--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইউক্ৰেইনৰ যুদ্ধই দিন বাগৰাৰ লগে লগে এতিয়া অধিক হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে। ইউক্ৰেইনৰ অসামৰিকীকৰণৰ বাবে ৰাছিয়াই চলোৱা সামৰিক অভিযানৰ এতিয়া লক্ষ্য হৈ পৰিছে সাধাৰণ লোক। এতিয়া নৰমেধ যজ্ঞৰ ৰূপ লৈছে এই যুদ্ধই। ইউক্ৰেইনৰ বুচাত সংঘটিত গণহত্যাৰ কাহিনীয়ে তোলপৰা লগাইছে সমগ্ৰ বিশ্বতে। এতিয়া এই নৃশংসতাৰ আন এক নিদৰ্শন দেখিবলৈ পোৱা হৈছে ক্ৰামাতোৰাস্ক মহানগৰত।

 

পূব ইউক্ৰেইনৰ ক্ৰামাতোৰাস্ক মহানগৰৰ এটা ৰে’ল ষ্টেচনত শুকুৰবাৰে সংঘটিত এটা ৰকেট আক্ৰমণত কমেও ৫২জন লোক নিহত হৈছে। ইয়াৰ ভিতৰত ৫টি শিশুও আছে। এই আক্ৰমণত শতাধিক লোক আহত হৈছে। এই মহানগৰখনৰ মাজেৰে যুদ্ধজৰ্জৰ অঞ্চলবোৰৰ পৰা সাধাৰণ নাগৰিকক উদ্ধাৰ কৰা কাৰ্য চলাই থকা হৈছিল। ড’নেটছক এলেকাৰ গৱৰ্নৰ পাৱলো কাইৰেলেনক’ৱে প্ৰকাশ কৰে এই নৃশংস আক্ৰমণৰ কথা প্ৰকাশ কৰিছে। এই আক্ৰমণ সংঘটিত কৰাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াক ‘নৃশংসতাৰ কোনো সীমা নথকা দানৱ’ আখ্যা দিছে আৰু এই কাৰ্যৰ বিৰদ্ধে আন্তঃৰাষ্ট্ৰীয় মহলক তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

 

এই আক্ৰমণৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইয়াক ভয়াৱহ নৃশংসতা আখ্যা দিছে। আনহাতে ফৰাচী বিদেশমন্ত্ৰীয়ে এই আক্ৰমণক মানৱতাৰ বিৰুদ্ধে অপৰাধ আখ্যা দিছে।

 

ইফালে, ৰুছ প্ৰতিৰক্ষা বিভাগে এই আক্ৰমণৰ বাবে কিয়েভকে জগৰীয়া কৰিছে। দেশ এৰি পলায়ন কৰা ইউক্ৰেনীয় লোকসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি ইউক্ৰেইনে নিজৰ সামৰিক বাহিনীৰ স্থিতি সুৰক্ষিত কৰিব বিচাৰিছে বুলিও তেওঁলোকে অভিযোগ কৰে।

 

উল্লেখ্য যে, ইউক্ৰেইনত ৰুছ সৈন্যই ব্যাপক যুদ্ধ অপৰাধ সংঘটিত কৰাৰ অভিযোগ উঠিছে। যিবোৰ ঠাইৰ মাজেৰে তেওঁলোকৰ সৈন্য পাৰ হৈ গৈছে তাতেই ব্যাপক ধ্বংসলীলা আৰু নৰহত্যাৰ নিদৰ্শন এতিয়া দেখিবলৈ পোৱা গৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে ৰাছিয়াক আন যিকোনো সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছিল। ৰুছ প্ৰশাসনে এই অভিযোগবোৰ অস্বীকাৰ কৰি আহিছে যদিও ইউক্ৰেইনত ব্যাপক হাৰত সাধাৰণ মানুহৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তুলিছে। উল্লেখ্য যে, ইউক্ৰেইনত দেখুওৱা নৃশংসতাৰ বাবেই ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ পৰা ইতিমধ্যে নিলম্বনো কৰা হৈছে। কিন্তু মানৱতাৰ বিৰুদ্ধে ৰাছিয়াই যি সংকট সৃষ্টি কৰিছে তাক সহজে পূৰ কৰিব পৰাটো সম্ভৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত