--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গাখীৰ খালে পুষ্টি সাধন হয় বুলি কোৱা হয়। কিন্তু পুষ্টিৰ নামত বা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ নামত আপোনাক গাধৰ গাখীৰ খাবলৈ দিলে খাবনে? আপুনি নাখালেও পিছে জাক জাক মানুহ গাধৰ গাখীৰ খাবলৈ দৌৰি গৈছে। পিছে কিয়? উত্তৰ এটাই, সেয়া হ'ল এই গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি বৃদ্ধি পায় আৰু কৰ'নাৰ সৈতে যুঁজ দিব পাৰি।‘ইমিউনিটী বুষ্টাৰ’ৰ নামত বিক্ৰী হৈছে গাধৰ গাখীৰ। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ হিংগোলী জিলাত।

গাখীৰ বিক্ৰেতাই গাধৰ গাখীৰ প্ৰতি লিটাৰ দহ হাজাৰ টকাত বিক্ৰী কৰিছে। সেই স্থানত এই গাখীৰৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে হিংগোলীৰ গলিয়ে গলিয়ে ই বিক্ৰী হৈছে। ওচৰৰ জিলাৰ লোকসকলো এই খবৰ পাই হিংগোলীলৈ ঢপলিয়াই আহিছে। গাখীৰ বিক্ৰেতাই গ্ৰাহকক কয় যে ''গাধৰ গাখীৰ খাওক আৰু সুস্থ হৈ থাকক। এই গাখীৰ খালে সকলো ৰোগৰ পৰা ৰক্ষা পাব পাৰি। কৰোনা ৰোগকে ধৰি নিউমোনিয়া, জ্বৰ, কাহ, কফ আদি ৰোগ এই গাখীৰ খাই ভাল কৰিব পাৰি।'' গাখীৰ বিক্ৰেতা বালাজী মেচেৱাৰে কয় যে তেওঁ গাধৰ পৰা সতেজ গাখীৰ উলিয়াই বিক্ৰী কৰে। ই ৰোগৰ ক্ষেত্ৰত যথেষ্ট কাৰ্যকৰী। এক চামুচ গাখীৰৰ মূল্য ১০০ টকা আৰু এক লিটাৰ গাখীৰ দহ হাজাৰ টকাত বিক্ৰী হয়। নৱজাতক শিশুক এই জীৱবিধৰ গাখীৰ খুৱালে গোটেই জীৱনকাললৈ ই লাভদায়ক হয় বুলি দাবী কৰিছে গাখীৰ বিক্ৰেতাজনে। 

আনহাতে এই ঘটনাৰ সন্দৰ্ভত চিকিৎসক ভি এন ৰডগে কয় যে ''গাধৰ গাখীৰ প্ৰতি লিটাৰত ১০,০০০ টকাত বিক্ৰী কৰা হৈছে, এয়া বৰ আচৰিত কথা। এই গাখীৰ খালে কৰ'নাৰ দৰে মহামাৰীৰ পৰা আৰোগ্য হ'ব পাৰি বুলি কোৱা কথাটো একেবাৰে মিছা। কোনেও কাকো অন্ধভাৱে বিশ্বাস কৰিব নালাগে। মানুহে তেওঁলোকৰ টকা যাতে বিনা কাৰণত খৰচ নকৰে। মানুহ অসুস্থ হ'লে চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰিব লাগে।''

আৰু পঢ়কঃ বৰুণ সিং আইচিইউত; পিতৃৱে ক’লে ”মোৰ পুত্ৰ এজন যোদ্ধা, এই যুদ্ধত তেওঁ জয়ী হ’বই”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান