--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাৰ জীৱনত কেতিয়া যে কেনে ঘটনা ঘটিব পাৰে সেয়া কোনেও ক’ব নোৱাৰে৷ কেতিয়াবা বাটেৰে গৈ থকা অৱস্থাতে কোনোৱাই পিচল খাই পৰিব পাৰে, কেতিয়াবা ভুলতে ওলোটাকৈ টি চাৰ্টটো পিন্ধি আহিব পাৰে... কিন্তু এনে ঘটনাও ঘটিব পাৰে যেতিয়া খেলুৱৈৱে প্ৰতিযোগিতাত দৌৰি থকাৰ সময়তে তেওঁৰ যৌনাংগ বাহিৰলৈ ওলাই আহিব পাৰে! হয়, তেনে এটা ঘটনাই ঘটিছে এজন খেলুৱৈৰ ক্ষেত্ৰত৷ বিজয়ৰ এশ শতাংশ আশা থকা খেলুৱৈ জনে দৌৰি থকাৰ সময়তে হঠাতে তেওঁৰ যৌনাংগ বাহিৰলৈ ওলাই আহে৷ 

লগে লগে দৰ্শকৰ গেলাৰীত বহি থকা মহিলা-যুৱতীয়ে হাতেৰে ঢাকি দিয়ে চকু, উতনুৱা ডেকাই পাৰিবলৈ ধৰে কিৰিলী৷কেনে এক আচহুৱা পৰিবেশ!

ঘটনাটো ঘটিছে  ইটালীৰ  খেলুৱৈ আলবাৰ্টো নোনিনোৱৰ ক্ষেত্ৰত৷ কলম্বিয়াৰ কেলিত  বিশ্ব এথলেটিকছৰ ৪০০ মিটাৰ ডেকাথলনত তেওঁ যেতিয়া  প্ৰতিদ্বন্দিতা কৰি আছিল তেতিয়াই ঘটি যায় এই অঘটন৷  আলবাৰ্টো ননিনোৱে দুৰন্ত গতিৰে দৌৰি থকাৰ সময়তে  তেওঁৰ যৌনাংগটো বাহিৰলৈ ওলাই আহে৷ সকলোৱে আশা কৰিছিল যে খেলুৱৈ জন বিজয়ী হোৱাৰ পথত৷ কিন্তু সেই বিজয়ত বাধা হিচাবে থিয় দিলে তেওঁৰ নিজৰেই এটা অংগই৷

ননিনোৱে ট্ৰেকৰ  মাজৰ লেনটো পাৰ হোৱাৰ পিছতে  কিবা অস্বস্তিকৰ  অনুভূতি লাভ কৰিবলৈ ধৰে৷ তেওঁ বহু চেষ্টা কৰিও বাহিৰলৈ ওলাই অহা অংগটোক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল৷ দৰ্শকসকলেও  প্ৰথমে নাজানিছিল কি হৈ আছে৷ ননিনোৰ দৌৰৰ  গতি অলপ হ্ৰাস পাইছিল, ফলত তেওঁৰ প্ৰতিযোগীসকলে তেওঁক অতিক্ৰম কৰিব পাৰিছিল। 

তেতিয়াহে দৰ্শকে উৰহী গছৰ ওৰ বিচাৰি পায়৷দুৰ্ভাগ্যজনকভাবে  খেলুৱৈজনে ৫১.৫৭ ছেকেণ্ডৰ সময়ৰ ৰেকৰ্ডৰ সৈতে অন্তিম স্থানত থাকিবলগীয়া হয়৷

ক্ৰীড়া সাংবাদিক ডেভিদ চেঞ্চেজ ডি কাষ্ট্ৰই কয়  যে আলবাৰ্টো ননিনোৰ লিংগটো তেওঁৰ চৰ্টছৰ পৰাতললৈ নামি আহিছিল। ঘটনাটোৱে তেওঁক  সঠিকভাৱে দৌৰিবলৈ  দিয়া নাছিল।  খেলুৱৈগৰাকীয়ে সমস্যাটোৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিল. কিন্তু পৰা নাছিল৷হতাশ হৈ পৰা খেলুৱৈ জনে মাথো কৈছে এয়া এটা 'দুৰ্ঘটনা'। 

হয়, এয়া এক দুৰ্ঘটনাই৷ এনে জাতীয় অনাকাংক্ষিত ঘটনাৰ মুখামুখী যিকোনো মানুহেই হ’বলগীয়া হ’ব পাৰে৷  আলবাৰ্টো নোনিনোক সেয়ে সকলো পৰৱৰ্তী খেল সমূহৰ বাবে অধিক মনোযোগৰে সাজু হোৱাৰ আহ্বান জনাইছে ক্ৰীড়াপ্ৰেমীসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু