--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হিন্দুস্তান ইউনিলিভাৰ লিমিটেড (এইচইউএল) আৰু নেছলেই চাহ , কফী, গাখীৰ আৰু নুডলছৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰিছে। তথ্য অনুসৰি, এইচইউএল-এ আজি ১৪ মাৰ্চত ব্ৰু কফী পাউডাৰৰ মূল্য ৩ৰ পৰা ৭ শতাংশ বৃদ্ধি কৰিছে। ব্ৰু গ’ল্ড কফী তিনি-চাৰি শতাংশ আৰু ব্ৰু ইনষ্টেণ্ট পাউচ ৩ৰ পৰা ৬.৬৬ শতাংশ ব্যয়বহুল হৈছে। একে সময়তে, তাজমহল চাহ ৰ দামো ৩.৭ৰ পৰা ৫.৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ব্ৰুক ব্ৰেণ্ডৰ বিভিন্ন প্ৰকাৰৰ মূল্য ১.৫ৰ পৰা ১৪ শতাংশ বৃদ্ধি কৰা হৈছে। ইয়াৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰি এইচ ইউ এল-য়ে কয় যে বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে ইয়াৰ সামগ্ৰীবোৰ ব্যয়বহুল কৰি তুলিছে। তদুপৰি, নেছলে ইণ্ডিয়াই ইয়াৰ সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে। নেছলে ইণ্ডিয়াই মেগী নুডলছৰ মূল্য ৯ৰ পৰা ১৬ শতাংশ বৃদ্ধি কৰিছে। ইয়াৰ লগতে, গাখীৰ আৰু কফী পাউডাৰৰ মূল্যবৃদ্ধিও ঘোষণা কৰা হৈছে। দামবৃদ্ধিৰ পাছত, এতিয়া ৭০গ্ৰাম মেগী মচলা নুডলছৰ মূল্য ১২ টকাৰ পৰা ১৪ টকালৈ বৃদ্ধি হৈছে। একে সময়তে, মেগী মচলা নুডলছৰ মূল্য ১৪০ গ্ৰাম বৃদ্ধিহৈছে ৩ বা ১২.৫ শতাংশ। তদুপৰি ইয়াৰ ৫৬০ গ্ৰাম পেকৰ মূল্য ৯.৪ শতাংশ বৃদ্ধি হৈছে। অৰ্থাৎ, এতিয়া আপুনি ইয়াৰ বাবে ৯৬টকাৰ পৰিৱৰ্তে ১০৫ টকা পৰিশোধ কৰিব লাগিব। নেছলেই গাখীৰ ১ লিটাৰ কাৰ্টুনৰ মূল্য ৪ শতাংশ বৃদ্ধি কৰিছে আৰু এতিয়া আপুনি ইয়াৰ বাবে আৰু ৩ টকা অৰ্থাৎ ৭৮ টকা পৰিশোধ কৰিব লাগিব। নেচকেফে ক্লাছিক কফি পাউডাৰৰ দামো তিনিৰ পৰা সাত শতাংশ বৃদ্ধি কৰা হৈছে, আনহাতে নেচকেফে ক্লাছিক ২৫ গ্ৰাম পেকৰ মূল্য ৭৮ টকাৰ পৰা ৮০ টকালৈ ২.৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগতে, নেচকেফে ক্লাছিক ৫০ গ্ৰাম পেকৰ মূল্যও ১৪৫ টকাৰ পৰা ১৫০ টকালৈ ৩.৪ শতাংশ বৃদ্ধি কৰা হৈছে। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান