--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কুটুব মিনাৰ সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়া টু়ডে’ই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ এখন বিৰল প্ৰতিবেদন পোহৰলৈ আনিছে। ১৮৭১-৭২ চনতে ভাৰতীয় পুৰাতত্ত্ব বিভাগে তেওঁলোকৰ এখন প্ৰতিবেদনত কুটুব মিনাৰ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ তথ্য সন্নিৱিষ্ট কৰিছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, কুটুব মিনাৰত থকা মছজিদ নিৰ্মাণ কৰা হৈছিল মন্দিৰৰ ভূমিত। পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ড০ অমৰেন্দ্ৰ নাথে এই পুৰণি নথি সম্পৰ্কত মন্তব্য কৰিছে যে, এই নথিত সন্নিৱিষ্ট তথ্য সম্পূৰ্ণ সত্য।  

উল্লেখ্য যে, জ্ঞানবাপী মছজিদ বিতৰ্কই দেশত ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়তে কুটুব মিনাৰক লৈও বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালক ধৰ্মবীৰ শৰ্মাই দাবী কৰিছিল যে, কুটুব মিনাৰ নিৰ্মাণ কৰিছিল হিন্দু শাসক ৰজা বিক্ৰমাদিত্যই। আমি বিশ্বাস কৰি অহাৰ দৰে কুটুব আল দিন আইবাকে এই কৃতিচিহ্ন নিৰ্মাণ কৰা নাছিল। সূৰ্যৰ গতিবিধি নিৰীক্ষণৰ বাবে এই মিনাৰ নিৰ্মাণ কৰা হৈছিল বুলি দাবী কৰা হৈছিল।

এই দাবী তথা ভালেমান হিন্দু সংগঠনৰ প্ৰতিবাদৰ মাজতে ‘ইণ্ডিয়া টুডে’ই পোহৰলৈ অনা তথ্যক লৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। সংবাদ প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি কুটুব মিনাৰ সম্পৰ্কীয় এই প্ৰতিবেদন প্ৰস্তুত কৰিছিল জে ডি বেগলাৰ আৰু এচিএল কাৰ্লাইলে। ১৮৭১-৭২ চনত ছাৰ আলেকজেণ্ডাৰ কানিংহামৰ তত্ত্বৱধানত অধ্যয়ন চলাই এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। কানিংহাম আছিল ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠানক মুৰব্বী। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, কুটুব মিনাৰত থকা মছজিদ নিৰ্মাণ কৰা হৈছিল মন্দিৰৰ ভূমিত। কিয়নো এই মছজিদৰ ভেটিৰ গাঁঠনি আছিল অতি পুৰণি আৰু তাত পূৰ্বে এটা মন্দিৰ থকাৰ প্ৰমাণ আছিল। প্ৰতিবেদন সম্পৰ্কত এই তথ্য সংবাদ মাধ্যমৰ আগত সদৰি কৰে ড০ অমৰেন্দ্ৰ নাথে।

নাথে এই খননকাৰ্যৰ সবিশেষ প্ৰকাশ কৰি কয় যে, খনন সময়ত তিনিটা মূল স্তৰ দৃষ্টিগোচৰ হৈছিল। ইয়াৰ ভিতৰত মছজিদটো আছিল আটাইতকৈ শীৰ্ষ স্তৰ। এই মছজিদ ধ্বংস্তুপৰ ওপৰত নিৰ্মাণ কৰাৰ প্ৰমাণ লাভ কৰা গৈছিল। নাথে লগতে কয় যে, কীৰ্তিচিহ্নটোত ব্যৱহাৰ কৰা প্ৰাচীন ধাতুৰ স্তম্ভবোৰক ‘গৰুডা পিলাৰ’ বুলি জনা গৈছিল। আৰু এইবোৰ পঞ্চম শতিকাৰে পৰা দেখিবলৈ পোৱা গৈছিল। তেওঁ কয়, ‘গৰুডা পিলাৰ’ সম্পৰ্কত ভালেমান অনুসন্ধান কৰা হৈছে কিন্তু কেৱল তাতেই এই পিলাৰৰ প্ৰতিভাত হৈ আছে। কুটুব মিনাৰৰ ধাতুৰ স্তম্ভবোৰ ‘গৰুডা পিলাৰে’ই আছিল বুলি নিশ্চয়কৈ ক’ব পাৰি। 

তদুপৰি ক’লা শিলেৰে নিৰ্মাণ কৰা বিষ্ণু আৰু লক্ষ্মীৰ দৰে দেৱ-দেৱীৰ মূৰ্তি তাত উদ্ধাৰ হৈছিল আৰু এইবোৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত ৰখা হৈছে। পুৰাতত্ত্ব বিভাগৰ প্ৰাক্তন সঞ্চালকগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, এই মূৰ্তিসমূহ প্ৰথম শতিকাৰে হোৱাৰ সম্ভাৱনা আছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন