--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৯ বছৰ বয়সত কৰাচীত শেষ নিশ্বাস ত্যাগ কৰে পাকিস্তানৰ সাংসদ আমিৰ লিয়াকট হুছেইনে। নিজ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল লিয়াকট হছেইনক। ঘটনাৰ সম্ভেদ পোৱাৰ লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিত্‍সকে।

কাৰ্ডিয়াক এৰেষ্ট হৈ লিয়াকটৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। দিনদিয়েক আগেয়ে তেওঁৰ তৃতীয় পত্নী দানিয়া শ্বাহৰ সৈতে বিবাহ বিচ্ছেদক লৈ আলোচনাৰ মাজলৈ আহিছিল লিয়াকট। ছ’চিয়েল মিডিয়াতো তেওঁৰ বহু আপত্তিজনক ছবি প্ৰকাশ পাইছিল।

সদনত লিয়াকটৰ মৃত্যুৰ কথা নিশ্চিত কৰিছিল ৰাষ্ট্ৰীয় অধ্যক্ষ পাৰভেজ আশ্ৰফে। এক সূত্ৰই জনোৱা মতে, লিয়াকটৰ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা লক কৰা আছিল। যেতিয়া ঘৰৰ কৰ্মচাৰীয়ে কেইবাবাৰো তেওঁৰ দুৱাৰত টোকৰ মাৰিছিল, তেতিয়া ভিতৰৰ কোঠাৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল কৰ্মচাৰীজনে। একে সময়তে লিয়াকটৰ ড্ৰাইভাৰে আৰক্ষীক জনায় যে, তেওঁ এদিন আগতে তেওঁৰ কোঠাৰ পৰা চিঞৰ-বাখৰ কৰা শুনিছিল।

পাকিস্তানৰ টিভি সাংবাদিক তথা প্ৰাক্তন সাংসদ আমিৰ লিয়াকটৰ মৃত্যুক কেন্দ্ৰ কৰি ক্ৰমাত্‍ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। তেওঁৰ মৃত্যুক লৈ নানা প্ৰসংগ উত্থাপিত হৈছে। পাকিস্তানৰ এখন আদালতে শেহতীয়াকৈ, লিয়াকটৰ মৃতদেহ কবৰৰ পৰা উলিওৱাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। দৰাচলতে তেওঁৰ মৃত্যুৰ পিছত অনুৰাগীসকলে কেতবোৰ আশংকা প্ৰকাশ কৰিছিল। এই প্ৰসংগৰ আলম লৈয়ে আব্দুল আহমেদ নামৰ এজন ব্যক্তিয়ে আদালতত আবেদনো কৰিছিল। 

সম্পত্তিৰ বাবেই লিয়াকটক হত্যা কৰা হৈছে বুলিও আশংকা কৰিছে আত্মীয় স্বজনে। ইফালে পাকস্তিনৰ আদালতৰ শেহতীয়া নিৰ্দেশনাক মানি ল’ব খোজা নাই পাকিস্তানী চেলিব্ৰিটিসকলে।  লিয়াকটৰ মৃতদেহ কবৰৰ পৰা উলিয়াই অনা কথাটোৰ পক্ষপাতী নহয় একাংশ সচেতন লোক। তেনেস্থলত কি হ’ব লিয়াকট আলীৰ মৃত্যুৰ তদন্ত? প্ৰকৃত দোষী পোহৰলৈ আহিব নে গভীৰ ৰহস্যৰ মাজতে আবৃত হৈ ৰ’ব লিয়াকটৰ মৃত্যুৰ প্ৰসংগ? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি