--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত বিশ্বাসেই মূল সাৰথি। যেতিয়া বিশ্বাস ভংগ হয় সেই প্ৰেমৰ সম্পৰ্ক কেতিয়াও বৰ্তি নাথাকে। এজন তাৰকা খেলুৱৈৰ ব্ৰেকআপৰ খবৰে চৰ্চা লাভ কৰিছে। প্ৰেমিকাৰ লগত বিচ্ছেদ ঘটিছে খেলুৱৈগৰাকীৰ। খেলুৱৈগৰাকীয়ে নিজৰ প্ৰেমিকা থকাৰ পাছতো আন এগৰাকী ছোৱালীৰ নামত খৰচ কৰিলে ৫০ লাখতকৈ অধিক টকা। এই কথা যেতিয়া তেওঁৰ প্ৰেয়সীয়ে গম পালে, লগালগ তেওঁ সম্পৰ্ক ভাঙি খেলুৱৈজনৰ পৰা বিচ্ছিন্ন হৈ পৰে। ‘দ্য ছান’ৰ প্ৰতিবেদন অনুসৰি এইজন ব্ৰিটিছ খেলুৱৈৰ নাম প্ৰকাশ পোৱা নাই যদিও কোৱা হৈছে যে তেওঁ এজন বিখ্যাত ফুটবল খেলুৱৈ আৰু থ্ৰী লায়ন্স ক্লাবৰ সদস্য। শেহতীয়াকৈ তেওঁৰ প্ৰেয়সীয়ে খেলুৱৈগৰাকীৰ সৈতে ব্ৰেকআপ কৰিছে কাৰণ তেওঁ গোপনে আন এগৰাকী ছোৱালীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল। কেৱল এয়াই নহয়, ছোৱালীজনীৰ বাবে তেওঁ প্ৰায় ৫৩ লাখ টকা খৰচ কৰিছে। 

এদিন খেলুৱৈজনে গা ধুবলৈ যোৱাৰ সময়ত মোবাইলটো বাথৰুমলৈ নিবলৈ পাহৰি যায়। আন দিনবোৰত তেওঁ সদায় বাথৰুমলৈ মোবাইল ফোনটো লৈ যায়। সেইদিনা তেওঁ মোবাইলটো নিবলৈ পাহৰিলে। সত্য কেতিয়াও লুকাই নাথাকে। প্ৰেমিক বাথৰুমত সোমোৱাৰ পাছতে প্ৰেমিকাগৰাকীয়ে তেওঁৰ মোবাইলটো চেক কৰে। বহুদিনৰ পৰা প্ৰেমিকৰ ওপৰত সন্দেহ ওপজি আছিল প্ৰেমিকাৰ। মোবাইলটো চাই তেওঁ স্তম্ভিত হৈ পৰিল। তাত আন এগৰাকী যুৱতীৰ সৈতে খেলুৱৈগৰাকীৰ বহু ফটো আছিল। তেওঁৰ চেট বক্সটো ৰোমান্টিক মেছেজেৰে ভৰি আছিল। প্ৰেমিকাগৰাকীয়ে যেতিয়া খেলুৱৈগৰাকীক এই বিষয়ে সুধিলে তেতিয়া তেওঁ বিভিন্ন অজুহাত দেখুৱাবলৈ ধৰিলে। অৱশ্যে খেলুৱৈগৰাকী সন্দেহৰ আওতালৈ অহা এয়াই প্ৰথম নহয়। এইবাৰ প্ৰেমিকাই তেওঁক ক্ষমা কৰাৰ কোনো মুডত নাছিল। খেলুৱৈজনৰ লগত বিচ্ছেদ ঘটাই তেওঁ তাৰ পৰা পৃথকে থকাৰ সিদ্ধান্ত লয়। খেলুৱৈগৰাকী আগতেও আন ছোৱালীৰ সৈতে ধৰা পৰে কিন্তু প্ৰতিবাৰেই তেওঁ প্ৰেমিকাক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল যে তেওঁ আৰু কেতিয়াও এনে কাম নকৰে। পাছে কথা দি কথা পাহৰি যায় খেলুৱৈগৰাকীয়ে।

আচলতে প্ৰেমিকাৰ সন্দেহ বাঢ়ি গৈছিল যেতিয়া খেলুৱৈগৰাকী প্ৰায়ে দেৰিকৈ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছিল। তেওঁ ফোনটো অনবৰতে হাতত ৰাখিছিল আৰু কাকো চুবলৈও দিয়া নাছিল। এবাৰ তেওঁৰ শৰীৰৰ পৰা লেডিজ পাৰফিউমৰ গোন্ধ আহি আছিল, তেতিয়াও তেওঁ এটা অজুহাত দেখুৱাই ৰক্ষা পৰিছিল। কিন্তু যেতিয়া প্ৰেমিকাগৰাকীয়ে এইবাৰ মোবাইলটো চেক কৰিলে তেতিয়া তেওঁৰ প্ৰেমিকৰ প্ৰতি সম্পূৰ্ণ মোগভংগ ঘটে। গতিকে বিশ্বাসঘাতক প্ৰেমিকক ব্ৰেকআপ দিয়াই সঠিক সিদ্ধান্ত বুলি গ্ৰহণ কৰিলে প্ৰেমিকাগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প