--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱী অভিমুখে আহি আছে এটা বিশাল গ্ৰহাণু। এই গ্ৰহাণুই যিকোনো মুহূৰ্ততে পৃথিৱীত মাৰিব পাৰে খুন্দা। ফলত পৃথিৱীৰ হ’ব পাৰে বিস্তৰ ক্ষতি। এই সতৰ্কবাণী শুনাইছে মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই।  নাছাই সমগ্ৰ পৃথিৱীৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। এই সতৰ্কবাণী অনুসৰি অতি সোনকালেই এটা ডাঙৰ গ্ৰহাণুৱে   পৃথিৱীত খুন্দা মাৰি পৃথিৱীৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে।  এই গ্ৰহাণুৰ নাম ‘Apollo MG 1’। ইয়াৰ দৈৰ্ঘ্য এখন বয়িং ৭৬৭ বিমানৰ সমান আৰু ইয়াৰ ওজন বহুগুণে বেছি। নাছাৰ তথ্য অনুসৰি প্ৰায় ২২০ ফুট দীঘল এই গ্ৰহাণুটোৱে  মহাকাশত প্ৰতি ঘণ্টাত ৭৩ হাজাৰ কিলোমিটাৰ বেগত গতি কৰি পৃথিৱীৰ ফালে আহি  আছে।

নাছাৰ মতে, ২০২৪ চনৰ ২১ জুলাইত অৰ্থাৎ  আজি এই গ্ৰহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব  পাৰে। ভাৰতীয় সময় অনুসৰি  ২২ জুলাইৰ পুৱা ৩:১০ বজাত গ্ৰহাণুটোৱে পৃথিৱীৰ নিচেই কাষ  চপাৰ সম্ভাৱনা আছে। এই গ্ৰহাণুটো  পৃথিৱীৰ পৰা প্ৰায় ৪২ লাখ কিলোমিটাৰ দূৰৰ  পৰা পৃথিৱীৰ ফালে আহি আছে। এই গ্ৰহাণুটোৰ নামকৰণ কৰা হৈছে এপ’ল’ মহাকাশযানৰ নামেৰে। এই গ্ৰহাণুৱে  পৃথিৱীত খুন্দা মাৰি ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে যদিও পৃথিৱীৰ কোনটো অংশত খুন্দা মাৰিব সেয়া নিশ্চিত কৰা নাই নাছাই।

একে সময়তে নাছাৰ বিজ্ঞানীসকলে কয় যে যেতিয়া গ্ৰহাণুৱে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ২০১৩ চনত চেলিয়াবিনস্কৰ অগ্নিকাণ্ডৰ দৰে ধ্বংসলীলাৰ সৃষ্টি  হ’ব পাৰে। ২০১৩ চনৰ ১৫ ফেব্ৰুৱাৰীত ৰাছিয়াৰ দক্ষিণ উৰাল অঞ্চলত অৱস্থিত এই চহৰখনত বৃহৎ উল্কাপিণ্ডৰ খুন্দাত জুই লাগিছিল। যদিও এপ’ল’ এম জি ১-এ পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা ক্ষীণ, তথাপিও নাছাৰ বিজ্ঞানীসকলে ইয়াৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। নাছাৰ বিজ্ঞানীসকলে ৰাডাৰ ব্যৱস্থা আৰু টেলিস্কোপৰ সহায়ত গ্ৰহাণুটোৰ তথ্য লাভ কৰিছে। এই গ্ৰহাণুটোর গতি বিবেচনা কৰিলে ইয়াৰ পথ সলনি হোৱাৰ সম্ভাৱনা আছে বুলিও নাছাৰ বিজ্ঞানীসকলে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ