--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাৰ জীৱনত কেতিয়া যে কেনে ঘটনা ঘটিব পাৰে সেয়া কোনেও ক’ব নোৱাৰে৷ কেতিয়াবা বাটেৰে গৈ থকা অৱস্থাতে কোনোৱাই পিচল খাই পৰিব পাৰে, কেতিয়াবা ভুলতে ওলোটাকৈ টি চাৰ্টটো পিন্ধি আহিব পাৰে... কিন্তু এনে ঘটনাও ঘটিব পাৰে যেতিয়া খেলুৱৈৱে প্ৰতিযোগিতাত দৌৰি থকাৰ সময়তে তেওঁৰ যৌনাংগ বাহিৰলৈ ওলাই আহিব পাৰে! হয়, তেনে এটা ঘটনাই ঘটিছে এজন খেলুৱৈৰ ক্ষেত্ৰত৷ বিজয়ৰ এশ শতাংশ আশা থকা খেলুৱৈ জনে দৌৰি থকাৰ সময়তে হঠাতে তেওঁৰ যৌনাংগ বাহিৰলৈ ওলাই আহে৷ 

লগে লগে দৰ্শকৰ গেলাৰীত বহি থকা মহিলা-যুৱতীয়ে হাতেৰে ঢাকি দিয়ে চকু, উতনুৱা ডেকাই পাৰিবলৈ ধৰে কিৰিলী৷কেনে এক আচহুৱা পৰিবেশ!

ঘটনাটো ঘটিছে  ইটালীৰ  খেলুৱৈ আলবাৰ্টো নোনিনোৱৰ ক্ষেত্ৰত৷ কলম্বিয়াৰ কেলিত  বিশ্ব এথলেটিকছৰ ৪০০ মিটাৰ ডেকাথলনত তেওঁ যেতিয়া  প্ৰতিদ্বন্দিতা কৰি আছিল তেতিয়াই ঘটি যায় এই অঘটন৷  আলবাৰ্টো ননিনোৱে দুৰন্ত গতিৰে দৌৰি থকাৰ সময়তে  তেওঁৰ যৌনাংগটো বাহিৰলৈ ওলাই আহে৷ সকলোৱে আশা কৰিছিল যে খেলুৱৈ জন বিজয়ী হোৱাৰ পথত৷ কিন্তু সেই বিজয়ত বাধা হিচাবে থিয় দিলে তেওঁৰ নিজৰেই এটা অংগই৷

ননিনোৱে ট্ৰেকৰ  মাজৰ লেনটো পাৰ হোৱাৰ পিছতে  কিবা অস্বস্তিকৰ  অনুভূতি লাভ কৰিবলৈ ধৰে৷ তেওঁ বহু চেষ্টা কৰিও বাহিৰলৈ ওলাই অহা অংগটোক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল৷ দৰ্শকসকলেও  প্ৰথমে নাজানিছিল কি হৈ আছে৷ ননিনোৰ দৌৰৰ  গতি অলপ হ্ৰাস পাইছিল, ফলত তেওঁৰ প্ৰতিযোগীসকলে তেওঁক অতিক্ৰম কৰিব পাৰিছিল। 

তেতিয়াহে দৰ্শকে উৰহী গছৰ ওৰ বিচাৰি পায়৷দুৰ্ভাগ্যজনকভাবে  খেলুৱৈজনে ৫১.৫৭ ছেকেণ্ডৰ সময়ৰ ৰেকৰ্ডৰ সৈতে অন্তিম স্থানত থাকিবলগীয়া হয়৷

ক্ৰীড়া সাংবাদিক ডেভিদ চেঞ্চেজ ডি কাষ্ট্ৰই কয়  যে আলবাৰ্টো ননিনোৰ লিংগটো তেওঁৰ চৰ্টছৰ পৰাতললৈ নামি আহিছিল। ঘটনাটোৱে তেওঁক  সঠিকভাৱে দৌৰিবলৈ  দিয়া নাছিল।  খেলুৱৈগৰাকীয়ে সমস্যাটোৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিল. কিন্তু পৰা নাছিল৷হতাশ হৈ পৰা খেলুৱৈ জনে মাথো কৈছে এয়া এটা 'দুৰ্ঘটনা'। 

হয়, এয়া এক দুৰ্ঘটনাই৷ এনে জাতীয় অনাকাংক্ষিত ঘটনাৰ মুখামুখী যিকোনো মানুহেই হ’বলগীয়া হ’ব পাৰে৷  আলবাৰ্টো নোনিনোক সেয়ে সকলো পৰৱৰ্তী খেল সমূহৰ বাবে অধিক মনোযোগৰে সাজু হোৱাৰ আহ্বান জনাইছে ক্ৰীড়াপ্ৰেমীসকলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ