--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাচাৰ শেহতীয়া তথ্য অনুসৰি বিজ্ঞানীসকলে মংগল গ্ৰহত আৱিষ্কাৰ কৰিছে গ্ৰহটোৰ শিলৰ বাহিৰৰ খোলাৰ গভীৰতাত তৰল পানীৰ জলাশয়। ২০১৮ চনৰ নাছাৰ মংগল অভিযানৰ মাৰ্ছ ইনচাইট লেণ্ডাৰৰ নতুন বিশ্লেষণৰ পৰা পোহৰলৈ আহিছে এই তথ্য পোৱা গৈছে।

লেণ্ডাৰখনৰ ভূমিকম্পমাপক যন্ত্ৰই ৰঙা গ্ৰহৰ গভীৰ ভিতৰৰ পৰা চাৰি বছৰীয়া কঁম্পন ৰেকৰ্ড কৰিছিল । সেই ভূমিকম্পৰ কঁম্পন বিশ্লেষণ কৰি গ্ৰহটোৱে কেনেকৈ গতি কৰে সেই তথ্যৰ লগতে তৰল পানীৰ "ভূমিকম্পীয় সংকেত" উন্মোচন কৰে বিজ্ঞানীসকলে।

নেচনেল একাডেমী অৱ চাইন্সেছৰ প্ৰচিডিংছৰ তথ্য অনুসৰি মংগল গ্ৰহৰ মেৰুত পানী বৰফ হৈ থকা আৰু বায়ুমণ্ডলত বাষ্পৰ প্ৰমাণ থকাৰ বিপৰীতে এই গ্ৰহটোত প্ৰথমবাৰৰ বাবে তৰল পানী সম্ভেদ পোৱা গৈছে।

লেণ্ডাৰখনে চাৰি বছৰ ধৰি "মংগল গ্ৰহৰ স্পন্দন" শুনি নিৰৱে বহি থকাৰ পিছত ইনচাইটৰ বৈজ্ঞানিক অভিযানৰ অন্ত পৰে ২০২২ চনৰ ডিচেম্বৰ মাহত। এই সময়ছোৱাৰ অনুসন্ধানত ১৩১৯ টাতকৈও অধিক ভূমিকম্পৰ তথ্য লাভ কৰিছ্লি। বিজ্ঞানীসকলে ভূমিকম্পীয় তৰংগ কিমান বেগেৰে যাত্ৰা কৰে জুখি, কি পদাৰ্থৰ মাজেৰে গতি কৰাৰ সম্ভাৱনা বেছি তাৰ সম্ভেদ বিচাৰি উলিয়াইছে।

উক্ত গৱেষণাৰ সৈতে জড়িত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল মাংগাই ব্যাখ্যা কৰে যে এইবোৰ আচলতে আমি পৃথিৱীত পানীৰ সন্ধান কৰিবলৈ, বা তেল আৰু গেছ বিচাৰিবলৈ ব্যৱহাৰ কৰা একে কৌশল।

গৱেষনাত মংগল গ্ৰহৰ খোলাত প্ৰায় ছয়ৰ পৰা ১২ মাইল (১০ৰ পৰা ২০ কিলোমিটাৰ) গভীৰতাত পানীৰ জলাশয়ৰ সন্ধান পোৱা গৈছে।

ইউ.চি.ছান ডিয়েগোৰ স্ক্ৰিপছ ইনষ্টিটিউচন অৱ অ’চেন’গ্ৰাফীৰ মুখ্য গৱেষক ড০ ভাছান ৰাইটে, জলবায়ু, পৃষ্ঠ আৰু অভ্যন্তৰীণ অংশৰ বিৱৰ্তন বুজিবলৈ মংগল গ্ৰহৰ জলচক্ৰৰ বিষয়ে বুজাটো অতি গুৰুত্বপূৰ্ণ বুলি মতপ্ৰকাশ কৰে। 

অধ্যাপক মাংগাই লগতে সংযোগ কৰি কয় যে পানী হৈছে “গ্ৰহৰ বিৱৰ্তন গঢ় দিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ অণু”।"মংগল গ্ৰহৰ সকলো পানী ক'লৈ গ'ল?" তাৰ উত্তৰ পোৱা গৈছে এই আবিস্কাৰত।

মংগল গ্ৰহৰ পৃষ্ঠৰ অধ্যয়নত ইয়াৰ নলা আৰু ঢৌৰ সৈতে প্ৰাচীন কালত এই গ্ৰহত নদী আৰু হ্ৰদ  থকাৰ প্ৰমান পোৱা গৈছে। কিন্তু তিনি বিলিয়ন বছৰ ধৰি ই এক মৰুভূমিত পৰিণত হৈ আছে। সেই পানীৰ কিছু অংশ মহাকাশলৈ হেৰাই গৈছিল আৰু মংগল গ্ৰহে বায়ুমণ্ডল হেৰুৱাইছিল।"আমাৰ পানীৰ বহুখিনি মাটিৰ তলত আছে আৰু মংগল গ্ৰহতো তেনে নহ'বৰ কোনো কাৰণ নাই।" বুলি উল্লেখ কৰে অধ্যাপক মাংগাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু