--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খং উঠিছে বৰুণ গান্ধীৰ। নাথুৰাম গডছেৰ প্ৰশংসাকাৰীৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপি সাংসদ বৰুণ গান্ধী। বিজেপিৰ ফায়াৰব্ৰেণ্ড সাংসদ বৰুণ গান্ধীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক সমৰ্থন কৰা আৰু তেওঁক প্ৰশংসা কৰা লোকসকলক ক্ষুৰধাৰ সমালোচনা কৰে। এনে মানুহ গৰিহনাৰ যোগ্য বুলি কয় বৰুণ গান্ধীয়ে।

সাংসদ গান্ধীয়ে কয় যে কিছুদিনৰ পৰা লক্ষ্য কৰিছো যে ''কিছুমান মানুহে নাথুৰাম গডছে জিন্দাবাদ বুলি ধ্বনি দিয়ে। এজন হত্যাকাৰীক জিন্দাবাদ বুলি ক'ব পৰা মানুহবোৰো কোনো হত্যাকাৰীতকৈ কম নহয়। যি গৰাকী মহান মানুহৰ নেতৃত্বত আজি আমি স্বাধীন নাগৰিক বুলি ক'ব পাৰো সেই গৰাকী মানুহ এতিয়া কিছুমানৰ চকুত অপৰাধী হ'ল আৰু তেওঁক হত্যা কৰা জনহে মহান হ'ল। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰীক জিন্দাবাদ বুলি ক'ব পৰা দেশত থাকিবলৈ আমি লজ্জিত অনুভৱ কৰা উচিত। যিসকলে নাথুৰাম গডছেক সমৰ্থন আৰু প্ৰশংসা কৰি আছে তেনে লোকক ফাঁচি দিয়া উচিত।'''

তেওঁ লগতে কয় যে ''উত্তৰ প্ৰদেশৰ লখিমপুৰৰ ঘটনাক লৈ গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পদত্যাগৰ বিষয়ে কোৱা মই দেশৰ প্ৰথমজন সাংসদ''। দৰাচলতে বিভিন্ন বিভাগৰ ঠিকা কৰ্মীসকলে যেতিয়া তেওঁলোকৰ দাবীক লৈ ধৰ্ণাত বহি আছিল তেতিয়া সাংসদ বৰুণ গান্ধী তেওঁলোকৰ মাজত উপস্থিত হৈছিল। তেওঁ ঠিকা কৰ্মীসকলক কৈছিল যে ভিক্ষাই কেতিয়াও অধিকাৰ প্ৰদান নকৰে। গতিকে আপোনাৰ শক্তি দেখুৱাওক যাতে আপুনি কৰ্তৃত্বৰ বাবে কাৰো সন্মুখত আপোনাৰ হাত প্ৰসাৰিত কৰিব নালাগে। উল্লেখ্য যে শেহতীয়াকৈ পিলিভিটত ঠিকা কৰ্মীৰ সৈতে বাৰ্তালাপ কৰিছিল বৰুণ গান্ধীয়ে আৰু ধৰ্ণা প্ৰদৰ্শন কৰা মহিলাসকলৰ সমস্যাৰ বুজ লৈছিল। সেই স্থানৰ পৰাই নাথুৰাম গডছেক সমৰ্থন কৰি থকাসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিজেপিৰ সাংসদগৰাকী।

আৰু পঢ়কঃ গে’ বিবাহ! ১০ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ অভয় আৰু সুপ্ৰিয়


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা