--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • থলুৱা গাঁৱলীয়া নিভাঁজ পৰিৱেশত মানুহক আপ্যায়ন কৰিবলৈ দুটাকৈ কুটীৰ আৰু কেঁচা পাকঘৰ সাজিছে চম্পক ডেকাই।

ডিজিটেল ডেস্কঃ মন কৰিলেই চন বাকৰি মাটিতে ধন। প্ৰায় দহ বিঘাৰ এখন মুকলি পথাৰ। লকডাউনৰ সময়তে এখন মুক্ত পথাৰত দেখিছিল সপোনৰ প্ৰথম খোজ এজন মানুহে। তেওঁৰ নাম চম্পক ডেকা।পেছাত বিদেশত কৰ্মৰত এজন নৌ সেনাৰ ডুবাৰু।কৰ্মক্ষেত্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰি বোকাখাত গড়মুৰ গাঁৱত আৰম্ভ কৰিলে নিজৰ প্ৰচেষ্টাত কৃষি বিপ্লৱ।


তাৰ সমান্তৰালভাৱে পৰ্যটন ক্ষেত্ৰতো দেখুৱাইছে তেওঁ বিশেষ পদক্ষেপ।কৰ্মৰ সময়ত পৃথিৱীৰ বিভিন্ন ঠাইত এজন ডুবাৰু হিচাপে বিভিন্ন তেল খাদসমূহৰ লগতে বিভিন্ন ক্ষেত্ৰত কৰ্ম সম্পাদন কৰি আহিছে চম্পক ডেকাই।অৱসৰ পিছত ঘৰতে নিজৰ প্ৰচেষ্টাত আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ সূচনা।


ফলমূলৰ পৰা আৰম্ভ কৰি শাক-পাছলিলৈ, পুখুৰীত হাঁহ, মাছকে ধৰি গাখীৰ, মৌ লৈকে সকলো জৈৱিক ভাবে নিজে উৎপাদন কৰি আহিছে চম্পক ডেকাই।


চালে চকু ৰোৱা বাৰীখনত কল, তামোলৰ, বিভিন্ন টেঙা, অমিতা ,হালধি, মুধুৰীলৈ সকলো ভৰপূৰ।গাখীৰ, মৌ, মাছ সকলো উপলব্ধ তেওঁৰ চৌপাশত। সমান্তৰালভাৱে পৰ্যটন ক্ষেত্ৰখনো তেওঁ আগবঢ়াই লৈ গৈছে।


ঘৰতে নিজে কৰা জহা, বৰা ধানৰ লগতে ঘৰতে উৎপাদিত সকলো সামগ্ৰীৰে থলুৱা গাঁৱলীয়া নিভাঁজ পৰিৱেশত মানুহক আপ্যায়ন কৰিবলৈ সাজিছে দুটাকৈ কুটীৰ আৰু কেঁচা পাকঘৰ। বিদেশত কৰ্মৰত এইগৰাকী অসমীয়াই কেঁচা মাটিৰ গোন্ধৰে উজ্জীৱিত হৈ কৰা কৰ্মই নিজৰ লগতে আন দহ জনকো উৎসাহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ