--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কুটুব মিনাৰ সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়া টু়ডে’ই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ এখন বিৰল প্ৰতিবেদন পোহৰলৈ আনিছে। ১৮৭১-৭২ চনতে ভাৰতীয় পুৰাতত্ত্ব বিভাগে তেওঁলোকৰ এখন প্ৰতিবেদনত কুটুব মিনাৰ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, কুটুব মিনাৰত থকা মছজিদ নিৰ্মাণ কৰা হৈছিল মন্দিৰৰ ভূমিত। পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ড০ অমৰেন্দ্ৰ নাথে এই পুৰণি নথি সম্পৰ্কত মন্তব্য কৰিছে যে, এই নথিত সন্নিৱিষ্ট তথ্য সম্পূৰ্ণ সত্য।  

উল্লেখ্য যে, জ্ঞানবাপী মছজিদ বিতৰ্কই দেশত ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়তে কুটুব মিনাৰক লৈও বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ধৰ্মবীৰ শৰ্মাই দাবী কৰিছিল যে, কুটুব মিনাৰ নিৰ্মাণ কৰিছিল হিন্দু শাসক ৰজা বিক্ৰমাদিত্যই। আমি বিশ্বাস কৰি অহাৰ দৰে কুটুব আল দিন আইবাকে এই কৃতিচিহ্ন নিৰ্মাণ কৰা নাছিল। সূৰ্যৰ গতিবিধি নিৰীক্ষণৰ বাবে এই মিনাৰ নিৰ্মাণ কৰা হৈছিল বুলি দাবী কৰা হৈছিল।

এই দাবী তথা ভালেমান হিন্দু সংগঠনৰ প্ৰতিবাদৰ মাজতে ‘ইণ্ডিয়া টুডে’ই পোহৰলৈ অনা তথ্যক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। সংবাদ প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি কুটুব মিনাৰ সম্পৰ্কীয় এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল জে ডি বেগলাৰ আৰু এচিএল কাৰ্লাইলে। ১৮৭১-৭২ চনত ছাৰ আলেকজেণ্ডাৰ কানিংহামৰ তত্ত্বৱধানত অধ্যয়ন চলাই এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। কানিংহাম আছিল ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠানক মুৰব্বী। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, কুটুব মিনাৰত থকা মছজিদ নিৰ্মাণ কৰা হৈছিল মন্দিৰৰ ভূমিত। কিয়নো এই মছজিদৰ ভেটিৰ গাঁঠনি আছিল অতি পুৰণি আৰু তাত পূৰ্বে এটা মন্দিৰ থকাৰ প্ৰমাণ আছিল। প্ৰতিবেদন সম্পৰ্কত এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰে ড০ অমৰেন্দ্ৰ নাথে।

নাথে এই খননকাৰ্যৰ সবিশেষ প্ৰকাশ কৰি কয় যে, খনন সময়ত তিনিটা মূল স্তৰ দৃষ্টিগোচৰ হৈছিল। ইয়াৰ ভিতৰত মছজিদটো আছিল আটাইতকৈ শীৰ্ষ স্তৰ। এই মছজিদ ধ্বংস্তুপৰ ওপৰত নিৰ্মাণ কৰাৰ প্ৰমাণ লাভ কৰা গৈছিল। নাথে লগতে কয় যে, কীৰ্তিচিহ্নটোত ব্যৱহাৰ কৰা প্ৰাচীন ধাতুৰ স্তম্ভবোৰক ‘গৰুডা পিলাৰ’ বুলি জনা গৈছিল। আৰু এইবোৰ পঞ্চম শতিকাৰে পৰা দেখিবলৈ পোৱা গৈছিল। তেওঁ কয়, ‘গৰুডা পিলাৰ’ সম্পৰ্কত ভালেমান অনুসন্ধান কৰা হৈছে কিন্তু কেৱল তাতেই এই পিলাৰৰ প্ৰতিভাত হৈ আছে। কুটুব মিনাৰৰ ধাতুৰ স্তম্ভবোৰ ‘গৰুডা পিলাৰে’ই আছিল বুলি নিশ্চয়কৈ ক’ব পাৰি। 

তদুপৰি ক’লা শিলেৰে নিৰ্মাণ কৰা বিষ্ণু আৰু লক্ষ্মীৰ দৰে দেৱ-দেৱীৰ মূৰ্তি তাত উদ্ধাৰ হৈছিল আৰু এইবোৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত ৰখা হৈছে। পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালকগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, এই মূৰ্তিসমূহ প্ৰথম শতিকাৰে হোৱাৰ সম্ভাৱনা আছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস