--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মিঞা সম্প্ৰদায়কলৈ কৰা আপত্তিজনক বক্তব্যৰ বাবে বিৰোধী দল-সংগঠন সৰৱ হৈ থকাৰ সময়তে বিধায়ক শ্বেৰমান আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিঞা শব্দৰ ওপৰত৷

বিধায়কগৰাকীয়ে বাংলাদেশী, অনুপ্ৰবেশকাৰী, পমুৱা বুলি কোৱাতকৈ মিঞা বুলি ক'লে মই গৌৰৱ বোধ কৰিম বুলি বক্তব্য দাঙিধৰে। জাকিৰ হুছেইন শিকদাৰ আৰু ৱাজেদ আলী চৌধুৰীযে সিদ্ধান্ত লওক যে এই জনগোষ্ঠীটোক অনুপ্ৰৱেশকাৰী, চৰোৱা, পমুৱা সন্দেহ যুক্ত অনুপ্ৰৱেশকাৰী আদি বুলি মাতিব নেকি? বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে৷ লগতে তেওঁ কয় যে এই লোক সকল আহিছিল পূৰ্ববঙ্গৰ পৰা, এই সকল অনুপ্ৰৱেশকাৰী যদি অসম খন স্বাধীন হলে মাৰোৱাৰী বিহাৰী বোৰ অনুপ্ৰৱেশকাৰী হৈ যাব নেকি ? মিঞা শব্দৰ অৰ্থটো ভাল, মই ভাবো এই জনগোষ্ঠীটো এই স্থানৰ পৰাই আগবাঢ়ি যায়, মোক যদি অনুপ্ৰৱেশকাৰী বুলি কোৱাৰ পৰিৱৰ্তে মিঞা বুলি কয় মই ভাল পাম! অসমীয়া জাতি আৰু জনগোষ্ঠী দুটা বেলেগ বস্তু, বহু জনগোষ্ঠীৰে অসমীয়া জাতি নিৰ্মাণ হৈছে৷ মই অনুপ্ৰৱেশ কাৰী, বাংলাদেশী, বংগ মূলীয় অনুপ্ৰৱেশকাৰী শব্দ বোৰ কলে মই অপমান বোধ কৰোঁ বুলি সদৰি কৰে বিধায়কগৰাকীয়ে৷

স্মাৰ্ট মিটাৰ আৰু অন্য ৰাইজে জ্বলা কলা খোৱা বিষয় বোৰৰ পৰা ৰাইজৰ মনোযোগ আঁতৰাই ৰখাৰ বাবে এই সম্প্ৰদায়িক মন্তব্য কৰি আছে বুলিও সদৰি কৰে বিধায়কগৰাকীয়ে৷ প্ৰশ্ন হয় এই পৰিস্থিতয়ে আলোচনাৰ প্ৰকৃত বিষয়বোৰ তলপেলই গৈছে নেকি? কিহক লৈ ব্যস্ত হৈ পৰিছে জনতা?

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ