--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাচাৰ শেহতীয়া তথ্য অনুসৰি বিজ্ঞানীসকলে মংগল গ্ৰহত আৱিষ্কাৰ কৰিছে গ্ৰহটোৰ শিলৰ বাহিৰৰ খোলাৰ গভীৰতাত তৰল পানীৰ জলাশয়। ২০১৮ চনৰ নাছাৰ মংগল অভিযানৰ মাৰ্ছ ইনচাইট লেণ্ডাৰৰ নতুন বিশ্লেষণৰ পৰা পোহৰলৈ আহিছে এই তথ্য পোৱা গৈছে।

লেণ্ডাৰখনৰ ভূমিকম্পমাপক যন্ত্ৰই ৰঙা গ্ৰহৰ গভীৰ ভিতৰৰ পৰা চাৰি বছৰীয়া কঁম্পন ৰেকৰ্ড কৰিছিল । সেই ভূমিকম্পৰ কঁম্পন বিশ্লেষণ কৰি গ্ৰহটোৱে কেনেকৈ গতি কৰে সেই তথ্যৰ লগতে তৰল পানীৰ "ভূমিকম্পীয় সংকেত" উন্মোচন কৰে বিজ্ঞানীসকলে।

নেচনেল একাডেমী অৱ চাইন্সেছৰ প্ৰচিডিংছৰ তথ্য অনুসৰি মংগল গ্ৰহৰ মেৰুত পানী বৰফ হৈ থকা আৰু বায়ুমণ্ডলত বাষ্পৰ প্ৰমাণ থকাৰ বিপৰীতে এই গ্ৰহটোত প্ৰথমবাৰৰ বাবে তৰল পানী সম্ভেদ পোৱা গৈছে।

লেণ্ডাৰখনে চাৰি বছৰ ধৰি "মংগল গ্ৰহৰ স্পন্দন" শুনি নিৰৱে বহি থকাৰ পিছত ইনচাইটৰ বৈজ্ঞানিক অভিযানৰ অন্ত পৰে ২০২২ চনৰ ডিচেম্বৰ মাহত। এই সময়ছোৱাৰ অনুসন্ধানত ১৩১৯ টাতকৈও অধিক ভূমিকম্পৰ তথ্য লাভ কৰিছ্লি। বিজ্ঞানীসকলে ভূমিকম্পীয় তৰংগ কিমান বেগেৰে যাত্ৰা কৰে জুখি, কি পদাৰ্থৰ মাজেৰে গতি কৰাৰ সম্ভাৱনা বেছি তাৰ সম্ভেদ বিচাৰি উলিয়াইছে।

উক্ত গৱেষণাৰ সৈতে জড়িত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক মাইকেল মাংগাই ব্যাখ্যা কৰে যে এইবোৰ আচলতে আমি পৃথিৱীত পানীৰ সন্ধান কৰিবলৈ, বা তেল আৰু গেছ বিচাৰিবলৈ ব্যৱহাৰ কৰা একে কৌশল।

গৱেষনাত মংগল গ্ৰহৰ খোলাত প্ৰায় ছয়ৰ পৰা ১২ মাইল (১০ৰ পৰা ২০ কিলোমিটাৰ) গভীৰতাত পানীৰ জলাশয়ৰ সন্ধান পোৱা গৈছে।

ইউ.চি.ছান ডিয়েগোৰ স্ক্ৰিপছ ইনষ্টিটিউচন অৱ অ’চেন’গ্ৰাফীৰ মুখ্য গৱেষক ড০ ভাছান ৰাইটে, জলবায়ু, পৃষ্ঠ আৰু অভ্যন্তৰীণ অংশৰ বিৱৰ্তন বুজিবলৈ মংগল গ্ৰহৰ জলচক্ৰৰ বিষয়ে বুজাটো অতি গুৰুত্বপূৰ্ণ বুলি মতপ্ৰকাশ কৰে। 

অধ্যাপক মাংগাই লগতে সংযোগ কৰি কয় যে পানী হৈছে “গ্ৰহৰ বিৱৰ্তন গঢ় দিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ অণু”।"মংগল গ্ৰহৰ সকলো পানী ক'লৈ গ'ল?" তাৰ উত্তৰ পোৱা গৈছে এই আবিস্কাৰত।

মংগল গ্ৰহৰ পৃষ্ঠৰ অধ্যয়নত ইয়াৰ নলা আৰু ঢৌৰ সৈতে প্ৰাচীন কালত এই গ্ৰহত নদী আৰু হ্ৰদ  থকাৰ প্ৰমান পোৱা গৈছে। কিন্তু তিনি বিলিয়ন বছৰ ধৰি ই এক মৰুভূমিত পৰিণত হৈ আছে। সেই পানীৰ কিছু অংশ মহাকাশলৈ হেৰাই গৈছিল আৰু মংগল গ্ৰহে বায়ুমণ্ডল হেৰুৱাইছিল।"আমাৰ পানীৰ বহুখিনি মাটিৰ তলত আছে আৰু মংগল গ্ৰহতো তেনে নহ'বৰ কোনো কাৰণ নাই।" বুলি উল্লেখ কৰে অধ্যাপক মাংগাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ