--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা শোৱাৰ পজিচন বেয়া হ'লে ডিঙি জঠৰ হৈ পৰে বা ডিঙিত বিষ হয়। তাৰপাছত ডিঙিৰ বিষ শেষ নোহোৱালৈকে মনটোৱে একো কৰিবলৈ মন নকৰে। তেনেস্থলত ভাবকচোন কাৰোবাৰ যদি ডিঙি বহু বছৰ ধৰি বেঁকা হৈ থাকে তেওঁৰ কেনেকুৱা লাগিব? এজনী পাকিস্তানী ছোৱালীৰ ডিঙি যোৱা ১৩ বছৰ ধৰি বেঁকা হৈ আছে। এবাৰ ভাবকচোন কিমান কষ্টত আছে ছোৱালীজনী। ছোৱালীজনীৰ ডিঙিৰ সোঁফালে ৯০ ডিগ্ৰী বেঁকা হৈ আছে। সুখৰ কথাটো হ'ল যে এই ছোৱালীজনীয়ে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাইছে।অস্ত্ৰোপচাৰৰ দ্বাৰা তেওঁৰ ডিঙিটো পোন কৰা হ'ল। পাকিস্তানৰ এই ছোৱালীজনীৰ নাম আফছিন গুল। জন্মতে আন শিশুৰ দৰেই আছিল আফছিন কিন্তু এটা দুৰ্ঘটনাৰ পৰা তেওঁৰ ডিঙি বেঁকা হৈ যায়। আফছিনৰ বয়স তেতিয়া ৮ মাহ আছিল। বিচনাত খেলি থাকোতে কণমানিজনী তললৈ বাগৰি পৰিছিল আৰু তেওঁৰ ডিঙি বেঁকা হৈ গৈছিল। দুৰ্ঘটনাটোৰ পিছত আফছিনৰ পৰিয়ালৰ সদস্যসকলে ভাবিছিল যে তেওঁলোকৰ ছোৱালীৰ ডিঙি নিজে নিজে ঠিক হৈ যাব, কিন্তু সেয়া নহ'ল। এনেদৰেই ১৩ বছৰ কটাই দিলে ছোৱালীজনীয়ে। এদিন এখন বাতৰি কাকতত আফছিনৰ বিষয়ে বিতংভাৱে এটা প্ৰবন্ধ প্ৰকাশ পায়।ইয়াৰ পাছত অনেক লোক আফছিন গুলক সহায় কৰিবলৈ আগবাঢ়ি আহে। আফছিনৰ বাবে ৰাইজৰ বৰঙণিৰে প্ৰায় ২৫ লাখ টকা সংগ্ৰহ কৰা হয় আৰু তাৰপাছত চিকিৎসকৰ এটা দলে আফছিনৰ অস্ত্ৰোপচাৰ কৰে। সহজ হ'বলৈ কিছু দিন লাগিব যদিও আফছিনে ভৱিষ্যতৰ দিনবোৰ আন মানুহৰ দৰেই কটাব পাৰিব কিয়নো তেওঁৰ ডিঙিটো এতিয়া সম্পূৰ্ণ পোন হৈ পৰিছে। নতুন জীৱন দিয়া বাবে আফছিন গুলে আৰু তেওঁৰ পৰিয়ালে ৰাইজৰ লগতে চিকিৎসকৰ দলটোক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু পঢ়কঃ কাশ্মীৰী পণ্ডিতলৈ বিয়া হৈ মই বুজিছো এই বেদনা কিমান!‘কাশ্মীৰ ফাইলছ’লৈ সমৰ্থন য়ামী গৌতমৰ bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ