--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়া হাজাৰ হাজাৰ ভিডিঅ’ৰে ভৰি থাকে, তাৰে কিছুমানে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ভাইৰেল হৈ পৰে। শেহতীয়াকৈ ফুড ডেলিভাৰী বয়ৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে যিয়ে সকলোকে আৱেগিক কৰি তুলিছে। ভিডিঅ’টোত দেখা গৈছে ৰাজপথত এজন ছুইগী ডেলিভাৰী বয়ে জমেট’ ডেলিভাৰী বয়ক সহায় কৰাৰ এক মনোৰম দৃশ্য। 

দিল্লীৰ ৰাজপথৰ ভিডিঅ’টোত দেখা গৈছে এগৰাকী ছুইগী ডেলিভাৰী বয়ে বাইক চলাই গৈ আছে আৰু তেওঁৰ ঠিক কাষতে এজন জমেট’ ডেলিভাৰী বয়ে চাইকেল চলাই গৈ আছে। ছুইগী বয়জনে জমেট’ বয়জনৰ চাইকেলখন ধৰি আগুৱাই লৈ গৈছে যাতে জমেট’ বয়জনে বেছি বেগেৰে যাত্ৰা কৰিব পাৰে। 

নিঃসন্দেহে এই ক্লিপটো নেটিজেনসকলৰ প্ৰিয় হৈ পৰিছে আৰু এই এই ভিডিঅ’টোক অন্যতম শ্ৰেষ্ঠ ক্লিপ বুলি অভিহিত কৰিছে বহু লোকে। ফুড ডেলিভাৰী কোম্পানীৰ জগতত ছুইগী আৰু জমেট’ দুয়োটা প্ৰতিদ্বন্দ্বী কোম্পানী। পেছাদাৰী প্ৰতিদ্বন্দ্বিতা আছে যদিও দিল্লীৰ প্ৰচণ্ড তাপত ছুইগী বয়জনে জমেট’ বয়জনলৈ আগবঢ়াই দিছে সহমৰ্মিতাৰ দুহাত। 

চাওঁক ভিডিঅ



ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ছান্নাহ আৰোৰা নামৰ ইউজাৰে ৯ জুলাইত।ভিডিঅ’টোত তেওঁ কেপশ্বন দিছিল-''দিল্লীৰ এই অতি উত্তপ্ত আৰু অসহ্যকৰ দিনবোৰত দেখা পোৱা প্ৰকৃত বন্ধুত্ব।'' ক্লিপটো ৭ লাখ ৫০ হাজাৰতকৈও অধিক লোকে এতিয়ালৈকে লাইক কৰিছে। বহুতে কমেণ্ট কৰি কৈছে যে মানৱতাৰ এয়া এক নিখুঁত উদাহৰণ। কিছুমানে কৈছে ''কোম্পানীয়ে ভাগ ভাগ কৰে আৰু মানৱতাই এক কৰে।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে