--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত বিশ্বাসেই মূল সাৰথি। যেতিয়া বিশ্বাস ভংগ হয় সেই প্ৰেমৰ সম্পৰ্ক কেতিয়াও বৰ্তি নাথাকে। এজন তাৰকা খেলুৱৈৰ ব্ৰেকআপৰ খবৰে চৰ্চা লাভ কৰিছে। প্ৰেমিকাৰ লগত বিচ্ছেদ ঘটিছে খেলুৱৈগৰাকীৰ। খেলুৱৈগৰাকীয়ে নিজৰ প্ৰেমিকা থকাৰ পাছতো আন এগৰাকী ছোৱালীৰ নামত খৰচ কৰিলে ৫০ লাখতকৈ অধিক টকা। এই কথা যেতিয়া তেওঁৰ প্ৰেয়সীয়ে গম পালে, লগালগ তেওঁ সম্পৰ্ক ভাঙি খেলুৱৈজনৰ পৰা বিচ্ছিন্ন হৈ পৰে। ‘দ্য ছান’ৰ প্ৰতিবেদন অনুসৰি এইজন ব্ৰিটিছ খেলুৱৈৰ নাম প্ৰকাশ পোৱা নাই যদিও কোৱা হৈছে যে তেওঁ এজন বিখ্যাত ফুটবল খেলুৱৈ আৰু থ্ৰী লায়ন্স ক্লাবৰ সদস্য। শেহতীয়াকৈ তেওঁৰ প্ৰেয়সীয়ে খেলুৱৈগৰাকীৰ সৈতে ব্ৰেকআপ কৰিছে কাৰণ তেওঁ গোপনে আন এগৰাকী ছোৱালীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। কেৱল এয়াই নহয়, ছোৱালীজনীৰ বাবে তেওঁ প্ৰায় ৫৩ লাখ টকা খৰচ কৰিছে। 

এদিন খেলুৱৈজনে গা ধুবলৈ যোৱাৰ সময়ত মোবাইলটো বাথৰুমলৈ নিবলৈ পাহৰি যায়। আন দিনবোৰত তেওঁ সদায় বাথৰুমলৈ মোবাইল ফোনটো লৈ যায়। সেইদিনা তেওঁ মোবাইলটো নিবলৈ পাহৰিলে। সত্য কেতিয়াও লুকাই নাথাকে। প্ৰেমিক বাথৰুমত সোমোৱাৰ পাছতে প্ৰেমিকাগৰাকীয়ে তেওঁৰ মোবাইলটো চেক কৰে। বহুদিনৰ পৰা প্ৰেমিকৰ ওপৰত সন্দেহ ওপজি আছিল প্ৰেমিকাৰ। মোবাইলটো চাই তেওঁ স্তম্ভিত হৈ পৰিল। তাত আন এগৰাকী যুৱতীৰ সৈতে খেলুৱৈগৰাকীৰ বহু ফটো আছিল। তেওঁৰ চেট বক্সটো ৰোমান্টিক মেছেজেৰে ভৰি আছিল। প্ৰেমিকাগৰাকীয়ে যেতিয়া খেলুৱৈগৰাকীক এই বিষয়ে সুধিলে তেতিয়া তেওঁ বিভিন্ন অজুহাত দেখুৱাবলৈ ধৰিলে। অৱশ্যে খেলুৱৈগৰাকী সন্দেহৰ আওতালৈ অহা এয়াই প্ৰথম নহয়। এইবাৰ প্ৰেমিকাই তেওঁক ক্ষমা কৰাৰ কোনো মুডত নাছিল। খেলুৱৈজনৰ লগত বিচ্ছেদ ঘটাই তেওঁ তাৰ পৰা পৃথকে থকাৰ সিদ্ধান্ত লয়। খেলুৱৈগৰাকী আগতেও আন ছোৱালীৰ সৈতে ধৰা পৰে কিন্তু প্ৰতিবাৰেই তেওঁ প্ৰেমিকাক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল যে তেওঁ আৰু কেতিয়াও এনে কাম নকৰে। পাছে কথা দি কথা পাহৰি যায় খেলুৱৈগৰাকীয়ে।

আচলতে প্ৰেমিকাৰ সন্দেহ বাঢ়ি গৈছিল যেতিয়া খেলুৱৈগৰাকী প্ৰায়ে দেৰিকৈ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছিল। তেওঁ ফোনটো অনবৰতে হাতত ৰাখিছিল আৰু কাকো চুবলৈও দিয়া নাছিল। এবাৰ তেওঁৰ শৰীৰৰ পৰা লেডিজ পাৰফিউমৰ গোন্ধ আহি আছিল, তেতিয়াও তেওঁ এটা অজুহাত দেখুৱাই ৰক্ষা পৰিছিল। কিন্তু যেতিয়া প্ৰেমিকাগৰাকীয়ে এইবাৰ মোবাইলটো চেক কৰিলে তেতিয়া তেওঁৰ প্ৰেমিকৰ প্ৰতি সম্পূৰ্ণ মোগভংগ ঘটে। গতিকে বিশ্বাসঘাতক প্ৰেমিকক ব্ৰেকআপ দিয়াই সঠিক সিদ্ধান্ত বুলি গ্ৰহণ কৰিলে প্ৰেমিকাগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি