--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শিহৰণকাৰী হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লীক। শিহৰণকাৰী এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজধানীত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।  এটা ট্ৰেভেল বেগৰ ভিতৰত এগৰাকী কিশোৰৰ ডিঙি কটা মৃতদেহ উদ্ধাৰ হোৱাৰ এই শিহৰণকাৰী ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক উদ্বেগৰ। শুকুৰবাবে পুৱাৰ ভাগত উত্তৰ পশ্চিম দিল্লীৰ পৰা মাংগোলপুৰী এলেকাৰ পৰা ডিঙি কটা মৃতদেহটো উদ্ধাৰ কৰা হয়। জানিব পৰা মতে এটা বেগৰ ভিতৰত ভৰাই থোৱা মৃতদেহটো ১৭বছৰীয়া এজন কিশোৰৰ। বৃহস্পতিবাৰৰ পৰা কিশোৰজন সন্ধানহীন হৈ আছিল। দিল্লীৰ ৰোহিনী এলেকাৰ পৰা বৃহস্পতিবাৰে নিশা সন্ধানহীন হৈছিল কিশোৰজন। তেওঁৰ বিচাৰ-খোঁচাৰ চলি থকাৰ মাজতে আজি পুৱা প্ৰায় ৭বজাত মৃতদেহটোৰ বিষয়ে অৱগত হয় দিল্লী আৰক্ষী।  দিল্লী আৰক্ষীৰ আউটাৰ এলেকাৰ আয়ুক্ত সমীৰ শৰ্মাই প্ৰকাশ কৰে যে, মংগোলপুৰীৰ মূল পথৰ সমীপত থকা পীৰ বাবা মাজাৰৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। ডিঙি কটা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়। মৃতদেহটো এটা বেঙুণীয়া ৰঙৰ ট্ৰেভেল বেগৰ ভিতৰত ভৰাই থোৱা আছিল। তাৰ পাছত সমীপৰ সকলো আৰক্ষী থানাকে সন্ধানহীন লোক সম্পৰ্কীয় অভিযোগৰ বিচাৰ-খোচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়। তাৰ পাছচতে মৃতদেহটো ৰোহিনী ছেক্টৰ-১ৰ বাসিন্দা কিশোৰজনৰ বুলি নিশ্চিত কৰা হয়। এই তথ্যৰ আধাৰতে ৰোহিণী আৰক্ষী থানাত অপহৰণ আৰু হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন