--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খং উঠিছে বৰুণ গান্ধীৰ। নাথুৰাম গডছেৰ প্ৰশংসাকাৰীৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপি সাংসদ বৰুণ গান্ধী। বিজেপিৰ ফায়াৰব্ৰেণ্ড সাংসদ বৰুণ গান্ধীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক সমৰ্থন কৰা আৰু তেওঁক প্ৰশংসা কৰা লোকসকলক ক্ষুৰধাৰ সমালোচনা কৰে। এনে মানুহ গৰিহনাৰ যোগ্য বুলি কয় বৰুণ গান্ধীয়ে।

সাংসদ গান্ধীয়ে কয় যে কিছুদিনৰ পৰা লক্ষ্য কৰিছো যে ''কিছুমান মানুহে নাথুৰাম গডছে জিন্দাবাদ বুলি ধ্বনি দিয়ে। এজন হত্যাকাৰীক জিন্দাবাদ বুলি ক'ব পৰা মানুহবোৰো কোনো হত্যাকাৰীতকৈ কম নহয়। যি গৰাকী মহান মানুহৰ নেতৃত্বত আজি আমি স্বাধীন নাগৰিক বুলি ক'ব পাৰো সেই গৰাকী মানুহ এতিয়া কিছুমানৰ চকুত অপৰাধী হ'ল আৰু তেওঁক হত্যা কৰা জনহে মহান হ'ল। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰীক জিন্দাবাদ বুলি ক'ব পৰা দেশত থাকিবলৈ আমি লজ্জিত অনুভৱ কৰা উচিত। যিসকলে নাথুৰাম গডছেক সমৰ্থন আৰু প্ৰশংসা কৰি আছে তেনে লোকক ফাঁচি দিয়া উচিত।'''

তেওঁ লগতে কয় যে ''উত্তৰ প্ৰদেশৰ লখিমপুৰৰ ঘটনাক লৈ গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পদত্যাগৰ বিষয়ে কোৱা মই দেশৰ প্ৰথমজন সাংসদ''। দৰাচলতে বিভিন্ন বিভাগৰ ঠিকা কৰ্মীসকলে যেতিয়া তেওঁলোকৰ দাবীক লৈ ধৰ্ণাত বহি আছিল তেতিয়া সাংসদ বৰুণ গান্ধী তেওঁলোকৰ মাজত উপস্থিত হৈছিল। তেওঁ ঠিকা কৰ্মীসকলক কৈছিল যে ভিক্ষাই কেতিয়াও অধিকাৰ প্ৰদান নকৰে। গতিকে আপোনাৰ শক্তি দেখুৱাওক যাতে আপুনি কৰ্তৃত্বৰ বাবে কাৰো সন্মুখত আপোনাৰ হাত প্ৰসাৰিত কৰিব নালাগে। উল্লেখ্য যে শেহতীয়াকৈ পিলিভিটত ঠিকা কৰ্মীৰ সৈতে বাৰ্তালাপ কৰিছিল বৰুণ গান্ধীয়ে আৰু ধৰ্ণা প্ৰদৰ্শন কৰা মহিলাসকলৰ সমস্যাৰ বুজ লৈছিল। সেই স্থানৰ পৰাই নাথুৰাম গডছেক সমৰ্থন কৰি থকাসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিজেপিৰ সাংসদগৰাকী।

আৰু পঢ়কঃ গে’ বিবাহ! ১০ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ অভয় আৰু সুপ্ৰিয়


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম