--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শেহতীয়াকৈ ছলমান খানে আয়োজন কৰা বিগ বছ ১৯ৰ উইকেণ্ড কা ৱাৰৰ সময়ত গায়ক অৰিজিত সিঙৰ সৈতে হোৱা কাজিয়া আৰু বৰ্তমানৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়।

ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেতা ছলমান খান। অৱশ্যে কেইবাটাও বিতৰ্কৰ বাবে তেওঁৰ নামো বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। তেনে এক মতানৈক্য আছিল গায়ক অৰিজিৎ সিঙৰ সৈতে, যাৰ বাবে দুয়োজনে বহুদিন ইজনে সিজনৰ সৈতে যোগাযোগ নাছিল । 


অৱশ্যে ছলমান খানৰ থ্ৰিলাৰ ছবি টাইগাৰ ৩ মুক্তি পোৱাৰ পিছত দুবছৰ পূৰ্বে তেওঁলোকৰ মাজত মিলন ঘটিছিল। এতিয়া ছলমান খানে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে অৰিজিত সিঙৰ সৈতে হোৱা বিবাদৰ কথা কৈছে আৰু কণ্ঠশিল্পীগৰাকীৰ সৈতে তেওঁৰ বৰ্তমানৰ সম্পৰ্কৰ কথাও প্ৰকাশ কৰিছে।


অৰিজিত সিং বিতৰ্কক লৈ ছলমান খানৰ প্ৰতিক্ৰিয়া 


শেহতীয়াকৈ ছলমান খানে আয়োজন কৰা বিগ বছ ১৯ৰ উইকেণ্ড কা ৱাৰৰ সময়ত গায়ক অৰিজিত সিঙৰ সৈতে হোৱা কাজিয়া আৰু বৰ্তমানৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। 


ইউটিউবাৰ ৰবি গুপ্তাই উইকেণ্ড কা ৱাৰত অতিথি হিচাপে উপস্থিত হৈ ছলমান-অৰিজিতৰ বিষয়টো উত্থাপন কৰে। যাৰ উত্তৰত ভাইজানে কয়, "অৰিজিত আৰু মই এতিয়া বহুত ভাল বন্ধু। সেইটো মোৰ ফালৰ পৰা ভুল বুজাবুজি আছিল। তেতিয়াৰ পৰাই তেওঁ মোৰ বাবে বহু গীত গাইছে।" অৰিজিত সিঙৰ বিতৰ্কৰ প্ৰতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছলমান খানে।

Arijit Singh | Salman Khan | Mithoon | Angry Moments | Award



কিয় হৈছিল বিবাদ?


২০১৪ চনত এটা এৱাৰ্ড শ্ব’ত ছলমান খান আৰু অৰিজিত সিঙৰ মাজত বিবাদ হৈছিল। শ্ব’টোৰ ঘোষক আছিল ছলমান, আৰু যেতিয়া অৰিজিতৰ বঁটা প্ৰদানৰ পাল আহিল, তেতিয়া ছলমানে মঞ্চত তেওঁৰ গায়িকিক অনুকৰণ কৰিছিল, যিটো অৰিজিতে পছন্দ কৰা নাছিল আৰু ঘোষক হিচাপে ছলমানক বিৰক্তিকৰ বুলি অভিহিত কৰিছিল। ইয়াৰ ফলত দুয়োৰে মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু বহু বছৰ ধৰি দুয়োৰে মাজত বিভাজন হয়।


ছলমানৰ ছবিত গীত গাবলৈও অস্বীকাৰ কৰিছিল অৰিজিতে। অৱশ্যে ছলমান খানৰ ২০২৩ চনৰ যশ ৰাজ ফিল্মছৰ বেনাৰত "টাইগাৰ ৩"শীৰ্ষক ছবিখনৰ "লেকে প্ৰভু কা নাম" গীতটোত অৰিজিত সিঙে কণ্ঠদান, যিটো গীত ছলমানক লৈ চিত্ৰগ্ৰহণ কৰা হৈছিল। ইয়াৰ ফলত দুয়োৰে মাজত বহু প্ৰত্যাশিত মিলন ঘটিল। ২০২৩ চনৰ অক্টোবৰ মাহত অৰিজিতক ছলমানৰ ঘৰলৈ যোৱা দেখা গৈছিল, তাৰ পিছত দুয়োৰে মাজত মিলনৰ খবৰ আহিছিল। অৰিজিতে ছলমানৰ বাবে "বেটল অৱ গালৱান" ছবিখনতো গীত গাইছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু