--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কান্ধত নতুন দায়িত্ব। মিডল অৰ্ডাৰৰ পৰা উন্নীত কৰি দিয়া হৈছে ইংনিছ মুকলি কৰাৰ গধুৰ দায়িত্ব। এই দায়িত্ব পালনত প্ৰথম দুখন মেচত হ'ল ব্যৰ্থ। সমালোচনা উঠিল, এই সিদ্ধান্ত ভুল। কিন্তু দলৰ মেনেজমেন্টৰ তেওঁৰ ওপৰত আছে বিশ্বাস। পুনৰ তৃতীয়খন মেচতো অপেনাৰ হিচাপেই নমোৱা হ'ল খেলপথাৰত। আৰু মেনেজমেণ্টৰ এই বিশ্বাসক শুদ্ধ প্ৰমাণিত কৰি নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজলি উঠিল সূৰ্যকুমাৰ যাদৱ। সাম্প্ৰতিক ভাৰতীয় দলৰ অন্যতম নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপে পৰিগণিত হোৱা তথা আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত এবি ডে ভিলিয়াৰ্চৰ অৱসৰৰ পাছত নতুন ৩৬০ ডিগ্ৰী বেটাৰ হিচাপে স্বীকৃতি লাভ কৰা সূৰ্যকুমাৰ যাদৱৰ বীৰোচিত বেটিঙৰ সহায়েৰে মঙ্গলবাৰে ৱেষ্ট ইণ্ডিজক তৃতীয় টি-২০ মেচত পৰাস্ত কৰে ভাৰতে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত মঙ্গলবাৰে বাচেটেৰেৰ ৱাৰ্ণাৰ পাৰ্কত ৭ উইকেটত অনায়সে জয়ী হৈ ২-১ ৰ অগ্ৰগতি লাভ কৰে ভাৰতে। এই জয়েৰে সোমবাৰে দ্বিতীয়খন মেচত সন্মুখীন হোৱা শোচনীয় পৰাজয়ৰ পিছত পুনৰ জয়ৰ ট্ৰেকলৈ উভটে ভাৰতীয় ক্ৰিকেট দল। 

মেচখনত টছত জয়ী হৈ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু ৱেষ্ট ইণ্ডিজক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। দলৰ অপেনাৰদ্বয় কাইল মেয়াৰ্ছ আৰু বেণ্ডন কিঙে ভাৰতীয় বলিং আক্ৰমণক হেলাৰঙে প্ৰতিৰোধ কৰি এক সুদৃঢ় আৰম্ভণি প্ৰদান কৰে। দুয়োগৰাকীয়ে প্ৰথম উইকেটত ৭.২ অভাৰত ৫৭ ৰানৰ যুটি বন্ধাৰ পিছত ব্যক্তিগত ২০ ৰানত বেণ্ডন কিঙক বিদায় দিয়ে হাৰ্দিক পাণ্ডিয়াই।

ইয়াৰ পিছতে ক্ৰীজলৈ অহা অধিনায়ক নিকোলাছ পুৰানৰ সৈতেও মেয়াৰ্ছে ৫০ ৰানৰ যুটি বান্ধে। ব্যক্তিগত ২২ ৰানত পুৰানো ভুৱনেশ্বৰৰ বলত উইকেটৰক্ষক পণ্টৰ হাতত কেচ দি আউট হয়। আনহাতে দলীয় স্ক’ৰ ১২৮ ৰানত মেয়াৰ্ছৰ ৰূপত দলৰ তৃতীয়টো উইকেটৰ পতন ঘটে। মেয়াৰ্ছে ৫০ বলত ৮ টা চাৰি আৰু ৪ টা চাৰিৰে ৭৩ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।

ইনিংছৰ শেষলৈ কিছু আক্ৰমণাত্মক বেটিঙেৰে ৰ’ভমেন পাৱেল ১৪ বলত ২৩ আৰু ছিমৰন হেটমেয়াৰে ১২ বলত ২০ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ ১৬৪লৈ লৈ যায়। দলটোৱে অন্তিম দুই অভাৰত সংযোগ কৰে মুঠ ২৭ ৰানৰ।

ভাৰতীয় বলিঙ আক্ৰমণৰ নেতৃত্ব বহন কৰা ভুৱনেশ্বৰ কুমাৰে ৩৫ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই মিতব্যয়ী বলিঙেৰে ১৯ ৰানত এটা উইকেট দখল কৰে। অৰ্শদ্বীপৰ হাতলৈ যায় আন এটা উইকেট।  আনহাতে খৰচী বিবেচিত হয় আনগৰাকী পেচাৰ আভেশ খান। আভেশৰ তিনি অভাৰৰ স্পেলত ৱেষ্ট ইণ্ডিজে ৪৭ ৰান সংগ্ৰহ কৰে।

আনহাতে ১৬৫ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে যাদৱৰ বিস্ফোৰক ইনিংছৰ ফলত সহজেই লক্ষ্যত উপনীত হয়। প্ৰথমৰ পৰাই আক্ৰমণাত্মক শৈলীৰে ইনিংছ আৰম্ভ কৰা যাদৱে মাত্ৰ ৪৪ টা বলত ৪ টা ছয় আৰু ৮ টা চাৰিৰে ৭৬ ৰান সংগ্ৰহ কৰি ভাৰতক জয়ৰ দুৱাৰদলিত থিয় কৰায়। 

ইনিংছৰ আৰম্ভণিতেই পিঠিৰ আঘাতৰ বাবে ব্যক্তিগত ১১ ৰানত ক্ৰীজ এৰিবলৈ বাধ্য হয় ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই ক্ৰীজ এৰাৰ কিছু সময় পিছতে বিচিচিআই- এ এক টুইটযোগে তেওঁৰ আঘাতৰ কথা নিশ্চিত কৰে। অৱশ্যে খেলুৱৈগৰাকীৰ আঘাত সামান্য নে গুৰুতৰ, সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ৰোহিত শৰ্মাই ক্ৰীজ ত্যাগ কৰাৰ পিছত বেটিং কৰিবলৈ অহা শ্ৰেয়স আয়াৰৰ সৈতে যাদৱে দলীয় স্ক’ৰ ১০৫ ৰানলৈ আগবঢ়াই নিয়ে। আয়াৰে ২৪ ৰান সংগ্ৰহ কৰি আকিল হ’ছেইনৰ বলত ষ্টাম্পড্ আউট হয়। 

আনহাতে উইকেটৰক্ষক বেটাৰ ঋষভ পণ্টে ৩৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।  ব্যৰ্থ হয় হাৰ্দিক পাণ্ডিয়া (৪)। ৰবীন্দ্ৰ জাদেজাৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত হোৱা দীপক হুডাই ৭ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। 

এই জয়েৰে শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে ভাৰতে। শৃংখলাৰ চতুৰ্থখন মেচ চেণ্ট্ৰেল ব্ৰাৱাৰ্ড ৰিজিঅ’নেল পাৰ্ক ষ্টেডিয়ামত অহা ৬ আগষ্টত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement