--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনালৈকে তেওঁ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত দপদপাই আছিল৷ কিন্তু আজি তেওঁ কাৰাবন্দী৷ অবৈধভাবে ধনৰ সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত হৈ তেওঁ এতিয়া বন্দী তিহাৰ কাৰাগাৰত৷ কাৰাগাৰত থকাৰ পিছতো ইটোৰ পিছত সিটোকৈ নতুন অভিযোগে বেৰি ধৰিছে তেওঁক৷ তেওঁ চিত্ৰা ৰামকৃষ্ণ৷ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা ৰামকৃষ্ণক শেহতীয়াকৈ এনফোৰ্চমেণ্ট সঞ্চালকালয়ে কাৰাগাৰৰ ভিতৰতে পুনৰ জেৰা চলাইছে৷

ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ (এনএছই) প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চিত্ৰ ৰামকৃষ্ণক অবৈধ ধন সৰবৰাহ গোচৰ সন্দৰ্ভত সোধা-পোছা কৰিছে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে৷ উল্লেখ্য মাৰ্চ মাহত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ গ্ৰেপ্তাৰ কৰা ৰামকৃষ্ণক আদালতৰ অনুমতিৰ পিছত কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰে এনফোৰ্চমেণ্ট সঞ্চালকালয়ৰ বিষয়াসকলে। ইডিয়ে ২০১৮ চনৰ চিবিএলৰ প্ৰতিবেদনৰ কেতবোৰ তথ্যৰ ভিত্তিতে  মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত গোচৰটোৰ তদন্ত কৰি আছে। সংস্থাটোৱে একেটা গোচৰতে ২০২১ চনৰ  জানুৱাৰী মাহত অ'পিজি চিকিউৰিটিজ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ  সঞ্জয় গুপ্তাৰ ৩৯ কোটি টকাৰ সম্পত্তিও জব্দ কৰিছিল। 

যোৱা মাহত, ইডিয়ে এনএছইৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাৰায়ণ , প্ৰাক্তন মুখ্য প্ৰযুক্তি বিষয়া উমেশ জৈন আৰু ৰবি আপ্তেকো গোচৰটো সন্দৰ্ভত  জেৰা কৰিছিল৷ । অনুসন্ধানকাৰী সংস্থাটোৰ মতে অ'পিজি চিকিউৰিটিজে ২০১০ আৰু ২০১৪ চনৰ ভিতৰত এনএছইৰ চাৰ্ভাৰ আৰ্কিটেকচাৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই সুবিধাৰ সুবাদতে প্ৰতিষ্ঠানটোৱে চাৰ্ভাৰত লগ ইন কৰি ডাটাৰ হেৰফেৰেৰে আবৈধ ভাবে ধনৰ সৰবৰাহ কৰিছিল৷ চিবিআইয়ে সমগ্ৰ বিষয়টোৰ  তদন্ত কৰি আছে আৰু শেহতীয়াকৈ  কমেও ১২ জন লোকৰ সম্পত্তিত অভিযান চলাইছে৷
। যোৱা মাহত ৰামকৃষ্ণ আৰু এনএছইৰ প্ৰাক্তন গোট সঞ্চালন বিষয়া আনন্দ সুব্ৰমনিয়ামৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা অভিযোগত কোৱা হৈছিল যে  এন.এছ.ই.-ৰ একাংশ বিষয়াই অবৈধ ধনৰ সৰহৰাহত অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিছিল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন