--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিবনুৱা আৰু দুৰ্নীতিৰ সমস্যাৰ বিৰুদ্ধে এজন বিধায়কে ঘোষনা কৰিছে অভিনৱ প্ৰতিবাদ৷ বেহৰোৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক বলজিৎ যাদৱে শুকুৰবাৰে নিবনুৱা আৰু দুৰ্নীতিৰ সমস্যাৰ বিৰুদ্ধে কেন্দ্ৰীয় উদ্যানত দৌৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধায়ক যাদৱে পোনপটীয়াকৈ ছ'চিয়েল মিডিয়াত ১২ঘণ্টাৰ দৌৰৰ এই প্ৰতিবাদ ঘোষণা কৰিছিল। নিৰ্দলীয় বিধায়ক বলজিৎ যাদৱে জয়পুৰৰ এখন উদ্যানত দৌৰি আৰইইটি কাকত ফাদিল কৰাৰ বাবে দায়ী বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিল৷ তেওঁ বৃহস্পতিবাৰেও ৰাজ্যিক বিধানসভাত প্ৰতিবাদ হিচাপে দৌৰাৰ কথা ঘোষণা কৰিছিল। তেঁও কয়, "মই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছো। মই তেওঁলোকক ৰাজ্যখনৰ যুৱসকলৰ বেদনাৰ বিষয়ে ক'ব বিচাৰো। ২৩ খন ৰাজ্য আছে য'ত ৰাজস্থানৰ যুৱকসকলক চাকৰি দিয়া হোৱা নাই। আনকি ৰাজ্য চৰকাৰেও তেওঁলোকক চাকৰি দিয়া নাই, যুৱকসকল ক'লৈ যাব?' https://twitter.com/ANI_MP_CG_RJ/status/1507329406099853317?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1507329406099853317%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Frajasthan-mlas-12-hour-run-to-mark-protest-against-state-government-2843513 তেওঁ লগতে কয়, 'নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ বাবে নিবনুৱাসকল অসহায় হৈ পৰিছে।' যাদৱে কৈছিল যে গুৰুকুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই চৰকাৰক কৈছে যে আন্তঃগাঁথনি সাজু আছে আনহাতে বিধেয়কখনত উল্লেখ কৰা সমগ্ৰ আন্তঃগাঁথনি কেৱল কাগজতহে আছে। উল্লেখ্য যে যাদৱৰ দৌৰাৰ পৰিকল্পনাৰ বিষয়ে সম্ভেদ লাভ কৰাৰ পাছতে উদ্যানখনত আন বিধায়কসকলো উপস্থিত হৈছিল৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান