--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়া হাজাৰ হাজাৰ ভিডিঅ’ৰে ভৰি থাকে, তাৰে কিছুমানে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ভাইৰেল হৈ পৰে। শেহতীয়াকৈ ফুড ডেলিভাৰী বয়ৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে যিয়ে সকলোকে আৱেগিক কৰি তুলিছে। ভিডিঅ’টোত দেখা গৈছে ৰাজপথত এজন ছুইগী ডেলিভাৰী বয়ে জমেট’ ডেলিভাৰী বয়ক সহায় কৰাৰ এক মনোৰম দৃশ্য। 

দিল্লীৰ ৰাজপথৰ ভিডিঅ’টোত দেখা গৈছে এগৰাকী ছুইগী ডেলিভাৰী বয়ে বাইক চলাই গৈ আছে আৰু তেওঁৰ ঠিক কাষতে এজন জমেট’ ডেলিভাৰী বয়ে চাইকেল চলাই গৈ আছে। ছুইগী বয়জনে জমেট’ বয়জনৰ চাইকেলখন ধৰি আগুৱাই লৈ গৈছে যাতে জমেট’ বয়জনে বেছি বেগেৰে যাত্ৰা কৰিব পাৰে। 

নিঃসন্দেহে এই ক্লিপটো নেটিজেনসকলৰ প্ৰিয় হৈ পৰিছে আৰু এই এই ভিডিঅ’টোক অন্যতম শ্ৰেষ্ঠ ক্লিপ বুলি অভিহিত কৰিছে বহু লোকে। ফুড ডেলিভাৰী কোম্পানীৰ জগতত ছুইগী আৰু জমেট’ দুয়োটা প্ৰতিদ্বন্দ্বী কোম্পানী। পেছাদাৰী প্ৰতিদ্বন্দ্বিতা আছে যদিও দিল্লীৰ প্ৰচণ্ড তাপত ছুইগী বয়জনে জমেট’ বয়জনলৈ আগবঢ়াই দিছে সহমৰ্মিতাৰ দুহাত। 

চাওঁক ভিডিঅ



ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ছান্নাহ আৰোৰা নামৰ ইউজাৰে ৯ জুলাইত।ভিডিঅ’টোত তেওঁ কেপশ্বন দিছিল-''দিল্লীৰ এই অতি উত্তপ্ত আৰু অসহ্যকৰ দিনবোৰত দেখা পোৱা প্ৰকৃত বন্ধুত্ব।'' ক্লিপটো ৭ লাখ ৫০ হাজাৰতকৈও অধিক লোকে এতিয়ালৈকে লাইক কৰিছে। বহুতে কমেণ্ট কৰি কৈছে যে মানৱতাৰ এয়া এক নিখুঁত উদাহৰণ। কিছুমানে কৈছে ''কোম্পানীয়ে ভাগ ভাগ কৰে আৰু মানৱতাই এক কৰে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ