--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অ'মিক্ৰনক লৈ চিন্তাত পৰিছে এইমছৰ সঞ্চালক৷ ক’ভিডৰ দৰেই অ’মিক্ৰনৰো দ্ৰুতসংক্ৰমণে ভাৰতত ভয়ংকৰ বিপদ ঘটাব পাৰে৷ বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত প্ৰায় দহ-সহস্ৰাধিক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্ৰিটেইনত অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতকো যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ।

এইমছৰ সঞ্চালকগৰাকীয়ে কয় যে, “পৃথিৱীৰ অন্য প্ৰান্তত বৃদ্ধি হোৱা এই ঘটনাসমূহৰ নিৰীক্ষণ কৰি বৰ্তমান যিকোনো পৰিস্থিতিৰ বাবে ভাৰতবৰ্ষও সাজু থকাটো প্ৰয়োজন।” লগতে ক’ভিডৰ দৰে অ’মিক্ৰনৰ প্ৰভাৱত ব্ৰিটেইনৰ দৰে ভাৰতৰ পৰিস্থিতি বেয়া নহওক বুলিও আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, গুজৰাটত নতুনকৈ ২টা অ’মিক্ৰনৰ ঘটনা ধৰা পৰাৰ পাছতে ভাৰতত আক্ৰান্তৰ সংখ্যা ১৪৫লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত ৪৮জন, দিল্লীত ২২জন, ৰাজস্থানত ১৭জন, কৰ্ণাটকত ১৪জন, তেলেংগানাত ২০জন, গুজৰাটত ৯জন, কেৰালাত ১১জন, অন্ধ্ৰ প্ৰদেশত এজন, চণ্ডীগড়ত এজন, তামিলনাডুত এজন আৰু পশ্চিম বংগত এজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে অ’মিক্ৰন।

ইফালে, ব্ৰিটেইনত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৫,০০০ৰো অধিক। বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত অ’মিক্ৰনৰ ফলত মৃত্যু হয় ৬ জনৰ আৰু ১২০০ লোক আক্ৰান্ত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য