--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দবা খেলৰ এক উন্নত পৰিবেশে বিৰাজ কৰিছে মৰিগাওঁ জিলাত। জিলা খনৰ তিনিগৰাকীকৈ খেলুৱৈয়ে আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিঙৰ স্বীকৃতি পোৱা কথাই বহুতোকে আনন্দিত কৰি তুলিছে।মৰিগাঁও জিলা দবা সন্থাই প্ৰকাশ কৰা মতে অহা ৬ আৰু ৭ আগষ্টত অনুষ্ঠিত হ'ব  মৰিগাঁও জিলা  মুকলি দবা প্ৰতিযোগিতা । 

মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত আয়োজন কৰা প্ৰতিযোগিতা খনত অংশগ্ৰহণৰ বাবে ৭০০২৩৪৫০, ৮৭৬১০২১৫৫৩  এই নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব । উল্লেখ্য যে  এই প্ৰতিযোগিতাৰ পৰাই ৪৫ সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতালৈ বাচনি কৰা হ'ব । আনহাতে মৰিগাঁৱৰ তিনি গৰাকী  দবাৰুৱে আন্ত:ৰাষ্ট্ৰীয় ৰেটিং  লাভ কৰি সু- খবৰ কঢ়িয়াই আনিছে জিলাখনলৈ । সদ্য ঘোষিত  ফিডে ৰেটিঙত  স্থান  লাভ কৰা  দবাৰু তিনি গৰাকী হ'ল ক্ৰমে কৌশিক বৰুৱা (১৩০২), ৰিপুন সৰকাৰ (১১৩১) , আৰু ঈশান প্ৰতীম ডেকা (১০৩০) ।

 দবাৰু কেইগৰাকীৰ সাফল্যত মৰিগাঁও জিলা দবা সন্থাই অভিনন্দন জনাইছে । তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে মৰিগাঁও জিলা দবা সন্থাই।ইপিনে মৰিগাঁও জিলা আন্ত: বিদ্যালয় দবাত  মৰিগাঁও মজলীয়া বিদ্যালয়ৰ  পিয়ূষ প্ৰতীম মছৰং আৰু সংস্কৃতি বিদ্যাপীঠ, বঘৰাৰ প্ৰাপ্তিবৰ্ণা ঠাকুৰীয়াই ক্ৰমে ল'ৰা আৰু ছোৱালীৰ  শাখাত খিতাপ দখল কৰে ।  দুয়োগৰাকী দবাৰুৱে ছয় খন খেলৰ আটাই কেইখনতে ছয় পইণ্ট সংগ্ৰহ কৰে । আনহাতে ল'ৰা শাখাত শীৰ্ষ ছয়টা স্থানন লাভ কৰা আন পাঁচ গৰাকী দবাৰু  হ'ল ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতনৰ কৌস্তভ গগৈ ,  বিদ্যাপীঠ বঘৰা শংকৰদেৱ বিদ্যা নিকেতনৰ হিমাংক শৰ্মা, কুশতলি শ্ৰীমন্ত শংকৰদেৱ ঈশান প্ৰতীম ডেকা ,শংকৰদেৱ শিশু নিকেতন , মৰিগাঁৱৰ  দেবাশিষ বৰুৱা আৰু  শংকৰদেৱ বিদ্যানিকেতন ,চৰাইবাহীৰ অনুৰাগ নাথে মুঠ পাঁচ পইণ্টকৈ লাভ কৰে। সেইদৰে ছোবালী শাখাত ছয়টা শীৰ্ষ স্হানৰ আন পাঁচ গৰাকী দবাৰু হ'ল ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতন  চৰাইবাহীৰ প্ৰজ্ঞাশ্ৰী দেৱী , ( ৫ পইণ্ট) ,চেণ্ট থেৰেছা ,মৰিগাঁৱৰ চয়ানিকা বুঢ়াগোহাঁই ( ৪.৫ ) ,শংকৰদেৱ বিদ্যা নিকেতন ,  চৰাইবাহীৰ শিখাজ্যোতি ৰঙহাং (৪), নবোদয় জাতীয় বিদ্যালয় কৃষ্টি দাস ( ৪) আৰু মৰিগাঁও মজলীয়া বিদ্যালয়ৰ জিমি হ'ক ( ৪) ।  

উল্লেখ্য মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও মজলীয় বিদ্যালয়ত  ১১ আৰু ১২ জুন অনুষ্ঠিত কৰিছিল বিদ্যালয় দবা প্ৰতিযোগিতাখন । প্ৰায় ১০০ গৰাকী কণকণ দবাৰুবে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্ধোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে । প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত মূখ্য অতিথিৰূপে উপস্থিতত থাকে মৰিগাঁও  জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু । জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব সভা খনত জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাকে ধৰি কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্হিত আছিল । আনহাতে দবা প্ৰতিযোগিতাখনৰ বিচাৰকৰ আসনত আছিল আন্ত:ৰাষ্ট্ৰীয় আৰবিৰ্টাৰ এম অৰুণ সিং ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু