--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী ঠক্কৰ আৰু এই পৃথিৱীত নাই। আত্মহত্যা কৰি এই পৃথিৱীৰ পৰা বিদায় মাগিলে বৈশালীয়ে। দীৰ্ঘদিন ধৰি ইন্দোৰত বসবাস কৰি থকা অভিনেত্ৰীগৰাকীয়ে নিজৰ ইন্দোৰৰ ঘৰতে আত্মহত্যা কৰিছিল। প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ভাল বন্ধু আছিল বৈশালী। সুশান্ত আৰু বৈশালীৰ এখন ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। অভিনেতাজনৰ মৃত্যুক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছিল বৈশালীয়ে। তেওঁ লগতে কৈছিল যে সুশান্ত সিং ৰাজপুতৰ প্ৰকৃত হত্যাকাৰী ৰিয়া চক্ৰৱৰ্তীৰ আঁৰত লুকাই আছে।

সুশান্তৰ মৃত্যুত ভাঙি পৰিছিল বৈশালী। ২০২০ বৰ্ষত বন্ধু সুশান্ত সিং ৰাজপুতক হেৰুৱাই মনৰ দুখত ভাঙি পৰা বৈশালী ঠক্কৰে ছ’চিয়েল মিডিয়াত কেইবাটাও প’ষ্ট শ্বেয়াৰ কৰি শোক প্ৰকাশ কৰিছিল। বৈশালীয়ে বিশ্বাস কৰিব পৰা নাছিল যে সুশান্তই এই পৃথিৱী এৰি থৈ গুচি গৈছে।

সুশান্তৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি বৈশালীয়ে লিখিছিল, ‘নাই নাই নাই, মোৰ কান্দোন বন্ধ হোৱা নাই। সুশান্ত আছিল এজন সুন্দৰ ব্যক্তি আৰু অভিনেতা। মই ভাবিছিলো আমি সদায় বন্ধু হৈ থাকিম। সুশান্ত কিয়...কিয় এনে হ’ল?’’ 

সুশান্তৰ মৃত্যুত সম্পূৰ্ণৰূপে ভাঙি পৰা বৈশালীয়ে একেৰাহে কেইবাদিনো সুশান্তৰ হৈ টুইট কৰিছিল। বৈশালী ঠক্কৰে এক সাক্ষাৎকাৰৰ সময়ত সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ কৈছিল, ‘‘মৃত্যুৰ অলপ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা সুশান্তৰ মৃতদেহৰ ছবিও মোৰ লগত আছিল। কিন্তু মই তেওঁৰ ফালে চাবলৈ সাহস কৰা নাছিলোঁ। তেওঁৰ মৃত্যুত মই ইমানেই বিচলিত হৈ পৰিছিলো যে একেৰাহে দুই-তিনিদিন কান্দিলোঁ। এই কথা মই একেবাৰে মানি ল’ব পৰা নাছিলোঁ।’’

দুবছৰ আগতে বৈশালীৰ একেবাৰেই ধাৰণা নাছিল যে তেওঁৰ জীৱনতো কেতিয়াবা এনেকুৱা হ’ব আৰু তেওঁ হঠাতে এই পৃথিৱীখন এৰি গুচি যাব। বৈশালীৰ আত্মহত্যাৰ খবৰ পোহৰলৈ অহাৰ পিছতে তেওঁৰ ক্ল’জ ফ্ৰেণ্ড আৰু অনুৰাগীসকল দুখত ভাগি পৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?