--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃজলবায়ু পৰিৱৰ্তনৰ কুফল ভুগিব লাগিব বিশ্ববাসীয়ে। পৃথিৱীৰ উত্তাপ বৃদ্ধি হোৱাৰ ফল ইতিমধ্যে আমি পাইছোৱেই, এতিয়া সেই উত্তাপ তিনি গুণ পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি ভয়াৱহ ভৱিষ্যতবাণী কৰিছে বিজ্ঞানীসকলে। কল্পনা কৰকচোন কেনে পৰিস্থিতি হ’ব তেতিয়া।এক নতুন অধ্যয়ন অনুসৰি আগন্তুক দশকবোৰত  জলবায়ু পৰিৱৰ্তনৰ বাবেই  পৃথিৱীৰ বেছিভাগ অংশত অতি কমেও তিনিগুণ অধিক মাত্ৰাত তাপ বৃদ্ধি পাব।শেহতীয়াকৈ এখন পৰিৱেশ সম্পৰ্কীয় আলোচনাত এনে আশংকা ব্যক্ত কৰা হৈছে।

অধ্যয়নটোত কোৱা হৈছে যে  ২১০০  চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূবৰ দৰে ঠাইবোৰত  গ্ৰীষ্মকালৰ বেছিভাগ সময় ভাবিব নোৱাৰা ধৰণৰ তাপে দহিব।

হাৰ্ভাৰ্ডৰ জলবায়ু বিজ্ঞানী লুকাছ জেপ্পেটেলোৱে কয়, "এয়া হ’ব এক ধৰণৰ ভয়ংকৰ কথা।"

জেপ্পেটেলো আৰু তেওঁৰ সহকৰ্মীসকলে উচ্চ তাপৰ দুটা পৃথক স্তৰৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ ১,০০০ তকৈও অধিক কম্পিউটাৰৰ সহায় লৈছিল।তেওঁলোকে  ২০৫০ আৰু ২১০০ বৰ্ষৰ বাবে তাপৰ সাম্ভাৱ্য মাত্ৰা গণনা কৰিছিল আৰু ১৯৭৯ চনৰ পৰা ১৯৯৮ চনলৈ বিশ্বজুৰি প্ৰতি বছৰে কিমান সঘনাই তাপৰ পৰিৱৰ্তন ঘটিছে সেয়া জুকিয়াই চাইছিল।

অধ্যয়নটো  অনুসৰি, অধিক ভয়ংকৰ কথাটো এয়াই  যে ২১০০ চনৰ ভিতৰত ক্ৰান্তীয় অঞ্চলবোৰত তপমাত্ৰা ১০০ ডিগ্ৰীৰ ওপৰত হ’ব পাৰে৷ তেনে পৰিস্থিতিত মানুহ বা আন প্ৰাণী তিষ্ঠি  থকাটোৱেই টান হৈ পৰিব৷

গৱেষক জেপ্পেটেলোৱে কয় যে তাপবৃদ্ধিৰ প্ৰভাৱত সাগৰৰ  পানীৰ স্তৰ বৃদ্ধি, পানীৰ অভাৱ আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তনৰ লগতে তাপ তৰংগৰ সৃষ্টি হৈছে৷

অধ্যয়নটোত অংশগ্ৰহণ নকৰা উডৱেল জলবায়ু গৱেষণা কেন্দ্ৰৰ জলবায়ু বিজ্ঞানী জেনিফাৰ ফ্ৰান্সিছে এক ইমেইলযোগে কয়, "আশংকাৰ  বিষয় যে এই অধ্যয়নত দেখুওৱা ভয়ংকৰ ভৱিষ্যতবাণী বিশ্বাসযোগ্য। যোৱা দুটা গ্ৰীষ্মঅ আমাৰ ভৱিষ্যতৰ বাবে এক অশনি সংকেত বহন কৰিছে৷ ইউৰোপ, চীন, উত্তৰ-পশ্চিম উত্তৰ আমেৰিকা, ভাৰত, দক্ষিণ-মধ্য আমেৰিকা, ব্ৰিটেইন, মধ্য চাইবেৰিয়া আৰু আনকি নিউ ইংলেণ্ডত মাৰাত্মক তাপ প্ৰবাহৰ সৈতে। ইতিমধ্যে গৰম ঠাইবোৰ হৈ পৰিব বসবাসৰ অযোগ্য ,কিয়নো তাপ সূচকবোৰে বিপজ্জনক সীমা অতিক্ৰম কৰিছে, যাৰ ফলত মানুহ আৰু পৰিৱেশ তন্ত্ৰ  প্ৰভাৱান্ৱিত হৈছে। "

আন এগৰাকী বিজ্ঞানী  ছালাছে এক ইমেইলত কয়, "তাপ সূচক বৃদ্ধি হোৱাৰ লগে লগে, আমাৰ শৰীৰ শীতল কৰি ৰখাটো  আৰু কঠিন হৈ পৰিব।হিট ষ্ট্ৰোক হৈছে তাপ ৰোগৰ এক সাম্ভাব্য মাৰাত্মক প্ৰকাৰ যি শৰীৰৰ তাপমাত্ৰা বিপদজনক স্তৰলৈ বৃদ্ধি হ'লে হয়।"

অধ্যয়নটো  জলবায়ু গৱেষণাৰ  গাণিতিক সম্ভাৱনাৰ ওপৰত আধাৰ কৰি চলোৱা হৈছিল৷ উল্লেখ্য গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।

দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান