--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনালৈকে তেওঁ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত দপদপাই আছিল৷ কিন্তু আজি তেওঁ কাৰাবন্দী৷ অবৈধভাবে ধনৰ সৰবৰাহ কৰাৰ অভিযোগত অভিযুক্ত হৈ তেওঁ এতিয়া বন্দী তিহাৰ কাৰাগাৰত৷ কাৰাগাৰত থকাৰ পিছতো ইটোৰ পিছত সিটোকৈ নতুন অভিযোগে বেৰি ধৰিছে তেওঁক৷ তেওঁ চিত্ৰা ৰামকৃষ্ণ৷ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা ৰামকৃষ্ণক শেহতীয়াকৈ এনফোৰ্চমেণ্ট সঞ্চালকালয়ে কাৰাগাৰৰ ভিতৰতে পুনৰ জেৰা চলাইছে৷

ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ (এনএছই) প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া চিত্ৰ ৰামকৃষ্ণক অবৈধ ধন সৰবৰাহ গোচৰ সন্দৰ্ভত সোধা-পোছা কৰিছে এনফোৰ্চমেণ্ট সঞ্চালকালয়ে৷ উল্লেখ্য মাৰ্চ মাহত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই-এ গ্ৰেপ্তাৰ কৰা ৰামকৃষ্ণক আদালতৰ অনুমতিৰ পিছত কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰে এনফোৰ্চমেণ্ট সঞ্চালকালয়ৰ বিষয়াসকলে। ইডিয়ে ২০১৮ চনৰ চিবিএলৰ প্ৰতিবেদনৰ কেতবোৰ তথ্যৰ ভিত্তিতে  মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত গোচৰটোৰ তদন্ত কৰি আছে। সংস্থাটোৱে একেটা গোচৰতে ২০২১ চনৰ  জানুৱাৰী মাহত অ'পিজি চিকিউৰিটিজ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰ  সঞ্জয় গুপ্তাৰ ৩৯ কোটি টকাৰ সম্পত্তিও জব্দ কৰিছিল। 

যোৱা মাহত, ইডিয়ে এনএছইৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰবি নাৰায়ণ , প্ৰাক্তন মুখ্য প্ৰযুক্তি বিষয়া উমেশ জৈন আৰু ৰবি আপ্তেকো গোচৰটো সন্দৰ্ভত  জেৰা কৰিছিল৷ । অনুসন্ধানকাৰী সংস্থাটোৰ মতে অ'পিজি চিকিউৰিটিজে ২০১০ আৰু ২০১৪ চনৰ ভিতৰত এনএছইৰ চাৰ্ভাৰ আৰ্কিটেকচাৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই সুবিধাৰ সুবাদতে প্ৰতিষ্ঠানটোৱে চাৰ্ভাৰত লগ ইন কৰি ডাটাৰ হেৰফেৰেৰে আবৈধ ভাবে ধনৰ সৰবৰাহ কৰিছিল৷ চিবিআইয়ে সমগ্ৰ বিষয়টোৰ  তদন্ত কৰি আছে আৰু শেহতীয়াকৈ  কমেও ১২ জন লোকৰ সম্পত্তিত অভিযান চলাইছে৷
। যোৱা মাহত ৰামকৃষ্ণ আৰু এনএছইৰ প্ৰাক্তন গোট সঞ্চালন বিষয়া আনন্দ সুব্ৰমনিয়ামৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা অভিযোগত কোৱা হৈছিল যে  এন.এছ.ই.-ৰ একাংশ বিষয়াই অবৈধ ধনৰ সৰহৰাহত অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিছিল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস