্ৰতো এয়া এক শাৰিৰীক উৎপীড়ন বুলিয়েই সদৰী কৰিছে ন্যায়াধিকৰণে। সেয়েহে কৰ্মক্ষেত্ৰত টকলা ব্যক্তিক জোকালে এতিয়াৰে পৰা জৰিমনা পৰিশোধ কৰিবলগীয়া লাগিব বুলিও কয় ন্যায়াধীকৰণে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?