--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দবা খেলৰ এক উন্নত পৰিবেশে বিৰাজ কৰিছে মৰিগাওঁ জিলাত। জিলা খনৰ তিনিগৰাকীকৈ খেলুৱৈয়ে আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিঙৰ স্বীকৃতি পোৱা কথাই বহুতোকে আনন্দিত কৰি তুলিছে।মৰিগাঁও জিলা দবা সন্থাই প্ৰকাশ কৰা মতে অহা ৬ আৰু ৭ আগষ্টত অনুষ্ঠিত হ'ব  মৰিগাঁও জিলা  মুকলি দবা প্ৰতিযোগিতা । 

মৰিগাঁও উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত আয়োজন কৰা প্ৰতিযোগিতা খনত অংশগ্ৰহণৰ বাবে ৭০০২৩৪৫০, ৮৭৬১০২১৫৫৩  এই নম্বৰ কেইটাত যোগাযোগ কৰিব পাৰিব । উল্লেখ্য যে  এই প্ৰতিযোগিতাৰ পৰাই ৪৫ সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতালৈ বাচনি কৰা হ'ব । আনহাতে মৰিগাঁৱৰ তিনি গৰাকী  দবাৰুৱে আন্ত:ৰাষ্ট্ৰীয় ৰেটিং  লাভ কৰি সু- খবৰ কঢ়িয়াই আনিছে জিলাখনলৈ । সদ্য ঘোষিত  ফিডে ৰেটিঙত  স্থান  লাভ কৰা  দবাৰু তিনি গৰাকী হ'ল ক্ৰমে কৌশিক বৰুৱা (১৩০২), ৰিপুন সৰকাৰ (১১৩১) , আৰু ঈশান প্ৰতীম ডেকা (১০৩০) ।

 দবাৰু কেইগৰাকীৰ সাফল্যত মৰিগাঁও জিলা দবা সন্থাই অভিনন্দন জনাইছে । তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে মৰিগাঁও জিলা দবা সন্থাই।ইপিনে মৰিগাঁও জিলা আন্ত: বিদ্যালয় দবাত  মৰিগাঁও মজলীয়া বিদ্যালয়ৰ  পিয়ূষ প্ৰতীম মছৰং আৰু সংস্কৃতি বিদ্যাপীঠ, বঘৰাৰ প্ৰাপ্তিবৰ্ণা ঠাকুৰীয়াই ক্ৰমে ল'ৰা আৰু ছোৱালীৰ  শাখাত খিতাপ দখল কৰে ।  দুয়োগৰাকী দবাৰুৱে ছয় খন খেলৰ আটাই কেইখনতে ছয় পইণ্ট সংগ্ৰহ কৰে । আনহাতে ল'ৰা শাখাত শীৰ্ষ ছয়টা স্থানন লাভ কৰা আন পাঁচ গৰাকী দবাৰু  হ'ল ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতনৰ কৌস্তভ গগৈ ,  বিদ্যাপীঠ বঘৰা শংকৰদেৱ বিদ্যা নিকেতনৰ হিমাংক শৰ্মা, কুশতলি শ্ৰীমন্ত শংকৰদেৱ ঈশান প্ৰতীম ডেকা ,শংকৰদেৱ শিশু নিকেতন , মৰিগাঁৱৰ  দেবাশিষ বৰুৱা আৰু  শংকৰদেৱ বিদ্যানিকেতন ,চৰাইবাহীৰ অনুৰাগ নাথে মুঠ পাঁচ পইণ্টকৈ লাভ কৰে। সেইদৰে ছোবালী শাখাত ছয়টা শীৰ্ষ স্হানৰ আন পাঁচ গৰাকী দবাৰু হ'ল ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতন  চৰাইবাহীৰ প্ৰজ্ঞাশ্ৰী দেৱী , ( ৫ পইণ্ট) ,চেণ্ট থেৰেছা ,মৰিগাঁৱৰ চয়ানিকা বুঢ়াগোহাঁই ( ৪.৫ ) ,শংকৰদেৱ বিদ্যা নিকেতন ,  চৰাইবাহীৰ শিখাজ্যোতি ৰঙহাং (৪), নবোদয় জাতীয় বিদ্যালয় কৃষ্টি দাস ( ৪) আৰু মৰিগাঁও মজলীয়া বিদ্যালয়ৰ জিমি হ'ক ( ৪) ।  

উল্লেখ্য মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও মজলীয় বিদ্যালয়ত  ১১ আৰু ১২ জুন অনুষ্ঠিত কৰিছিল বিদ্যালয় দবা প্ৰতিযোগিতাখন । প্ৰায় ১০০ গৰাকী কণকণ দবাৰুবে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্ধোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে । প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত মূখ্য অতিথিৰূপে উপস্থিতত থাকে মৰিগাঁও  জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু । জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব সভা খনত জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাকে ধৰি কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্হিত আছিল । আনহাতে দবা প্ৰতিযোগিতাখনৰ বিচাৰকৰ আসনত আছিল আন্ত:ৰাষ্ট্ৰীয় আৰবিৰ্টাৰ এম অৰুণ সিং ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ