--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে যে বুধ গ্ৰহত বৃহৎ পৰিমাণৰ হীৰাৰ ডাঠ তৰপ আছে। লাইভ চাইন্সৰ প্ৰতিবেদনত প্ৰকাশিত এক অধ্যয়নত প্ৰকাশ পাইছে যে বুধ গ্ৰহৰ পৃষ্ঠৰ শ শ মাইল তলত হীৰাৰ ডাঠ তৰপ থাকিব পাৰে। বেইজিঙৰ চেণ্টাৰ ফৰ হাই প্ৰেচাৰ চাইন্স এণ্ড টেকন’লজি এডভান্সড ৰিচাৰ্চৰ বিজ্ঞানী অধ্যয়নৰ সহ-লেখক ইয়ানহাও লিনে কয় যে বুধ গ্ৰহৰ উচ্চ কাৰ্বনৰ পৰিমাণে আমাক উপলব্ধি কৰাইছে যে হয়তো ইয়াৰ ভিতৰৰ অংশত বিশেষ কিবা এটা ঘটিছে। তেওঁ কয় যে বুধ গ্ৰহটোৰ চুম্বকীয় ক্ষেত্ৰ আছে। একে সময়তে নাছাৰ মেচেঞ্জাৰ মহাকাশযানেও এক অধ্যয়নত বুধ গ্ৰহৰ পৃষ্ঠত অন্ধকাৰ অঞ্চল আৱিষ্কাৰ কৰিছে। ইয়াক গ্ৰেফাইট বুলি চিনাক্ত কৰা হৈছে।

শেহতীয়াকৈ বিজ্ঞানীসকলে নেচাৰ কমিউনিকেশ্যনত এক অধ্যয়নও প্ৰকাশ কৰিছে য’ত বুধ গ্ৰহৰ কোৰ-মেণ্টেলৰ সীমাত হীৰাৰ তৰপ এটা প্ৰকাশ পাইছে। গৱেষণাৰ পৰা দেখা গৈছে যে ৰাসায়নিক মিশ্ৰণটো অধিক উষ্ণতাত চালফাৰ যোগ কৰিলেহে জমা হয়। এনে পৰিস্থিতিত হীৰা গঠন হোৱাৰ সম্ভাৱনা থাকে।

দলটোৰ কম্পিউটাৰ মডেলৰ পৰা অনুমান কৰা হৈছিল যে এই পৰিস্থিতিত বুধ গ্ৰহৰ ভিতৰৰ কোৰ কঠিন হোৱাৰ সময়ত হীৰা গঠন হ’ব পাৰে। কিন্তু হীৰা থকাৰ পিছতো ইয়াৰ খনন সম্ভৱ নহয় কাৰণ গ্ৰহটোৰ অতি উচ্চ উষ্ণতাৰ উপৰিও হীৰাবোৰ পৃষ্ঠৰ পৰা প্ৰায় ৪৮৫ কিলোমিটাৰ তলত অৱস্থিত হোৱাৰ বাবে ইয়াক উলিওৱাটো অসম্ভৱ হৈ পৰিছে। একে সময়তে ২০১৯ চনৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে বুধ গ্ৰহৰ মেণ্টেল পূৰ্বতে ভবাতকৈ ৫০ কিলোমিটাৰ (৮০ মাইল) গভীৰ হ’ব পাৰে। ইয়াৰ ফলত মেণ্টেল-কোৰৰ সীমাত উষ্ণতা আৰু চাপ বৃদ্ধি পাব, যাৰ ফলত কাৰ্বন স্ফটিকীয় হৈ হীৰালৈ পৰিণত হ’ব পৰা পৰিস্থিতিৰ সৃষ্টি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ