--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাই ভ’ল্টেজ ড্ৰামা। পাকিস্তানৰ ইতিহাসৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে আস্থাৰ ভোটৰ জৰিয়তে ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল ইমৰাণ খানক। দীৰ্ঘদিনে চলি থকা জল্পনা-কল্পনা আৰু নাটকীয়তাৰ পাছত এখন হাইভ’ল্টেজ টি-২০ খেলৰ ছুপাৰ অভাৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ল পাকিস্তানৰ নেচনেল এচেম্বলীত। মাজনিশা উচ্চতম ন্যায়ালয় পালেগৈ আস্থাৰ ভোটৰ প্ৰসংগ। আস্থাৰ ভোটক বাধা দিবলৈ খান চৰকাৰে কৰা সকলো চেষ্টা ব্যৰ্থ হ’ল আৰু নিশা প্ৰায় ১২.৩০বজাত অনুষ্ঠিত আস্থাৰ ভোটত ইমৰাণ খানক ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল।

ইয়াৰ আগেয়ে কোনো এগৰাকী পাক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সম্পূৰ্ণ কাৰ্যকাল দায়িত্ব পালন কৰিব পৰা নাই যদিও আস্থাৰ ভোটৰ জৰিয়তে অপসাৰিত হোৱা ইমৰাণ খানেই প্ৰথমজন প্ৰধানমন্ত্ৰী। ইমৰাণ খানৰ এই পৰিণতিৰ পাছত এতিয়া তেওঁ ভৱিষ্যতক লৈও সংশয়ৰ সৃষ্টি হৈছে। তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে বুলিও চৰ্চা চলিছে। 

আনহাতে তেওঁক দেশ এৰাৰ পৰা বাৰণ কৰা হৈছে। উল্লেখ্য যে, ইমৰাণ খানৰ বিপক্ষে সংসদত ১৭৪গৰাকী সাংসদে ভোটদান কৰিছিল। আৰু তাৰ পাছতে ইমৰাণ খানৰ বিদায় অৱধাৰিত হৈ পৰে। এতিয়া পাকিস্তান চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে শ্বেহবাজ খান। বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে ২ বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক