--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৯ বছৰ বয়সত কৰাচীত শেষ নিশ্বাস ত্যাগ কৰে পাকিস্তানৰ সাংসদ আমিৰ লিয়াকট হুছেইনে। নিজ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল লিয়াকট হছেইনক। ঘটনাৰ সম্ভেদ পোৱাৰ লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিত্‍সকে।

কাৰ্ডিয়াক এৰেষ্ট হৈ লিয়াকটৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। দিনদিয়েক আগেয়ে তেওঁৰ তৃতীয় পত্নী দানিয়া শ্বাহৰ সৈতে বিবাহ বিচ্ছেদক লৈ আলোচনাৰ মাজলৈ আহিছিল লিয়াকট। ছ’চিয়েল মিডিয়াতো তেওঁৰ বহু আপত্তিজনক ছবি প্ৰকাশ পাইছিল।

সদনত লিয়াকটৰ মৃত্যুৰ কথা নিশ্চিত কৰিছিল ৰাষ্ট্ৰীয় অধ্যক্ষ পাৰভেজ আশ্ৰফে। এক সূত্ৰই জনোৱা মতে, লিয়াকটৰ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা লক কৰা আছিল। যেতিয়া ঘৰৰ কৰ্মচাৰীয়ে কেইবাবাৰো তেওঁৰ দুৱাৰত টোকৰ মাৰিছিল, তেতিয়া ভিতৰৰ কোঠাৰ পৰা কোনো সঁহাৰি লাভ কৰা নাছিল কৰ্মচাৰীজনে। একে সময়তে লিয়াকটৰ ড্ৰাইভাৰে আৰক্ষীক জনায় যে, তেওঁ এদিন আগতে তেওঁৰ কোঠাৰ পৰা চিঞৰ-বাখৰ কৰা শুনিছিল।

পাকিস্তানৰ টিভি সাংবাদিক তথা প্ৰাক্তন সাংসদ আমিৰ লিয়াকটৰ মৃত্যুক কেন্দ্ৰ কৰি ক্ৰমাত্‍ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। তেওঁৰ মৃত্যুক লৈ নানা প্ৰসংগ উত্থাপিত হৈছে। পাকিস্তানৰ এখন আদালতে শেহতীয়াকৈ, লিয়াকটৰ মৃতদেহ কবৰৰ পৰা উলিওৱাৰ লগতে মৰণোত্তৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। দৰাচলতে তেওঁৰ মৃত্যুৰ পিছত অনুৰাগীসকলে কেতবোৰ আশংকা প্ৰকাশ কৰিছিল। এই প্ৰসংগৰ আলম লৈয়ে আব্দুল আহমেদ নামৰ এজন ব্যক্তিয়ে আদালতত আবেদনো কৰিছিল। 

সম্পত্তিৰ বাবেই লিয়াকটক হত্যা কৰা হৈছে বুলিও আশংকা কৰিছে আত্মীয় স্বজনে। ইফালে পাকস্তিনৰ আদালতৰ শেহতীয়া নিৰ্দেশনাক মানি ল’ব খোজা নাই পাকিস্তানী চেলিব্ৰিটিসকলে।  লিয়াকটৰ মৃতদেহ কবৰৰ পৰা উলিয়াই অনা কথাটোৰ পক্ষপাতী নহয় একাংশ সচেতন লোক। তেনেস্থলত কি হ’ব লিয়াকট আলীৰ মৃত্যুৰ তদন্ত? প্ৰকৃত দোষী পোহৰলৈ আহিব নে গভীৰ ৰহস্যৰ মাজতে আবৃত হৈ ৰ’ব লিয়াকটৰ মৃত্যুৰ প্ৰসংগ? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ