--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধূলিস্যাৎ হোৱাৰ দিশে বচ্চন পৰিয়ালৰ গৰিমা! পানামা পেপাৰ্ছৰ বিতৰ্কই পুনৰ মূৰ দাঙি উঠি কালিমা সানিলে বচ্চন পৰিয়ালৰ গৰ্ব আৰু গৰিমাত। বহুচৰ্চিত এই পানামা পেপাৰ্ছ সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক চমন জাৰি কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে দেশজুৰি চৰ্চা আৰম্ভ হৈছে। পানামা পেপাৰ্ছ সম্পৰ্কত ইডি-এ ৪৮বছৰীয়া অভিনেত্ৰীগৰাকীক জেৰা কৰিব বিচাৰিছে। বিদেশত থকা সম্পত্তি সম্পৰ্কীয় গোচৰত বচ্চন পৰিয়ালৰো নাম সাঙোৰ খাইছিল। অভিষেক বচ্চনৰ পত্নী তথা অমিতাভৰ বোৱাৰী ঐশ্বৰ্যক ইয়াৰ আগেয়েও দুবাৰকৈ চমন দিছিল ইডি-এ। কিন্তু ইডিৰ এই চমনৰ পাছত দুবাৰকৈ অধিক সময় বিচাৰিছিল তাৰকাগৰাকীয়ে। এয়া তৃতীয়বাৰলৈ তেওঁলৈ জাৰি কৰা হ’ব চমন।

উল্লেখ্য যে, পানামা পেপৰ্ছ সম্পৰ্কীয় তদন্ত ২০১৭ চনতে আৰম্ভ কৰিছিল এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। বচ্চন পৰিয়াললৈ সংস্থাটোৱে চমন জাৰি কৰি ২০০৪চনৰ পৰা বিদেশলৈ প্ৰেৰণ কৰা ধনৰ খতিয়ান বিচাৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘লিবেৰালাইড ৰিমিটেন্স স্কীম (এলআৰএছ)ৰ আধাৰত এই চমন জাৰি কৰা হৈছিল তাৰকা পৰিয়ালটোলৈ। উল্লেখ্য যে, ২০১৬ চনত এই পানামা পেপাৰ্ছ চুৰি হোৱা আৰু দেশৰ সংবাদ মাধ্যমত এই সম্পৰ্কীয় তথ্য প্ৰকাশৰ পাছতে তোলপাৰ লাগিছিল। বিশ্বৰ বিভিন্নজন প্ৰভাৱাশালী আৰু ধন্যঢ্য লোকৰ লগতে এই তালিকাত নাম সন্নিৱিষ্ট হৈছিল বচ্চন পৰিয়ালৰো। এই পানামা পেপাৰ্ছত ৩০০ৰো অধিক লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি প্ৰকাশ পাইছিল। পানামা পেপাৰ্ছৰ এই বিতৰ্কই এতিয়া ঐশ্বৰ্যলৈ চমন জাৰি কৰাৰ পাছত নতুন ৰূপ পালে।

আৰু পঢ়কঃ গে’ বিবাহ! ১০ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ অভয় আৰু সুপ্ৰিয়


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ