--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঢাকালৈ যাব বলীউড ছেনছেশ্যেন শিল্পী ছেট্টী। এটা বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে বাংলাদেশলৈ যাব তেওঁ। ৰাজধানীৰ ইন্টাৰকন্টিনেণ্টেল হোটেলৰ বলৰুমত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। মিৰ’ৰ আৰু মেক্স শ্বপাৰ্ছৰ উদ্যোগত বায়’জেন কচমেচিউটিকেলছে তিনিদিনীয়া বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে।

২৮ আৰু ২৯ জুলাইত অনুষ্ঠিত হ’ব প্ৰথম দুদিনীয়া অনুষ্ঠান ‘ঢাকা ফেশ্বন এণ্ড ফেব্ৰিক এক্সপ’ ২০২২’। ৩০ জুলাইত অনুষ্ঠিত হ’ব ‘বিজনেছ লীডাৰশ্বিপ এৱাৰ্ড ২০২২’।

দেশৰ বিভিন্ন উদ্যোগৰ মনোনয়নৰ জৰিয়তে ‘বিজনেছ লীডাৰশ্বিপ এৱাৰ্ড ২০২২’ প্ৰদান কৰা হ’ব।  জানিব পৰা মতে, ৩০ জুলাইৰ দুপৰীয়া শিল্পাই অনুষ্ঠানত অংশ ল’বলৈ ঢাকাত উপস্থিত হোৱাৰ কথা আছে। পিছদিনা তেওঁ ঢাকা এৰি ভাৰত অভিমুখে ৰাওনা হোৱাৰ কথা।

এটা ভিডিঅ’ মেছেজযোগে ঢাকাত উপস্থিত হোৱা কথাটো সন্দৰ্ভত কয়, ‘ঢাকাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলৈ মই আগ্ৰহী। আপোনালোক সকলোকে দেখা পাম বুলি আশা কৰিলোঁ। ’

ইয়াৰ পূৰ্বে ২০১৬ চনত ঢাকালৈ আহিছিল শিল্পা ছেট্টী। সেই সময়ত তেওঁ ‘পেচন ফৰ ফেশ্বন’ নামৰ এটা ফেশ্বন শ্ব’ত অংশ লৈছিল। ৭ বছৰৰ মূৰত পুনৰ বাংলাদেশলৈ আহিবলৈ পাই স্বাভাৱিকতে সুখী হৈ পৰিছে শিল্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান