--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আহমেদাবাদৰ সবৰমতী নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা  'অটল ব্ৰীজ উদ্বোধন কৰিবলৈ আহি  গান্ধীনগৰৰ  ৰাইচান অঞ্চলত থকা তেওঁৰ  মাতৃ হীৰাবা মোডীক সাক্ষাৎ কৰে

ব্যস্ততাৰ মাজতো  গৃহ ৰাজ্যলৈ দুদিনীয়া ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰীজন৷  গুজৰাটত হ’বলগীয়া বহু কেইটা  অনুষ্ঠানত উপস্থিত থাকিব নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰী মোডীয়ে সন্ধিয়া পলমকৈ তেওঁৰ মাতৃক সাক্ষাৎ কৰে৷ প্ৰায়  দুমাহৰ বিৰতিৰ পিছত মাতৃৰ সৈতে অন্তৰংগ সময় কটালে প্ৰধানমন্ত্ৰীজনে৷ 

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ হীৰাবা মোডীক তেওঁৰ ১০০ তম জন্মদিন উপলক্ষে চলিত বৰ্ষৰ ১৮ জুনত সাক্ষাৎ কৰিছিল। মাতৃক  উৎসৰ্গা কৰি এটা আৱেগিক  প’ষ্টো লিখিছিল নৰেন্দ্ৰ মোদীয়৷  ২০২২ বৰ্ষক  এক বিশেষ বছৰ বুলি উল্লেখ কৰি হৈছিল প’ষ্টটোত৷ কিয়নো এই বছৰটোতেই  নৰেন্দ্ৰ মোদীৰ পিতৃও এশবছৰীয়া হ’লহেঁতেন৷ 

শনিবাৰৰ ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰীজন গান্ধীনগৰৰ ৰাজভৱনলৈ ৰাওনা হয় ৷  তেওঁ দেওবাৰে কচ্ছ আৰু গান্ধীনগৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

 শনিবাৰে আহমেদাবাদৰ  খাদী উৎসৱ অনুষ্ঠানত পথচাৰী আৰু চাইকেল আৰোহীসকলৰ সহায়ক হোৱাকৈ  'অটল ব্ৰীজ' উদ্বোধন কৰে। লগতে উক্ত অনুষ্ঠানৰ বিশেষ মূহূৰ্ত কেইটামান  সামাজিক মাধ্যমত শ্বেয়াৰো কৰে প্ৰধানমন্ত্ৰীয়ে।  
 

 উদ্বোধনী অনুষ্ঠানটোত গান্ধীনগৰ আৰু গুজৰাটেও অটলজীক যথেষ্ট মৰম দিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷  ১৯৯৬  চনত, অটলজীয়ে গান্ধীনগৰৰ পৰা লোকসভা নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটলাভ কৰি জয়ী হৈছিল৷ গান্ধীনগৰৰ জনসাধাৰণে দলং খনৰ যোগেদি অটল বিহাৰী বাজপেয়ীলৈ  আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বুলিও ভাষণত কয় প্ৰধানমন্ত্ৰীজনে৷ 

এই অনুষ্ঠানতে যঁতৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক আছিল বুলিও কয় নৰেন্দ্ৰ মোদীয়ে৷ যঁতৰৰ কথা ক’বলৈ গৈ নষ্টালজিক হৈ পৰে প্ৰধানমন্ত্ৰীজন৷   তেওঁ শিশু হৈ থাকোঁতে মাতৃয়ে যঁতৰত কাম কৰিছিল বুলি কৈ শৈশৱলৈ যেন উভতি গ’ল  প্ৰধানমন্ত্ৰী গৰাকী৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement