--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী ঠক্কৰ আৰু এই পৃথিৱীত নাই। আত্মহত্যা কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে বৈশালীয়ে। দীৰ্ঘদিন ধৰি ইন্দোৰত বসবাস কৰি থকা অভিনেত্ৰীগৰাকীয়ে নিজৰ ইন্দোৰৰ ঘৰতে আত্মহত্যা কৰিছিল। প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভাল বন্ধু আছিল বৈশালী। সুশান্ত আৰু বৈশালীৰ এখন ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। অভিনেতাজনৰ মৃত্যুক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিল বৈশালীয়ে। তেওঁ লগতে কৈছিল যে সুশান্ত সিং ৰাজপুতৰ প্ৰকৃত হত্যাকাৰী ৰিয়া চক্ৰৱৰ্তীৰ আঁৰত লুকাই আছে।

সুশান্তৰ মৃত্যুত ভাঙি পৰিছিল বৈশালী। ২০২০ বৰ্ষত বন্ধু সুশান্ত সিং ৰাজপুতক হেৰুৱাই মনৰ দুখত ভাঙি পৰা বৈশালী ঠক্কৰে ছ’চিয়েল মিডিয়াত কেইবাটাও প’ষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছিল। বৈশালীয়ে বিশ্বাস কৰিব পৰা নাছিল যে সুশান্তই এই পৃথিৱী এৰি থৈ গুচি গৈছে।

সুশান্তৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি বৈশালীয়ে লিখিছিল, ‘নাই নাই নাই, মোৰ কান্দোন বন্ধ হোৱা নাই। সুশান্ত আছিল এজন সুন্দৰ ব্যক্তি আৰু অভিনেতা। মই ভাবিছিলো আমি সদায় বন্ধু হৈ থাকিম। সুশান্ত কিয়...কিয় এনে হ’ল?’’ 

সুশান্তৰ মৃত্যুত সম্পূৰ্ণৰূপে ভাঙি পৰা বৈশালীয়ে একেৰাহে কেইবাদিনো সুশান্তৰ হৈ টুইট কৰিছিল। বৈশালী ঠক্কৰে এক সাক্ষাৎকাৰৰ সময়ত সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ কৈছিল, ‘‘মৃত্যুৰ অলপ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা সুশান্তৰ মৃতদেহৰ ছবিও মোৰ লগত আছিল। কিন্তু মই তেওঁৰ ফালে চাবলৈ সাহস কৰা নাছিলোঁ। তেওঁৰ মৃত্যুত মই ইমানেই বিচলিত হৈ পৰিছিলো যে একেৰাহে দুই-তিনিদিন কান্দিলোঁ। এই কথা মই একেবাৰে মানি ল’ব পৰা নাছিলোঁ।’’

দুবছৰ আগতে বৈশালীৰ একেবাৰেই ধাৰণা নাছিল যে তেওঁৰ জীৱনতো কেতিয়াবা এনেকুৱা হ’ব আৰু তেওঁ হঠাতে এই পৃথিৱীখন এৰি গুচি যাব। বৈশালীৰ আত্মহত্যাৰ খবৰ পোহৰলৈ অহাৰ পিছতে তেওঁৰ ক্ল’জ ফ্ৰেণ্ড আৰু অনুৰাগীসকল দুখত ভাগি পৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি