--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধূলিস্যাৎ হোৱাৰ দিশে বচ্চন পৰিয়ালৰ গৰিমা! পানামা পেপাৰ্ছৰ বিতৰ্কই পুনৰ মূৰ দাঙি উঠি কালিমা সানিলে বচ্চন পৰিয়ালৰ গৰ্ব আৰু গৰিমাত। বহুচৰ্চিত এই পানামা পেপাৰ্ছ সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক চমন জাৰি কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে দেশজুৰি চৰ্চা আৰম্ভ হৈছে। পানামা পেপাৰ্ছ সম্পৰ্কত ইডি-এ ৪৮বছৰীয়া অভিনেত্ৰীগৰাকীক জেৰা কৰিব বিচাৰিছে। বিদেশত থকা সম্পত্তি সম্পৰ্কীয় গোচৰত বচ্চন পৰিয়ালৰো নাম সাঙোৰ খাইছিল। অভিষেক বচ্চনৰ পত্নী তথা অমিতাভৰ বোৱাৰী ঐশ্বৰ্যক ইয়াৰ আগেয়েও দুবাৰকৈ চমন দিছিল ইডি-এ। কিন্তু ইডিৰ এই চমনৰ পাছত দুবাৰকৈ অধিক সময় বিচাৰিছিল তাৰকাগৰাকীয়ে। এয়া তৃতীয়বাৰলৈ তেওঁলৈ জাৰি কৰা হ’ব চমন।

উল্লেখ্য যে, পানামা পেপৰ্ছ সম্পৰ্কীয় তদন্ত ২০১৭ চনতে আৰম্ভ কৰিছিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। বচ্চন পৰিয়াললৈ সংস্থাটোৱে চমন জাৰি কৰি ২০০৪চনৰ পৰা বিদেশলৈ প্ৰেৰণ কৰা ধনৰ খতিয়ান বিচাৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘লিবেৰালাইড ৰিমিটেন্স স্কীম (এলআৰএছ)ৰ আধাৰত এই চমন জাৰি কৰা হৈছিল তাৰকা পৰিয়ালটোলৈ। উল্লেখ্য যে, ২০১৬ চনত এই পানামা পেপাৰ্ছ চুৰি হোৱা আৰু দেশৰ সংবাদ মাধ্যমত এই সম্পৰ্কীয় তথ্য প্ৰকাশৰ পাছতে তোলপাৰ লাগিছিল। বিশ্বৰ বিভিন্নজন প্ৰভাৱাশালী আৰু ধন্যঢ্য লোকৰ লগতে এই তালিকাত নাম সন্নিৱিষ্ট হৈছিল বচ্চন পৰিয়ালৰো। এই পানামা পেপাৰ্ছত ৩০০ৰো অধিক লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি প্ৰকাশ পাইছিল। পানামা পেপাৰ্ছৰ এই বিতৰ্কই এতিয়া ঐশ্বৰ্যলৈ চমন জাৰি কৰাৰ পাছত নতুন ৰূপ পালে।

আৰু পঢ়কঃ গে’ বিবাহ! ১০ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ অভয় আৰু সুপ্ৰিয়


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম