--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা শোৱাৰ পজিচন বেয়া হ'লে ডিঙি জঠৰ হৈ পৰে বা ডিঙিত বিষ হয়। তাৰপাছত ডিঙিৰ বিষ শেষ নোহোৱালৈকে মনটোৱে একো কৰিবলৈ মন নকৰে। তেনেস্থলত ভাবকচোন কাৰোবাৰ যদি ডিঙি বহু বছৰ ধৰি বেঁকা হৈ থাকে তেওঁৰ কেনেকুৱা লাগিব? এজনী পাকিস্তানী ছোৱালীৰ ডিঙি যোৱা ১৩ বছৰ ধৰি বেঁকা হৈ আছে। এবাৰ ভাবকচোন কিমান কষ্টত আছে ছোৱালীজনী। ছোৱালীজনীৰ ডিঙিৰ সোঁফালে ৯০ ডিগ্ৰী বেঁকা হৈ আছে। সুখৰ কথাটো হ'ল যে এই ছোৱালীজনীয়ে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাইছে।অস্ত্ৰোপচাৰৰ দ্বাৰা তেওঁৰ ডিঙিটো পোন কৰা হ'ল। পাকিস্তানৰ এই ছোৱালীজনীৰ নাম আফছিন গুল। জন্মতে আন শিশুৰ দৰেই আছিল আফছিন কিন্তু এটা দুৰ্ঘটনাৰ পৰা তেওঁৰ ডিঙি বেঁকা হৈ যায়। আফছিনৰ বয়স তেতিয়া ৮ মাহ আছিল। বিচনাত খেলি থাকোতে কণমানিজনী তললৈ বাগৰি পৰিছিল আৰু তেওঁৰ ডিঙি বেঁকা হৈ গৈছিল। দুৰ্ঘটনাটোৰ পিছত আফছিনৰ পৰিয়ালৰ সদস্যসকলে ভাবিছিল যে তেওঁলোকৰ ছোৱালীৰ ডিঙি নিজে নিজে ঠিক হৈ যাব, কিন্তু সেয়া নহ'ল। এনেদৰেই ১৩ বছৰ কটাই দিলে ছোৱালীজনীয়ে। এদিন এখন বাতৰি কাকতত আফছিনৰ বিষয়ে বিতংভাৱে এটা প্ৰবন্ধ প্ৰকাশ পায়।ইয়াৰ পাছত অনেক লোক আফছিন গুলক সহায় কৰিবলৈ আগবাঢ়ি আহে। আফছিনৰ বাবে ৰাইজৰ বৰঙণিৰে প্ৰায় ২৫ লাখ টকা সংগ্ৰহ কৰা হয় আৰু তাৰপাছত চিকিৎসকৰ এটা দলে আফছিনৰ অস্ত্ৰোপচাৰ কৰে। সহজ হ'বলৈ কিছু দিন লাগিব যদিও আফছিনে ভৱিষ্যতৰ দিনবোৰ আন মানুহৰ দৰেই কটাব পাৰিব কিয়নো তেওঁৰ ডিঙিটো এতিয়া সম্পূৰ্ণ পোন হৈ পৰিছে। নতুন জীৱন দিয়া বাবে আফছিন গুলে আৰু তেওঁৰ পৰিয়ালে ৰাইজৰ লগতে চিকিৎসকৰ দলটোক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু পঢ়কঃ কাশ্মীৰী পণ্ডিতলৈ বিয়া হৈ মই বুজিছো এই বেদনা কিমান!‘কাশ্মীৰ ফাইলছ’লৈ সমৰ্থন য়ামী গৌতমৰ bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক