--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালী বিতৰ্ক যেন থিতাপি লৈছে। কিন্তু ইয়াক পুনৰ উচটনি দি বিজেপিয়ে সংসদৰ অধিৱেশনৰ পৰিবেশ পুনৰ উতপ্ত কৰিব বিচাৰিছে, সোমবাৰে ইয়াৰ ইংগিত দিছিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আচলতে যোৱা সোমবাৰৰ দিনটো আছিল সংসদৰ বাবে এক ব্যস্ততাপূৰ্ণ দিন। এফালে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান চলি আছিল আৰু তাৰ সমান্তৰালভাৱে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এনডিএৰ প্ৰাৰ্থীৰ মনোনয়নও এক পৰ্যায়। কিন্তু এই সকলোবোৰৰ মাজতো প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত কালি পূজাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

 সোমবাৰে বিয়লি উপ-ৰাষ্ট্ৰপতি পদৰ বাবে জগদীপ ধনখাৰৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সৈতে সংগদ ভৱনটো  বিজেপিৰ হুগলীৰ সাংসদ লকেট চেটাৰ্জীক বংগৰ মা কালি পূজা ভালদৰে চলি আছেনে বুলি প্ৰশ্ন কৰে । 

কালীক লৈ এখন ছবিৰ পোষ্টাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিজেপিয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ মন্তব্যক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে। দেশৰ কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ থানাত মহুৱাৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই বিতৰ্কৰ মাজতে দহ দিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ এক অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্স যোগে কালি বন্দনা আগবঢ়াইছিল। সেই কথা উল্লেখ কৰি বিজেপি নেতা অমিত মালৱিয়াই পুনৰ মহুৱাক আক্ৰমণ কৰে, যাৰ প্ৰত্যুত্তৰো দিয়ে মহুৱাই। প্ৰধানমন্ত্ৰীয়ে বাৰম্বাৰ কালীৰ কথা উল্লেখ কৰাটো এই ঘটনাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হৈছে।

সূত্ৰ অনুসৰি, ৰাজ্যিক বিজেপি নেতৃত্বই চলিত সংসদ অধিৱেশনত কালী বিতৰ্ক উত্থাপন কৰি তৃণমূল নেতৃত্বক পুণৰ বিপদত পেলাব বিচাৰিছে। এতিয়ালৈকে ‘বাংলা হিংসা’ ৰাজ্যিক বিজেপি নেতৃত্বৰ আক্ৰমণৰ মূল আহিলা হৈ আহিছে। এইবাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে আন এক কৌশলৰ ইংগিত দিলে। তেওঁ আজি কয়, ‘এই অধিবেশনত তৃণমূলৰ নেতৃত্বই কালিক অপমান কৰাৰ বাবে জবাবদিহি কৰা হ’ব।

 ইফালে আন এজন বিজেপি নেতাৰ মতে, "আমি ৰাজনৈতিক অশান্তি, হিংসা, ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ সৈতে মোকাবিলা কৰিম।" কিন্তু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবেও তৃণমূলে উত্তৰ দিব লগা হৈছে।” প্ৰসংগক্ৰমে পূৰ্বে বিজেপিয়ে পশ্চিমবংগত দুৰ্গা আৰু সৰস্বতী পূজাক লৈ তৃণমূলক হেঁচা দিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই কৌশল সফল হোৱা নাই বুলি ৰাজনৈতিক পৰ্যবেক্ষক সকলে উল্লেখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে