--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিবনুৱা আৰু দুৰ্নীতিৰ সমস্যাৰ বিৰুদ্ধে এজন বিধায়কে ঘোষনা কৰিছে অভিনৱ প্ৰতিবাদ৷ বেহৰোৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক বলজিৎ যাদৱে শুকুৰবাৰে নিবনুৱা আৰু দুৰ্নীতিৰ সমস্যাৰ বিৰুদ্ধে কেন্দ্ৰীয় উদ্যানত দৌৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধায়ক যাদৱে পোনপটীয়াকৈ ছ'চিয়েল মিডিয়াত ১২ঘণ্টাৰ দৌৰৰ এই প্ৰতিবাদ ঘোষণা কৰিছিল। নিৰ্দলীয় বিধায়ক বলজিৎ যাদৱে জয়পুৰৰ এখন উদ্যানত দৌৰি আৰইইটি কাকত ফাদিল কৰাৰ বাবে দায়ী বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিল৷ তেওঁ বৃহস্পতিবাৰেও ৰাজ্যিক বিধানসভাত প্ৰতিবাদ হিচাপে দৌৰাৰ কথা ঘোষণা কৰিছিল। তেঁও কয়, "মই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছো। মই তেওঁলোকক ৰাজ্যখনৰ যুৱসকলৰ বেদনাৰ বিষয়ে ক'ব বিচাৰো। ২৩ খন ৰাজ্য আছে য'ত ৰাজস্থানৰ যুৱকসকলক চাকৰি দিয়া হোৱা নাই। আনকি ৰাজ্য চৰকাৰেও তেওঁলোকক চাকৰি দিয়া নাই, যুৱকসকল ক'লৈ যাব?' https://twitter.com/ANI_MP_CG_RJ/status/1507329406099853317?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1507329406099853317%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Frajasthan-mlas-12-hour-run-to-mark-protest-against-state-government-2843513 তেওঁ লগতে কয়, 'নিযুক্তি পৰীক্ষাত হোৱা অনিয়মৰ বাবে নিবনুৱাসকল অসহায় হৈ পৰিছে।' যাদৱে কৈছিল যে গুৰুকুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই চৰকাৰক কৈছে যে আন্তঃগাঁথনি সাজু আছে আনহাতে বিধেয়কখনত উল্লেখ কৰা সমগ্ৰ আন্তঃগাঁথনি কেৱল কাগজতহে আছে। উল্লেখ্য যে যাদৱৰ দৌৰাৰ পৰিকল্পনাৰ বিষয়ে সম্ভেদ লাভ কৰাৰ পাছতে উদ্যানখনত আন বিধায়কসকলো উপস্থিত হৈছিল৷ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন