--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ আত্মহত্যা কৰি মনোৰঞ্জন জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে বিখ্যাত টিভি অভিনেত্ৰী বৈশালীয়ে। মাত্ৰ ৩০ বছৰ বয়সত বৈশালীয়ে নিজৰ জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে এনে বহু টিভি ষ্টাৰ আছে যি সফল হোৱাৰ পাছতো নিজৰ জীৱনৰ পৰা বিৰক্ত হৈ প্ৰাণ ত্যাগ কৰিছিল। সুশান্ত সিং ৰাজপুত, বৈশালী ঠক্কৰ আদি তাৰকাই আত্মহত্যা কৰিছিল। জানো আহক

 বৈশালী ঠাক্কৰ :-‘ইয়ে ৰিষ্ট ক্যা কেহলাতা হায়’ৰ তাৰকা আছিল বৈশালী ঠক্কৰ। আত্মহত্যাৰ পূৰ্বে বৈশালী ঠক্কৰে লিখিছিল এখন ছুইচাইড নোট। এংগেজমেণ্ট ভঙাৰ শোকত আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে।

 সুশান্ত সিং ৰাজপুত :-সুশান্ত সিং ৰাজপুতে ২০২০ চনৰ ১৪ জুনত আত্মহত্যা কৰিছিল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বলীউডৰ পৰিছিল এক শোকৰ ছাঁ আৰু তেওঁৰ অনুগামীসকলে দাবী কৰিছিল যে সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে। এই গোচৰৰ বাবে সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী সন্দেহৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ৩৪ বছৰ বয়সত সুশান্তই এই পৃথিৱী ত্যাগ কৰে।

 প্ৰত্যুষা বেনাৰ্জী :-সৰু পৰ্দাৰ ‘বড়ী আনন্দী’ প্ৰত্যুষা বেনাৰ্জীয়ে ২০১৬ চনৰ এপ্ৰিল মাহত আত্মহত্যা কৰিছিল। প্ৰত্যুষা বেনাৰ্জীয়ে ২৪ বছৰ বয়সতে আত্মহত্যাৰ দৰে সিদ্ধান্ত লয়। প্ৰত্যুষা বেনাৰ্জীয়ে প্ৰেমিকক লৈ বিৰক্ত হৈ আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

 সমীৰ শৰ্মা :-‘কাহানী ঘৰ ঘৰ কি’, ‘ইছ প্যাৰ কো ক্যা নাম ডুন’, ‘য়েহ ঋষ্টে হেইন প্যায়াৰ কে’ আদি অনুষ্ঠানত কাম কৰা সমীৰ শৰ্মাক নিজৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। সন্দেহ কৰা হৈছে যে সমীৰ শৰ্মাই আত্মহত্যা কৰিছিল। ৪৪ বছৰ বয়সত তেওঁ নিজৰ জীৱনটো ত্যাগ কৰে। কিন্তু সমীৰ শৰ্মাই কিয় আত্মহত্যা কৰিছিল সেই কথা আজিপৰ্যন্ত জানিব পৰা হোৱা নাই।

কুশল পাঞ্জাবী :-পাৰিবাৰিক বিবাদৰ বাবেই কুশল পাঞ্জাবীয়ে আত্মহত্যা কৰে বুলি সন্দহে কৰিছে। ২০১৯ চনৰ ২৭ ডিচেম্বৰত কুশল পাঞ্জাবীৰ মৃতদেহ তেওঁৰ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল। এই খবৰটোৱে সমগ্ৰ টিভি জগতখনক জোকাৰি গ’ল। কুশলে পাঞ্জাবীয়ে যেতিয়া আত্মহত্যা কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?