--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আহমেদাবাদৰ সবৰমতী নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা  'অটল ব্ৰীজ উদ্বোধন কৰিবলৈ আহি  গান্ধীনগৰৰ  ৰাইচান অঞ্চলত থকা তেওঁৰ  মাতৃ হীৰাবা মোডীক সাক্ষাৎ কৰে

ব্যস্ততাৰ মাজতো  গৃহ ৰাজ্যলৈ দুদিনীয়া ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰীজন৷  গুজৰাটত হ’বলগীয়া বহু কেইটা  অনুষ্ঠানত উপস্থিত থাকিব নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰী মোডীয়ে সন্ধিয়া পলমকৈ তেওঁৰ মাতৃক সাক্ষাৎ কৰে৷ প্ৰায়  দুমাহৰ বিৰতিৰ পিছত মাতৃৰ সৈতে অন্তৰংগ সময় কটালে প্ৰধানমন্ত্ৰীজনে৷ 

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ হীৰাবা মোডীক তেওঁৰ ১০০ তম জন্মদিন উপলক্ষে চলিত বৰ্ষৰ ১৮ জুনত সাক্ষাৎ কৰিছিল। মাতৃক  উৎসৰ্গা কৰি এটা আৱেগিক  প’ষ্টো লিখিছিল নৰেন্দ্ৰ মোদীয়৷  ২০২২ বৰ্ষক  এক বিশেষ বছৰ বুলি উল্লেখ কৰি হৈছিল প’ষ্টটোত৷ কিয়নো এই বছৰটোতেই  নৰেন্দ্ৰ মোদীৰ পিতৃও এশবছৰীয়া হ’লহেঁতেন৷ 

শনিবাৰৰ ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীজন গান্ধীনগৰৰ ৰাজভৱনলৈ ৰাওনা হয় ৷  তেওঁ দেওবাৰে কচ্ছ আৰু গান্ধীনগৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

 শনিবাৰে আহমেদাবাদৰ  খাদী উৎসৱ অনুষ্ঠানত পথচাৰী আৰু চাইকেল আৰোহীসকলৰ সহায়ক হোৱাকৈ  'অটল ব্ৰীজ' উদ্বোধন কৰে। লগতে উক্ত অনুষ্ঠানৰ বিশেষ মূহূৰ্ত কেইটামান  সামাজিক মাধ্যমত শ্বেয়াৰো কৰে প্ৰধানমন্ত্ৰীয়ে।  
 

 উদ্বোধনী অনুষ্ঠানটোত গান্ধীনগৰ আৰু গুজৰাটেও অটলজীক যথেষ্ট মৰম দিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷  ১৯৯৬  চনত, অটলজীয়ে গান্ধীনগৰৰ পৰা লোকসভা নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটলাভ কৰি জয়ী হৈছিল৷ গান্ধীনগৰৰ জনসাধাৰণে দলং খনৰ যোগেদি অটল বিহাৰী বাজপেয়ীলৈ  আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বুলিও ভাষণত কয় প্ৰধানমন্ত্ৰীজনে৷ 

এই অনুষ্ঠানতে যঁতৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক আছিল বুলিও কয় নৰেন্দ্ৰ মোদীয়ে৷ যঁতৰৰ কথা ক’বলৈ গৈ নষ্টালজিক হৈ পৰে প্ৰধানমন্ত্ৰীজন৷   তেওঁ শিশু হৈ থাকোঁতে মাতৃয়ে যঁতৰত কাম কৰিছিল বুলি কৈ শৈশৱলৈ যেন উভতি গ’ল  প্ৰধানমন্ত্ৰী গৰাকী৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য