--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান অসমত  তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ইন্টাৰনেট কৰ্তন কৰিছে  ৷ জনসাধাৰণেও  বিশ্বাস কৰি লৈছে যে পৰীক্ষা ব্যৱস্থাটোক নিকা কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰিছে ৷ কিন্তু ইয়াৰ মাজতে এক তথ্যই প্ৰমাণ কৰিছে পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি  থকা আস্থা কিমান !

তথ্য অনুসৰি ৰাজ্যত আৰ্বিভাৱ হৈছে অতিৰিক্ত ২,০৮,৫৮৫ জন প্ৰাৰ্থী৷ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত যোৱা ২০ আগষ্টলৈকে অনলাইনযোগে পঞ্জীয়নভুক্ত মুঠ নিৱনুৱাৰ সংখ্যা  হৈছে ১২,২১,৭৫২ জন৷ আনহাতে, ছেবাৰ তথ্য মতে মুঠ  ১৪,৩০,৩৩৭ জন প্ৰাৰ্থীয়ে  পৰীক্ষাত বহিবলৈ আবেদন জনাইছিল৷ এতিয়া প্ৰশ্ন উঠিছে , নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নোহোৱা অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থী আহিল ক’ৰ পৰা?

উল্লেখযোগ্য যে চাকৰি সম্পৰ্কীয় পৰীক্ষাত বহিবলৈ নিয়োগ বিনিময় কেন্দ্ৰত নাম ভৰ্তি কৰাটো অত্যাৱশ্যক৷ আনকি আবেদন পত্ৰত পঞ্জীয়ন নং অন্তভুৰ্ক্ত কৰিব লাগে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে৷ গুৰুত্বপূৰ্ণ কথা এইয়ে যে, নিয়োগ বিনিময় কেন্দ্ৰত অফলাইনৰ জৰিয়তে নামভৰ্তি কৰাটো বন্ধ কৰি দিছে অসম চৰকাৰে৷ গতিকে এই অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থী কেনেকৈ পৰীক্ষাত বহিল সেইয়া এক গভীৰ প্ৰশ্ন৷ 

লক্ষণীয়ভাৱে, যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহিঃ ৰাজ্যৰ হিন্দীভাষী প্ৰাৰ্থীও আছিল বুলি পোহৰলৈ আহিছে৷ আনহাতে, কেৱল অসমৰ প্ৰাৰ্থীৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হোৱা স্বত্বেও চৰকাৰে  অতি চাতুৰ্যতাৰে হিন্দী ভাষাতো প্ৰকাশ কৰিলে প্ৰশ্ন কাকত৷ উত্তৰ প্ৰদেশকে ধৰি আন বহু ৰাজ্যৰ প্ৰাৰ্থী পৰীক্ষাত বহাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এফালে চৰকাৰে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ অজুহাতত ইন্টাৰনেট কৰ্তন কৰিছে ৷ আনফালে বহিঃৰাজ্যৰ প্ৰাৰ্থীক পৰীক্ষাত বহিবলৈ দি নিয়ম বৰ্হিভূত কাম কৰিছে৷ ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰিছে নিযুক্তি পৰীক্ষাৰ নামত হোৱা চৰম বিসংগতি৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু