--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহজনৰ নাম জৰ্জ মিলাৰ। বয়স ৭৫ বছৰ ৮ মাহ। পেছাত এগৰাকী লনবল খেলুৱৈ। যি বয়সত প্ৰায় অধিকাংশ লোকেই আশ্ৰয় লয় জিৰণিৰ, সেই বয়সত মিলাৰে ডিঙিত আঁৰিছে কমনৱেলথ স্বৰ্ণ। কোৱা হয়, ‘বয়স মাথো এক সংখ্যা’। এই কথাষাৰকে যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে জৰ্জ মিলাৰে। দৃঢ় মনোবল আৰু একাগ্ৰতাৰে বয়সৰ জটিলতাক অতিক্ৰম কৰি জৰ্জ মিলাৰে শুকুৰবাৰে চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত অৰ্জন কৰিছে স্বৰ্ণ পদক।

স্কটলেণ্ডৰ এই দৃঢ়মনা জৰ্জ মিলাৰে বাৰ্মিংহামত লনবলৰ মিক্সড পেয়াৰ শাখাত স্বৰ্ণ দখল কৰি কমনৱেলথ গেমছৰ ইতিহাসত সন্নিৱিষ্ট কৰিছে নিজৰ নাম। কেৱল এগৰাকী পদক বিজয়ী হিচাপেই নহয়, পদক জয় কৰা আটাইতকৈ বয়ষ্ক খেলুৱৈ হিচাপেও কমনৱেলথ ইতিহাসত নৱ অভিলেখ ৰচনা কৰিছে মিলাৰে।

জৰ্জ মিলাৰৰ লগতে ছাৰাহ জেন, মেলানিয়া ইননেছ আৰু ৰবাৰ্ট বাৰেৰে গঠিত স্কটলেণ্ডৰ দলটোৱে শুকুৰবাৰে ভিক্টোৰিয়া পাৰ্কত অনুষ্ঠিত হোৱা B2/B3 মিক্সড পেয়াৰ শাখাত ৱেলছক ১৬-৯ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।

স্বৰ্ণ জয়ৰ পিছতে ভাবুক হৈ পৰা মিলাৰে কয় যে এবছৰ পূৰ্বে তেওঁ বাৰ্মিংহামৰ কমনৱেলথ গেমছৰ যে এক অংশ হ’ব, সেয়া কল্পনাও কৰা নাছিল। তেওঁ যেতিয়া কমনৱেলথ গেমছৰ বাবে স্কটলেণ্ড দলত অন্তৰ্ভুক্ত হৈছে বুলি ফোনযোগে জানিব পাৰিছিল, কাষতে থকা চকীত বহি পৰিছিল বুলিও মন্তব্য কৰে।

কমনৱেলথ গেমছৰ ইতিহাসত আটাইতকৈ বয়ষ্ক পদক বিজয়ী হিচাপে পৰিগণিত হোৱাৰ পিছত আনন্দিত হৈ পৰা মিলাৰে লগতে সকলো বয়সৰ লোকক ক্ৰীড়াৰ সৈতে জড়িত হ’বলৈ উৎসাহিত কৰে।

বয়োজেষ্ঠ লোকসকলক যিকোনো ক্ৰীড়াতে ভাগ ল’বলৈ উৎসাহ যোগাই এক বাৰ্তাত তেওঁ কয়, "বয়সস্থ লোকসকলৰ বাবে লনবল যথেষ্ট সহজ। কিন্তু যিকোনো খেল যেনে- খোজ কঢ়া, ফুটবল, ৰাগবী বা আন কোনো খেলেই হওক, আপোনালোকে খেলিবলৈ চেষ্টা কৰক, ব্যায়াম কৰক। যিকোনো বয়সতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ কথা।"

উল্লেখ্য যে জৰ্জ মিলাৰে নতুনকৈ কমনৱেলথৰ আটাইতকৈ বয়ষ্ক পদকধাৰী হিচাপে অভিলেখ স্থাপন কৰাৰ পূৰ্বে এই বিৰল অভিলেখ আছিল স্কটলেণ্ডৰে ৰোজমেৰী লেণ্টনৰ নামত। চলিত বাৰ্মিংহাম কমনৱেলথ গেমছতে যোৱা দুদিন পূৰ্বে লেণ্টনে ৭২ বছৰ বয়সত লনবলত মহিলাৰ যুটীয়া শাখাত (পেৰা) স্বৰ্ণ পদক জয় কৰিছিল। সতীৰ্থ খেলুৱৈগৰাকীৰে অভিলেখ ভংগ কৰাৰ পিছত মিলাৰে এই নতুন অভিলেখত ৰোজমেৰী যথেষ্ট সন্তুষ্ট হ’ব বুলি মন্তব্য কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement