--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালী বিতৰ্ক যেন থিতাপি লৈছে। কিন্তু ইয়াক পুনৰ উচটনি দি বিজেপিয়ে সংসদৰ অধিৱেশনৰ পৰিবেশ পুনৰ উতপ্ত কৰিব বিচাৰিছে, সোমবাৰে ইয়াৰ ইংগিত দিছিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আচলতে যোৱা সোমবাৰৰ দিনটো আছিল সংসদৰ বাবে এক ব্যস্ততাপূৰ্ণ দিন। এফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান চলি আছিল আৰু তাৰ সমান্তৰালভাৱে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএৰ প্ৰাৰ্থীৰ মনোনয়নও এক পৰ্যায়। কিন্তু এই সকলোবোৰৰ মাজতো প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত কালি পূজাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

 সোমবাৰে বিয়লি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে জগদীপ ধনখাৰৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে সংগদ ভৱনটো  বিজেপিৰ হুগলীৰ সাংসদ লকেট চেটাৰ্জীক বংগৰ মা কালি পূজা ভালদৰে চলি আছেনে বুলি প্ৰশ্ন কৰে । 

কালীক লৈ এখন ছবিৰ পোষ্টাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিজেপিয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ মন্তব্যক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে। দেশৰ কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ থানাত মহুৱাৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই বিতৰ্কৰ মাজতে দহ দিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্স যোগে কালি বন্দনা আগবঢ়াইছিল। সেই কথা উল্লেখ কৰি বিজেপি নেতা অমিত মালৱিয়াই পুনৰ মহুৱাক আক্ৰমণ কৰে, যাৰ প্ৰত্যুত্তৰো দিয়ে মহুৱাই। প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ কালীৰ কথা উল্লেখ কৰাটো এই ঘটনাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হৈছে।

সূত্ৰ অনুসৰি, ৰাজ্যিক বিজেপি নেতৃত্বই চলিত সংসদ অধিৱেশনত কালী বিতৰ্ক উত্থাপন কৰি তৃণমূল নেতৃত্বক পুণৰ বিপদত পেলাব বিচাৰিছে। এতিয়ালৈকে ‘বাংলা হিংসা’ ৰাজ্যিক বিজেপি নেতৃত্বৰ আক্ৰমণৰ মূল আহিলা হৈ আহিছে। এইবাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে আন এক কৌশলৰ ইংগিত দিলে। তেওঁ আজি কয়, ‘এই অধিবেশনত তৃণমূলৰ নেতৃত্বই কালিক অপমান কৰাৰ বাবে জবাবদিহি কৰা হ’ব।

 ইফালে আন এজন বিজেপি নেতাৰ মতে, "আমি ৰাজনৈতিক অশান্তি, হিংসা, ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ সৈতে মোকাবিলা কৰিম।" কিন্তু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবেও তৃণমূলে উত্তৰ দিব লগা হৈছে।” প্ৰসংগক্ৰমে পূৰ্বে বিজেপিয়ে পশ্চিমবংগত দুৰ্গা আৰু সৰস্বতী পূজাক লৈ তৃণমূলক হেঁচা দিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই কৌশল সফল হোৱা নাই বুলি ৰাজনৈতিক পৰ্যবেক্ষক সকলে উল্লেখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ