--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সত্ৰীয়া নৃত্য পৰিৱেশন কৰি ইংলেণ্ডত বিশেষভাৱে সমাদৃত হৈছে দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা। ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ ওস্তাদ বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা নিজৰ কলা প্ৰতিভাৰ বাবে সমাদৃত হৈছে ইংলেণ্ডত। 

প্ৰায় এমাহজোৰা কাৰ্যসূচীৰে দুয়ো ইংলেণ্ডৰ বিভিন্ন ঠাইত কৰ্মশালা আৰু অনুষ্ঠান পৰিৱেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। দীপজ্যোতি-দীপাংকৰৰ ছাত্ৰী চীনু কিশোৰৰ আমন্ত্ৰণ ৰক্ষা কৰি, যোৱা ২০ ফেব্ৰুৱাৰীত বাৰ্মিংহামৰ কন্‌ছুলেট জেনেৰেল অৱ ইণ্ডিয়াত দুয়ো অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। 

পৰৱৰ্তী সময়ত হায়েছৰ নৱনাট চেণ্টাৰত 'নৃত্য নিৰ্মালি' শীৰ্ষক দ্বিতীয়টো অনুষ্ঠান পৰিৱেশন কৰে শিল্পীদুগৰাকীয়ে। এছেক্স (Essex)ত তাৰ ভাৰতীয় বাসিন্দাসকলে আয়োজন কৰা 'আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস'ৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত দীপজ্যোতি-দীপাংকৰে সত্ৰীয়া নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে 'দশাৱতাৰ' নৃত্য‌ও পৰিৱেশন কৰে তথা সত্ৰীয়া নৃত্য বিষয়ক প্ৰদৰ্শনমূলক বক্তৃতাও প্ৰদান কৰি সকলোকে আপ্লুত কৰে। 

লণ্ডনৰ হাই কমিছন অৱ ইণ্ডিয়াৰ নেহৰু চেণ্টাৰত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা বিদেশী কলাপ্ৰেমীসকলৰ সৈতে সত্ৰীয়া নৃত্য বিষয়ক মত বিনিময় কৰে। চীনু কিশোৰ, দেৱৰচনা, পৰীণীতা, পল্লৱী, জোনমণি, মধুস্মিতা আৰু অনাহিতাই দীপজ্যোতি-দীপাংকৰৰ সৈতে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী