--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অ'মিক্ৰনক লৈ চিন্তাত পৰিছে এইমছৰ সঞ্চালক৷ ক’ভিডৰ দৰেই অ’মিক্ৰনৰো দ্ৰুতসংক্ৰমণে ভাৰতত ভয়ংকৰ বিপদ ঘটাব পাৰে৷ বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত প্ৰায় দহ-সহস্ৰাধিক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্ৰিটেইনত অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতকো যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ আহ্বান এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ।

এইমছৰ সঞ্চালকগৰাকীয়ে কয় যে, “পৃথিৱীৰ অন্য প্ৰান্তত বৃদ্ধি হোৱা এই ঘটনাসমূহৰ নিৰীক্ষণ কৰি বৰ্তমান যিকোনো পৰিস্থিতিৰ বাবে ভাৰতবৰ্ষও সাজু থকাটো প্ৰয়োজন।” লগতে ক’ভিডৰ দৰে অ’মিক্ৰনৰ প্ৰভাৱত ব্ৰিটেইনৰ দৰে ভাৰতৰ পৰিস্থিতি বেয়া নহওক বুলিও আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, গুজৰাটত নতুনকৈ ২টা অ’মিক্ৰনৰ ঘটনা ধৰা পৰাৰ পাছতে ভাৰতত আক্ৰান্তৰ সংখ্যা ১৪৫লৈ বৃদ্ধি পায়। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত ৪৮জন, দিল্লীত ২২জন, ৰাজস্থানত ১৭জন, কৰ্ণাটকত ১৪জন, তেলেংগানাত ২০জন, গুজৰাটত ৯জন, কেৰালাত ১১জন, অন্ধ্ৰ প্ৰদেশত এজন, চণ্ডীগড়ত এজন, তামিলনাডুত এজন আৰু পশ্চিম বংগত এজন ব্যক্তিৰ শৰীৰত ধৰা পৰিছে অ’মিক্ৰন।

ইফালে, ব্ৰিটেইনত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ২৫,০০০ৰো অধিক। বিগত ২৪ ঘণ্টাত ব্ৰিটেইনত অ’মিক্ৰনৰ ফলত মৃত্যু হয় ৬ জনৰ আৰু ১২০০ লোক আক্ৰান্ত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা