--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলচাৰ হৈছে এক ভয়ংকৰ ৰোগ। তথাপিও এই সমস্যাক লৈ মানুহ বেছি চিন্তিত নহয়। প্ৰতিজন ব্যক্তিক পেটৰ আলচাৰ ৰোগৰ প্ৰতি সাৱধান হ’বলৈ কয় স্বাস্থ্য বিশেষজ্ঞই। এনে ক্ষেত্ৰত মানুহ সাৱধান হোৱাটো দূৰৰ কথা, বেছিভাগ সময়ত মানুহে ইয়াৰ লক্ষণবোৰ বুজি নাপায়। এই অৱস্থাত পেটৰ ঘাঁ বা আলচাৰৰ লক্ষণসমূহ জনাটো অতি প্ৰয়োজনীয়।

কলকাতাৰ আৰ্মি হাস্পতালৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে, এই সমস্যাটো এতিয়া অতি দৃশ্যমান। পেটৰ সমস্যা থকা প্ৰায় ১০ৰ পৰা ২০ শতাংশ ৰোগীৰ আলচাৰ পোৱা যায়। এই ৰোগৰ প্ৰতি সকলো সচেতন হোৱা উচিত।

বহুতে আলচাৰক গেছ বা এচিডিটি বুলি ভুল কৰে। এতিয়া চিন্তা নকৰিব। এই লেখাটোৰ জৰিয়তে আপুনি প্ৰায় সকলো উত্তৰ পাব।

১. পেটৰ আলচাৰ কিয় হয়? 

ডাঃ ৰুদ্ৰজিৎ পালে কয়, এই ক্ষেত্ৰত H. pylori ৰ সংক্ৰমণে এই সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে এন্টিবায়টিক, বিষৰ ঔষধ, কেমোথেৰাপি ঔষধ আদি কিছুমান ঔষধে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলিও পৰ্যবেক্ষণ কৰা হৈছে। তদুপৰি নিমখীয়া, জ্বলা-পোৰা খাদ্য বেছিকৈ খোৱা, সুৰাপান কৰা, ধূমপান কৰা সকলৰো বহুতো সমস্যা হয়।

২. পেটৰ আলচাৰৰ লক্ষণ কি কি? 

আচলতে মানুহে এই ৰোগৰ কিছুমান লক্ষণ নাজানে। পেটৰ বিষ, পেট জ্বলা-পোৰা কৰা, বমি, ওকালি, পেট ফুলা, ভোক নলগা আদি লক্ষণ এই সময়ত দেখা পোৱা যায়। কিন্তু অন্যান্য সমস্যাৰ বাবেও এই লক্ষণসমূহ হ’ব পাৰে। দেখা গৈছে যে বহুতে এই সমস্যাক গেছ আৰু এচিডিটিৰ সৈতে ভুল কৰে।

৩. কেনেকৈ ধৰা পৰে এই ৰোগ? 

এই ৰোগ হলে ৰক্তহীনতা, পাকস্থলী আদিত সমস্যা দেখা যায়। ইয়াৰ উপৰিও বহু ক্ষেত্ৰত কেন্সাৰ হ’ব পাৰে বুলিও জানিব পৰা গৈছে। গতিকে নিদান গুৰুত্বপূৰ্ণ। এনে অৱস্থাত এণ্ড’স্কপিৰ দ্বাৰা এই ৰোগ চিনাক্ত কৰিব পৰা যায়। 

৪. আলচাৰৰ ঘাঁৰ চিকিৎসা কি? 

ডাঃ ৰুদ্ৰজিৎ পালে কয় যে সংক্ৰমণ হ’লে এন্টিবায়’টিক ব্যৱহাৰ কৰা হয়। কোৰ্চটো দুসপ্তাহৰ। ইয়াৰ বাহিৰেও যদি এচিডৰ বাবে সমস্যা হয় তেন্তে পেনট’প্ৰাজ’লৰ দৰে ঔষধ খাব লাগে। ই কাম কৰে। তদুপৰি কিছুমান খাদ্যৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয়। তেতিয়াহে আপুনি সুস্থ হৈ থাকিব পাৰিব। ওপৰত দিয়া লক্ষণসমূহ দেখা দিলেই লগালগ ডাক্তৰৰ কাষ চপাটো প্ৰয়োজন। দেৰি হ’লে বিপদ হব পাৰে।

৫. আলচাৰ হ’লে কি খাব নালাগে? 

ডাঃ ৰুদ্ৰজিৎ পালে কয়, এই ক্ষেত্ৰত জ্বলা খাদ্য খাব নালাগে। ধূমপান কৰাটো পৰিহাৰ কৰিব লাগে। কাৰণ ধূমপানে এই সমস্যা বৃদ্ধি কৰে। তদুপৰি দেখা গৈছে যে সুৰাপান কৰা লোকৰ ক্ষেত্ৰত এই সমস্যা বহু পৰিমাণে দেখা যায়। গতিকে এই খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু