--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বুশ্ৰা বিবিৰ ক’লা যাদু অসফল! তৃতীয় পত্নীৰে বিবাহ বিচ্ছেদ কৰি এতিয়া ভৱিষ্যৎবাণী কৰা ভাটোক বিয়া পাতিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! কাৰ্যতঃ এনে তীক্ষ্ণ কটাক্ষৰ সন্মুখীন হ’ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। শাসনৰ গাদীৰ পৰা উফৰি পৰাৰ পাছত এতিয়া বিভিন্নজনৰ আক্ৰমণ তথা কটাক্ষৰ সন্মুখীন হ’বলগীয়া হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান। এফালে, দেশৰ সংসদত তেওঁৰ বিৰুদ্ধে চলি আছে আস্থাৰ ভোট। এই ভোটত তেওঁ পৰাজিত হোৱাটো নিশ্চিতপ্ৰায়। এনে পৰিস্থিতিত তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী পক্ষৰ বিভিন্ন নেতাই। কেৱল বিৰোধী দলৰ নেতাই নহয়, ইমৰাণক এতিয়া কটাক্ষৰ লক্ষ্য কৰি লৈছে বাংলাদেশৰ লেখিকা তছলিমা নাছৰিনেও।

শনিবাৰে ইমৰাণক কটাক্ষ কৰি বাংলাদেশৰ লেখিকা তছলিমা নাছৰিনে কয়, তেওঁ এতিয়া তৃতীয় পত্নীক বিবাহ বিচ্ছেদ দিব পৰা হৈছে। ইমৰাণৰ তৃতীয় পত্নীক তেওঁৰ আধ্যাত্মিক দিশ নিৰ্দেশক বুলি অভিহিত কৰি তেওঁ ইমৰাণ খানক কটাক্ষ কৰে। তেওঁ কয় যে, ‘এতিয়া ইমৰাণ খানে তৃতীয় পত্নীক বিচ্ছেদ দিব পাৰে আৰু এটা ভৱিষ্যৎবাণী কৰা মাইকী ভাটৌক বিয়া কৰাব পাৰে, যিয়ে ক’ব যে, ইমৰাণ খানৰ কেতিয়াও মৃত্যু নহয়। 

তেওঁ মন্তব্য কৰে যে, ইমৰাণ খানে বুশ্ৰা বিবিক এইবাবেই বিয়া কৰাইছিল যে, তেওঁ ইমৰাণক প্ৰধানমন্ত্ৰীৰ আসনলৈ যোৱাৰ বাবে আধ্যাত্মিক দিশ নিৰ্দেশনা দিছিল। ‘ইমৰাণ খানে এইবাবেই বিয়া কৰাইছিল যে, তেওঁৰ ঐশ্বৰিক শক্তি থকা বুলি তেওঁ বিশ্বাস কৰিছিল আৰু বুশ্ৰাই ভৱিষ্যৎবাণী কৰিছিল যে, ইমৰাণ খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ব। কিন্তু তেওঁ যে, নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব সেই কথাৰ পূৰ্বানুমান বুশ্ৰাই কৰিব পাৰিছিল নে? নিশ্চয়কৈ পৰা নাছিল।’

বিশ্ববাসীৰ সন্মুখত লজ্জাজনক পৰিণতিৰ সন্মুখীন হোৱা ইমৰাণ খানক এনেদৰে তছলিমাই কটাক্ষ কৰাটো তাৎপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। উল্লেখ্য যে, ইমৰাণ খানৰ পত্নী বুশ্ৰা বিবি খানক লৈ নানা প্ৰচাৰ-অপ্ৰচাৰ চলি আহিছে। তেওঁৰ হাতত ক’লা যাদু আছে বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছিল। ইমৰাণ খানৰ চৰকাৰ সংকটৰ সন্মুখীন হোৱাৰ সময়তো বুশ্ৰাই ক’লা যাদু কৰি চৰকাৰ ৰক্ষাৰ চেষ্টা কৰা বুলি ব্যাপক চৰ্চা চলিছিল।
বুশ্ৰাই ইমৰানৰ ক্ষমতা ধৰি ৰখাৰ বাবে ক’লা যাদুৰ আশ্ৰয় লোৱা তথা তেওঁৰ ঘৰত জীৱন্ত কুকুৰা জ্বলোৱাৰ অভিযোগ উত্থাপন হৈছে। বিৰোধী নেতা শ্বেহবাজ শ্বৰীফে দাবী কৰিছে যে বুশ্ৰাই ক’লা যাদু কৰি আছে আৰু ইয়াৰ বাবে ইমৰাণৰ ঘৰত বানিগালাত কেইবা টন মাংস জ্বলাই দিয়া হৈছে। ইমৰাণৰ সৈতে বিবাহৰ পাছৰে পৰা বুশ্ৰা তেওঁৰ ৰহস্যময় ব্যক্তিত্বৰ বাবে বাতৰিৰ শিৰোনামলৈ আহিছে। বুশ্ৰাৰ বিৰুদ্ধে বহু সময়ত ক'লা যাদু কৰাৰ অভিযোগ উত্থাপন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক