--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইউক্ৰেইনৰ যুদ্ধই দিন বাগৰাৰ লগে লগে এতিয়া অধিক হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে। ইউক্ৰেইনৰ অসামৰিকীকৰণৰ বাবে ৰাছিয়াই চলোৱা সামৰিক অভিযানৰ এতিয়া লক্ষ্য হৈ পৰিছে সাধাৰণ লোক। এতিয়া নৰমেধ যজ্ঞৰ ৰূপ লৈছে এই যুদ্ধই। ইউক্ৰেইনৰ বুচাত সংঘটিত গণহত্যাৰ কাহিনীয়ে তোলপৰা লগাইছে সমগ্ৰ বিশ্বতে। এতিয়া এই নৃশংসতাৰ আন এক নিদৰ্শন দেখিবলৈ পোৱা হৈছে ক্ৰামাতোৰাস্ক মহানগৰত।

 

পূব ইউক্ৰেইনৰ ক্ৰামাতোৰাস্ক মহানগৰৰ এটা ৰে’ল ষ্টেচনত শুকুৰবাৰে সংঘটিত এটা ৰকেট আক্ৰমণত কমেও ৫২জন লোক নিহত হৈছে। ইয়াৰ ভিতৰত ৫টি শিশুও আছে। এই আক্ৰমণত শতাধিক লোক আহত হৈছে। এই মহানগৰখনৰ মাজেৰে যুদ্ধজৰ্জৰ অঞ্চলবোৰৰ পৰা সাধাৰণ নাগৰিকক উদ্ধাৰ কৰা কাৰ্য চলাই থকা হৈছিল। ড’নেটছক এলেকাৰ গৱৰ্নৰ পাৱলো কাইৰেলেনক’ৱে প্ৰকাশ কৰে এই নৃশংস আক্ৰমণৰ কথা প্ৰকাশ কৰিছে। এই আক্ৰমণ সংঘটিত কৰাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াক ‘নৃশংসতাৰ কোনো সীমা নথকা দানৱ’ আখ্যা দিছে আৰু এই কাৰ্যৰ বিৰদ্ধে আন্তঃৰাষ্ট্ৰীয় মহলক তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

 

এই আক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইয়াক ভয়াৱহ নৃশংসতা আখ্যা দিছে। আনহাতে ফৰাচী বিদেশমন্ত্ৰীয়ে এই আক্ৰমণক মানৱতাৰ বিৰুদ্ধে অপৰাধ আখ্যা দিছে।

 

ইফালে, ৰুছ প্ৰতিৰক্ষা বিভাগে এই আক্ৰমণৰ বাবে কিয়েভকে জগৰীয়া কৰিছে। দেশ এৰি পলায়ন কৰা ইউক্ৰেনীয় লোকসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি ইউক্ৰেইনে নিজৰ সামৰিক বাহিনীৰ স্থিতি সুৰক্ষিত কৰিব বিচাৰিছে বুলিও তেওঁলোকে অভিযোগ কৰে।

 

উল্লেখ্য যে, ইউক্ৰেইনত ৰুছ সৈন্যই ব্যাপক যুদ্ধ অপৰাধ সংঘটিত কৰাৰ অভিযোগ উঠিছে। যিবোৰ ঠাইৰ মাজেৰে তেওঁলোকৰ সৈন্য পাৰ হৈ গৈছে তাতেই ব্যাপক ধ্বংসলীলা আৰু নৰহত্যাৰ নিদৰ্শন এতিয়া দেখিবলৈ পোৱা গৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াক আন যিকোনো সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছিল। ৰুছ প্ৰশাসনে এই অভিযোগবোৰ অস্বীকাৰ কৰি আহিছে যদিও ইউক্ৰেইনত ব্যাপক হাৰত সাধাৰণ মানুহৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তুলিছে। উল্লেখ্য যে, ইউক্ৰেইনত দেখুওৱা নৃশংসতাৰ বাবেই ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা ইতিমধ্যে নিলম্বনো কৰা হৈছে। কিন্তু মানৱতাৰ বিৰুদ্ধে ৰাছিয়াই যি সংকট সৃষ্টি কৰিছে তাক সহজে পূৰ কৰিব পৰাটো সম্ভৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক