--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ আত্মহত্যা কৰি মনোৰঞ্জন জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে বিখ্যাত টিভি অভিনেত্ৰী বৈশালীয়ে। মাত্ৰ ৩০ বছৰ বয়সত বৈশালীয়ে নিজৰ জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে এনে বহু টিভি ষ্টাৰ আছে যি সফল হোৱাৰ পাছতো নিজৰ জীৱনৰ পৰা বিৰক্ত হৈ প্ৰাণ ত্যাগ কৰিছিল। সুশান্ত সিং ৰাজপুত, বৈশালী ঠক্কৰ আদি তাৰকাই আত্মহত্যা কৰিছিল। জানো আহক

 বৈশালী ঠাক্কৰ :-‘ইয়ে ৰিষ্ট ক্যা কেহলাতা হায়’ৰ তাৰকা আছিল বৈশালী ঠক্কৰ। আত্মহত্যাৰ পূৰ্বে বৈশালী ঠক্কৰে লিখিছিল এখন ছুইচাইড নোট। এংগেজমেণ্ট ভঙাৰ শোকত আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে।

 সুশান্ত সিং ৰাজপুত :-সুশান্ত সিং ৰাজপুতে ২০২০ চনৰ ১৪ জুনত আত্মহত্যা কৰিছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বলীউডৰ পৰিছিল এক শোকৰ ছাঁ আৰু তেওঁৰ অনুগামীসকলে দাবী কৰিছিল যে সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে। এই গোচৰৰ বাবে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী সন্দেহৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ৩৪ বছৰ বয়সত সুশান্তই এই পৃথিৱী ত্যাগ কৰে।

 প্ৰত্যুষা বেনাৰ্জী :-সৰু পৰ্দাৰ ‘বড়ী আনন্দী’ প্ৰত্যুষা বেনাৰ্জীয়ে ২০১৬ চনৰ এপ্ৰিল মাহত আত্মহত্যা কৰিছিল। প্ৰত্যুষা বেনাৰ্জীয়ে ২৪ বছৰ বয়সতে আত্মহত্যাৰ দৰে সিদ্ধান্ত লয়। প্ৰত্যুষা বেনাৰ্জীয়ে প্ৰেমিকক লৈ বিৰক্ত হৈ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

 সমীৰ শৰ্মা :-‘কাহানী ঘৰ ঘৰ কি’, ‘ইছ প্যাৰ কো ক্যা নাম ডুন’, ‘য়েহ ঋষ্টে হেইন প্যায়াৰ কে’ আদি অনুষ্ঠানত কাম কৰা সমীৰ শৰ্মাক নিজৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। সন্দেহ কৰা হৈছে যে সমীৰ শৰ্মাই আত্মহত্যা কৰিছিল। ৪৪ বছৰ বয়সত তেওঁ নিজৰ জীৱনটো ত্যাগ কৰে। কিন্তু সমীৰ শৰ্মাই কিয় আত্মহত্যা কৰিছিল সেই কথা আজিপৰ্যন্ত জানিব পৰা হোৱা নাই।

কুশল পাঞ্জাবী :-পাৰিবাৰিক বিবাদৰ বাবেই কুশল পাঞ্জাবীয়ে আত্মহত্যা কৰে বুলি সন্দহে কৰিছে। ২০১৯ চনৰ ২৭ ডিচেম্বৰত কুশল পাঞ্জাবীৰ মৃতদেহ তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। এই খবৰটোৱে সমগ্ৰ টিভি জগতখনক জোকাৰি গ’ল। কুশলে পাঞ্জাবীয়ে যেতিয়া আত্মহত্যা কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি