--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বিয়াত অলপ আনন্দ-ফূৰ্তি কৰিবলৈ সকলোৰে মন যায়। কিন্তু সকলো বস্তুৰে এক সীমা থাকে। এজন দৰাই নিজৰ বিয়াত বন্ধু-বান্ধৱৰ সৈতে মিলি ইমানেই নাচ-গানত মতলীয়া হৈ পৰিল যে সেই কথাই তেওঁৰ জীৱনলৈ মাতি আনিলে বিপদ। কইনা নিবলৈ আহি বন্ধুৰ লগত দৰাই হুলস্থুল কৰা দেখি কইনাৰ উঠিল বৰ খং। ঘটনা অনুসৰি দৰা মহাবীৰ জাটে কইনা মঞ্জুক নিবৰ বাবে কইনাঘৰত উপস্থিত হয়হি। বৰযাত্ৰী হিচাপে আহিছিল ১৫০ৰো অধিক লোক। 

দৰাযাত্ৰী নিশা ৯ বজাতে কইনা ঘৰলৈ ৰাওনা হয় কিন্তু ডিজেৰ সুৰ আৰু সুৰাৰ ৰঙীন মাদকতাত বিলীন হৈ নিশা ১ বজালৈকে নচাত ব্যস্ত হৈ থাকিল তেওঁলোক। ৰাতি ২ বজালৈকে যেতিয়া দৰা আহি মণ্ডপ নাপালে তেতিয়া কইনাঘৰত খং উঠিবলৈ ধৰিলে কাৰণ বিবাহৰ ৰীতি-নীতিবোৰ কৰিব পৰা নাছিল। ইয়াৰ বাবেই কইনাৰ ফালৰ মানুহবোৰৰ উঠিল ভীষণ খং। নিশা ১:১৫ বজাত আছিল সাত ফেৰেৰ সময়। দৰা সময়মতে আহি উপস্থিত নোহোৱাত সেই সময় উকলি গৈছিল।
 
২ বজাত দৰা আহি উপস্থিত হোৱাত কইনাৰ পক্ষ বিতুষ্ট হৈ উঠে। যেতিয়া কইনাপক্ষই দৰাযাত্ৰীসকলক হুলস্থুল বন্ধ কৰিবলৈ ক’লে, তেতিয়া দুয়ো পক্ষৰ মাজত কাজিয়া হ’ল। ইয়াৰ পাছত কইনা আৰু তেওঁৰ পৰিয়ালে আন এজন ল’ৰাৰ লগত বিয়া কৰোৱাৰ সিদ্ধান্ত লয়। ৰাতি একেটা মণ্ডপতে কইনাৰ আত্মীয়ই কইনাক আন এজন ল’ৰাৰ লগত বিয়া কৰাই দিলে। দৰাযাত্ৰীক লৈ খালী হাতেৰে অহা বাটে উভতি যায় দৰা মহাবীৰ জাট। ইয়াৰপাছত দৰা আৰু তেওঁৰ আত্মীয় আৰক্ষী থানাত উপস্থিত হয়। কইনাপক্ষই কয় যে সাত ফেৰে লোৱাৰ সময়তো যদি দৰা ইমান অসাৱধান তেন্তে ভৱিষ্যতে এনে মানুহে কেনেদৰে সম্পৰ্ক বজাই ৰাখিব? অৱশ্যে দুয়োপক্ষকে পৰামৰ্শ দিয়ে আৰক্ষীয়ে। ইয়াৰ পিছতে দুয়োপক্ষই পাৰিবাৰিক কাৰণ উল্লেখ কৰি বিবাহ বাতিলৰ বাবে লিখিতভাৱে আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাত।






 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন