--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাই ভ’ল্টেজ ড্ৰামা। পাকিস্তানৰ ইতিহাসৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে আস্থাৰ ভোটৰ জৰিয়তে ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল ইমৰাণ খানক। দীৰ্ঘদিনে চলি থকা জল্পনা-কল্পনা আৰু নাটকীয়তাৰ পাছত এখন হাইভ’ল্টেজ টি-২০ খেলৰ ছুপাৰ অভাৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ল পাকিস্তানৰ নেচনেল এচেম্বলীত। মাজনিশা উচ্চতম ন্যায়ালয় পালেগৈ আস্থাৰ ভোটৰ প্ৰসংগ। আস্থাৰ ভোটক বাধা দিবলৈ খান চৰকাৰে কৰা সকলো চেষ্টা ব্যৰ্থ হ’ল আৰু নিশা প্ৰায় ১২.৩০বজাত অনুষ্ঠিত আস্থাৰ ভোটত ইমৰাণ খানক ক্ষমতাৰ পৰা অপসাৰিত কৰা হ’ল।

ইয়াৰ আগেয়ে কোনো এগৰাকী পাক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সম্পূৰ্ণ কাৰ্যকাল দায়িত্ব পালন কৰিব পৰা নাই যদিও আস্থাৰ ভোটৰ জৰিয়তে অপসাৰিত হোৱা ইমৰাণ খানেই প্ৰথমজন প্ৰধানমন্ত্ৰী। ইমৰাণ খানৰ এই পৰিণতিৰ পাছত এতিয়া তেওঁ ভৱিষ্যতক লৈও সংশয়ৰ সৃষ্টি হৈছে। তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে বুলিও চৰ্চা চলিছে। 

আনহাতে তেওঁক দেশ এৰাৰ পৰা বাৰণ কৰা হৈছে। উল্লেখ্য যে, ইমৰাণ খানৰ বিপক্ষে সংসদত ১৭৪গৰাকী সাংসদে ভোটদান কৰিছিল। আৰু তাৰ পাছতে ইমৰাণ খানৰ বিদায় অৱধাৰিত হৈ পৰে। এতিয়া পাকিস্তান চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে শ্বেহবাজ খান। বিৰোধী নেতা আৰু পাকিস্তান মুছলিম লীগ-নাৱাজৰ (পিএমএল-এন) নেতা শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ দেওবাৰে ২ বজাত সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক