--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গাখীৰ খালে পুষ্টি সাধন হয় বুলি কোৱা হয়। কিন্তু পুষ্টিৰ নামত বা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ নামত আপোনাক গাধৰ গাখীৰ খাবলৈ দিলে খাবনে? আপুনি নাখালেও পিছে জাক জাক মানুহ গাধৰ গাখীৰ খাবলৈ দৌৰি গৈছে। পিছে কিয়? উত্তৰ এটাই, সেয়া হ'ল এই গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি বৃদ্ধি পায় আৰু কৰ'নাৰ সৈতে যুঁজ দিব পাৰি।‘ইমিউনিটী বুষ্টাৰ’ৰ নামত বিক্ৰী হৈছে গাধৰ গাখীৰ। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ হিংগোলী জিলাত।

গাখীৰ বিক্ৰেতাই গাধৰ গাখীৰ প্ৰতি লিটাৰ দহ হাজাৰ টকাত বিক্ৰী কৰিছে। সেই স্থানত এই গাখীৰৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে হিংগোলীৰ গলিয়ে গলিয়ে ই বিক্ৰী হৈছে। ওচৰৰ জিলাৰ লোকসকলো এই খবৰ পাই হিংগোলীলৈ ঢপলিয়াই আহিছে। গাখীৰ বিক্ৰেতাই গ্ৰাহকক কয় যে ''গাধৰ গাখীৰ খাওক আৰু সুস্থ হৈ থাকক। এই গাখীৰ খালে সকলো ৰোগৰ পৰা ৰক্ষা পাব পাৰি। কৰোনা ৰোগকে ধৰি নিউমোনিয়া, জ্বৰ, কাহ, কফ আদি ৰোগ এই গাখীৰ খাই ভাল কৰিব পাৰি।'' গাখীৰ বিক্ৰেতা বালাজী মেচেৱাৰে কয় যে তেওঁ গাধৰ পৰা সতেজ গাখীৰ উলিয়াই বিক্ৰী কৰে। ই ৰোগৰ ক্ষেত্ৰত যথেষ্ট কাৰ্যকৰী। এক চামুচ গাখীৰৰ মূল্য ১০০ টকা আৰু এক লিটাৰ গাখীৰ দহ হাজাৰ টকাত বিক্ৰী হয়। নৱজাতক শিশুক এই জীৱবিধৰ গাখীৰ খুৱালে গোটেই জীৱনকাললৈ ই লাভদায়ক হয় বুলি দাবী কৰিছে গাখীৰ বিক্ৰেতাজনে। 

আনহাতে এই ঘটনাৰ সন্দৰ্ভত চিকিৎসক ভি এন ৰডগে কয় যে ''গাধৰ গাখীৰ প্ৰতি লিটাৰত ১০,০০০ টকাত বিক্ৰী কৰা হৈছে, এয়া বৰ আচৰিত কথা। এই গাখীৰ খালে কৰ'নাৰ দৰে মহামাৰীৰ পৰা আৰোগ্য হ'ব পাৰি বুলি কোৱা কথাটো একেবাৰে মিছা। কোনেও কাকো অন্ধভাৱে বিশ্বাস কৰিব নালাগে। মানুহে তেওঁলোকৰ টকা যাতে বিনা কাৰণত খৰচ নকৰে। মানুহ অসুস্থ হ'লে চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে।''

আৰু পঢ়কঃ বৰুণ সিং আইচিইউত; পিতৃৱে ক’লে ”মোৰ পুত্ৰ এজন যোদ্ধা, এই যুদ্ধত তেওঁ জয়ী হ’বই”


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম