--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিলে অসমৰ নয়নমণি শইকীয়াই। বাৰ্মিংহাম কমনৱেলথ গেমছত লনবলত ভাৰতে দখল কৰিলে স্বৰ্ণপদক। উল্লেখযোগ্য যে, মঙলবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি লাভ কৰিছে সফলতা। এই সফলতা লাভ কৰা ভাৰতীয় মহিলা দলটোৰ আন কেইগৰাকী খেলুৱৈ লাভলী চৌবে,  পিংকী আৰু ৰূপা ৰাণী তিৰ্কী।

নয়নমণি শইকীয়া অসমৰ গোলাঘাট জিলাৰ টেঙাবাৰীৰ জীয়ৰী। কমনৱেলথ গেমছত পদক বিজয়ী প্ৰথম অসমীয়া মহিলা নয়নমণি শইকীয়া। ৩৪ বছৰীয়া নয়নমণি বিবাহপাশত আবদ্ধ হৈছিল ২০১৩ চনত। দুগৰাকী কন্যা সন্তানৰ মাতৃ নয়নমণি শইকীয়া বন বিভাগত কৰ্মৰত এগৰাকী চৰকাৰী বিষয়া। প্ৰথমে এগৰাকী ভাৰোত্তোলন খেলুৱৈ আছিল নয়নমণি। ২০০৮ চনত এক  দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ ভাৰোত্তোলনৰ পৰা আঁতৰি লনবলত মনোনিৱেশ কৰে খেলুৱৈগৰাকীয়ে। লকডাউনৰ সময়ত প্ৰশিক্ষক অবিহনেই খেলৰ অনুশীলন কৰিছিল নয়নমণিয়ে। লগত আছিল সাহস হিচাপে স্বামী ভাস্কৰজ্যোতি গোহাঁই আৰু তেওঁৰ শাহু। মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা নয়নমণিৰ দেউতাক এজন খেতিয়ক আৰু মাক এগৰাকী গৃহিণী। দৃঢ় মনোবল আৰু আত্মবিশ্বাসেৰে জীৱনৰ সকলো সংঘৰ্ষ পাৰ কৰি নয়নমণিয়ে জয় কৰিবলৈ সক্ষম হ’ল সোণৰ পদক। পৰিয়ালৰ দ্বায়িত্বৰ সমসাময়িকভাৱে নিজৰ অনুশীলন চলাই গৈছিল খেলুৱৈগৰাকীয়ে। কমনৱেলথ গেমছত স্বৰ্ণজয়ৰে বন বিভাগৰ সহকাৰী কমাণ্ডেণ্ট পদলৈ পদোন্নতি লাভ কৰিলে নয়নমণিয়ে। অসমৰ এখন সৰু গাঁৱৰ পৰা বাৰ্মিংহামত পদক জয় কৰা নয়নমণি শইকীয়া আজি হৈ পৰিছে প্ৰত্যোকগৰাকী অসমীয়া নাৰীৰ পথ পদৰ্শক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু