--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ বিয়াত অলপ আনন্দ-ফূৰ্তি কৰিবলৈ সকলোৰে মন যায়। কিন্তু সকলো বস্তুৰে এক সীমা থাকে। এজন দৰাই নিজৰ বিয়াত বন্ধু-বান্ধৱৰ সৈতে মিলি ইমানেই নাচ-গানত মতলীয়া হৈ পৰিল যে সেই কথাই তেওঁৰ জীৱনলৈ মাতি আনিলে বিপদ। কইনা নিবলৈ আহি বন্ধুৰ লগত দৰাই হুলস্থুল কৰা দেখি কইনাৰ উঠিল বৰ খং। ঘটনা অনুসৰি দৰা মহাবীৰ জাটে কইনা মঞ্জুক নিবৰ বাবে কইনাঘৰত উপস্থিত হয়হি। বৰযাত্ৰী হিচাপে আহিছিল ১৫০ৰো অধিক লোক। 

দৰাযাত্ৰী নিশা ৯ বজাতে কইনা ঘৰলৈ ৰাওনা হয় কিন্তু ডিজেৰ সুৰ আৰু সুৰাৰ ৰঙীন মাদকতাত বিলীন হৈ নিশা ১ বজালৈকে নচাত ব্যস্ত হৈ থাকিল তেওঁলোক। ৰাতি ২ বজালৈকে যেতিয়া দৰা আহি মণ্ডপ নাপালে তেতিয়া কইনাঘৰত খং উঠিবলৈ ধৰিলে কাৰণ বিবাহৰ ৰীতি-নীতিবোৰ কৰিব পৰা নাছিল। ইয়াৰ বাবেই কইনাৰ ফালৰ মানুহবোৰৰ উঠিল ভীষণ খং। নিশা ১:১৫ বজাত আছিল সাত ফেৰেৰ সময়। দৰা সময়মতে আহি উপস্থিত নোহোৱাত সেই সময় উকলি গৈছিল।
 
২ বজাত দৰা আহি উপস্থিত হোৱাত কইনাৰ পক্ষ বিতুষ্ট হৈ উঠে। যেতিয়া কইনাপক্ষই দৰাযাত্ৰীসকলক হুলস্থুল বন্ধ কৰিবলৈ ক’লে, তেতিয়া দুয়ো পক্ষৰ মাজত কাজিয়া হ’ল। ইয়াৰ পাছত কইনা আৰু তেওঁৰ পৰিয়ালে আন এজন ল’ৰাৰ লগত বিয়া কৰোৱাৰ সিদ্ধান্ত লয়। ৰাতি একেটা মণ্ডপতে কইনাৰ আত্মীয়ই কইনাক আন এজন ল’ৰাৰ লগত বিয়া কৰাই দিলে। দৰাযাত্ৰীক লৈ খালী হাতেৰে অহা বাটে উভতি যায় দৰা মহাবীৰ জাট। ইয়াৰপাছত দৰা আৰু তেওঁৰ আত্মীয় আৰক্ষী থানাত উপস্থিত হয়। কইনাপক্ষই কয় যে সাত ফেৰে লোৱাৰ সময়তো যদি দৰা ইমান অসাৱধান তেন্তে ভৱিষ্যতে এনে মানুহে কেনেদৰে সম্পৰ্ক বজাই ৰাখিব? অৱশ্যে দুয়োপক্ষকে পৰামৰ্শ দিয়ে আৰক্ষীয়ে। ইয়াৰ পিছতে দুয়োপক্ষই পাৰিবাৰিক কাৰণ উল্লেখ কৰি বিবাহ বাতিলৰ বাবে লিখিতভাৱে আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাত।






 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ