--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সত্ৰীয়া নৃত্য পৰিৱেশন কৰি ইংলেণ্ডত বিশেষভাৱে সমাদৃত হৈছে দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা। ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ ওস্তাদ বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰা নিজৰ কলা প্ৰতিভাৰ বাবে সমাদৃত হৈছে ইংলেণ্ডত। 

প্ৰায় এমাহজোৰা কাৰ্যসূচীৰে দুয়ো ইংলেণ্ডৰ বিভিন্ন ঠাইত কৰ্মশালা আৰু অনুষ্ঠান পৰিৱেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। দীপজ্যোতি-দীপাংকৰৰ ছাত্ৰী চীনু কিশোৰৰ আমন্ত্ৰণ ৰক্ষা কৰি, যোৱা ২০ ফেব্ৰুৱাৰীত বাৰ্মিংহামৰ কন্‌ছুলেট জেনেৰেল অৱ ইণ্ডিয়াত দুয়ো অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। 

পৰৱৰ্তী সময়ত হায়েছৰ নৱনাট চেণ্টাৰত 'নৃত্য নিৰ্মালি' শীৰ্ষক দ্বিতীয়টো অনুষ্ঠান পৰিৱেশন কৰে শিল্পীদুগৰাকীয়ে। এছেক্স (Essex)ত তাৰ ভাৰতীয় বাসিন্দাসকলে আয়োজন কৰা 'আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস'ৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত দীপজ্যোতি-দীপাংকৰে সত্ৰীয়া নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে 'দশাৱতাৰ' নৃত্য‌ও পৰিৱেশন কৰে তথা সত্ৰীয়া নৃত্য বিষয়ক প্ৰদৰ্শনমূলক বক্তৃতাও প্ৰদান কৰি সকলোকে আপ্লুত কৰে। 

লণ্ডনৰ হাই কমিছন অৱ ইণ্ডিয়াৰ নেহৰু চেণ্টাৰত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা বিদেশী কলাপ্ৰেমীসকলৰ সৈতে সত্ৰীয়া নৃত্য বিষয়ক মত বিনিময় কৰে। চীনু কিশোৰ, দেৱৰচনা, পৰীণীতা, পল্লৱী, জোনমণি, মধুস্মিতা আৰু অনাহিতাই দীপজ্যোতি-দীপাংকৰৰ সৈতে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস