--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • থলুৱা গাঁৱলীয়া নিভাঁজ পৰিৱেশত মানুহক আপ্যায়ন কৰিবলৈ দুটাকৈ কুটীৰ আৰু কেঁচা পাকঘৰ সাজিছে চম্পক ডেকাই।

ডিজিটেল ডেস্কঃ মন কৰিলেই চন বাকৰি মাটিতে ধন। প্ৰায় দহ বিঘাৰ এখন মুকলি পথাৰ। লকডাউনৰ সময়তে এখন মুক্ত পথাৰত দেখিছিল সপোনৰ প্ৰথম খোজ এজন মানুহে। তেওঁৰ নাম চম্পক ডেকা।পেছাত বিদেশত কৰ্মৰত এজন নৌ সেনাৰ ডুবাৰু।কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰি বোকাখাত গড়মুৰ গাঁৱত আৰম্ভ কৰিলে নিজৰ প্ৰচেষ্টাত কৃষি বিপ্লৱ।


তাৰ সমান্তৰালভাৱে পৰ্যটন ক্ষেত্ৰতো দেখুৱাইছে তেওঁ বিশেষ পদক্ষেপ।কৰ্মৰ সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত এজন ডুবাৰু হিচাপে বিভিন্ন তেল খাদসমূহৰ লগতে বিভিন্ন ক্ষেত্ৰত কৰ্ম সম্পাদন কৰি আহিছে চম্পক ডেকাই।অৱসৰ পিছত ঘৰতে নিজৰ প্ৰচেষ্টাত আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ সূচনা।


ফলমূলৰ পৰা আৰম্ভ কৰি শাক-পাছলিলৈ, পুখুৰীত হাঁহ, মাছকে ধৰি গাখীৰ, মৌ লৈকে সকলো জৈৱিক ভাবে নিজে উৎপাদন কৰি আহিছে চম্পক ডেকাই।


চালে চকু ৰোৱা বাৰীখনত কল, তামোলৰ, বিভিন্ন টেঙা, অমিতা ,হালধি, মুধুৰীলৈ সকলো ভৰপূৰ।গাখীৰ, মৌ, মাছ সকলো উপলব্ধ তেওঁৰ চৌপাশত। সমান্তৰালভাৱে পৰ্যটন ক্ষেত্ৰখনো তেওঁ আগবঢ়াই লৈ গৈছে।


ঘৰতে নিজে কৰা জহা, বৰা ধানৰ লগতে ঘৰতে উৎপাদিত সকলো সামগ্ৰীৰে থলুৱা গাঁৱলীয়া নিভাঁজ পৰিৱেশত মানুহক আপ্যায়ন কৰিবলৈ সাজিছে দুটাকৈ কুটীৰ আৰু কেঁচা পাকঘৰ। বিদেশত কৰ্মৰত এইগৰাকী অসমীয়াই কেঁচা মাটিৰ গোন্ধৰে উজ্জীৱিত হৈ কৰা কৰ্মই নিজৰ লগতে আন দহ জনকো উৎসাহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু