--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লীক। শিহৰণকাৰী এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজধানীত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।  এটা ট্ৰেভেল বেগৰ ভিতৰত এগৰাকী কিশোৰৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাৰ এই শিহৰণকাৰী ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক উদ্বেগৰ। শুকুৰবাবে পুৱাৰ ভাগত উত্তৰ পশ্চিম দিল্লীৰ পৰা মাংগোলপুৰী এলেকাৰ পৰা ডিঙি কটা মৃতদেহটো উদ্ধাৰ কৰা হয়। জানিব পৰা মতে এটা বেগৰ ভিতৰত ভৰাই থোৱা মৃতদেহটো ১৭বছৰীয়া এজন কিশোৰৰ। বৃহস্পতিবাৰৰ পৰা কিশোৰজন সন্ধানহীন হৈ আছিল। দিল্লীৰ ৰোহিনী এলেকাৰ পৰা বৃহস্পতিবাৰে নিশা সন্ধানহীন হৈছিল কিশোৰজন। তেওঁৰ বিচাৰ-খোঁচাৰ চলি থকাৰ মাজতে আজি পুৱা প্ৰায় ৭বজাত মৃতদেহটোৰ বিষয়ে অৱগত হয় দিল্লী আৰক্ষী।  দিল্লী আৰক্ষীৰ আউটাৰ এলেকাৰ আয়ুক্ত সমীৰ শৰ্মাই প্ৰকাশ কৰে যে, মংগোলপুৰীৰ মূল পথৰ সমীপত থকা পীৰ বাবা মাজাৰৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। ডিঙি কটা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়। মৃতদেহটো এটা বেঙুণীয়া ৰঙৰ ট্ৰেভেল বেগৰ ভিতৰত ভৰাই থোৱা আছিল। তাৰ পাছত সমীপৰ সকলো আৰক্ষী থানাকে সন্ধানহীন লোক সম্পৰ্কীয় অভিযোগৰ বিচাৰ-খোচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়। তাৰ পাছচতে মৃতদেহটো ৰোহিনী ছেক্টৰ-১ৰ বাসিন্দা কিশোৰজনৰ বুলি নিশ্চিত কৰা হয়। এই তথ্যৰ আধাৰতে ৰোহিণী আৰক্ষী থানাত অপহৰণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান