--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান অসমত  তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ইন্টাৰনেট কৰ্তন কৰিছে  ৷ জনসাধাৰণেও  বিশ্বাস কৰি লৈছে যে পৰীক্ষা ব্যৱস্থাটোক নিকা কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰিছে ৷ কিন্তু ইয়াৰ মাজতে এক তথ্যই প্ৰমাণ কৰিছে পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি  থকা আস্থা কিমান !

তথ্য অনুসৰি ৰাজ্যত আৰ্বিভাৱ হৈছে অতিৰিক্ত ২,০৮,৫৮৫ জন প্ৰাৰ্থী৷ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত যোৱা ২০ আগষ্টলৈকে অনলাইনযোগে পঞ্জীয়নভুক্ত মুঠ নিৱনুৱাৰ সংখ্যা  হৈছে ১২,২১,৭৫২ জন৷ আনহাতে, ছেবাৰ তথ্য মতে মুঠ  ১৪,৩০,৩৩৭ জন প্ৰাৰ্থীয়ে  পৰীক্ষাত বহিবলৈ আবেদন জনাইছিল৷ এতিয়া প্ৰশ্ন উঠিছে , নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নোহোৱা অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থী আহিল ক’ৰ পৰা?

উল্লেখযোগ্য যে চাকৰি সম্পৰ্কীয় পৰীক্ষাত বহিবলৈ নিয়োগ বিনিময় কেন্দ্ৰত নাম ভৰ্তি কৰাটো অত্যাৱশ্যক৷ আনকি আবেদন পত্ৰত পঞ্জীয়ন নং অন্তভুৰ্ক্ত কৰিব লাগে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে৷ গুৰুত্বপূৰ্ণ কথা এইয়ে যে, নিয়োগ বিনিময় কেন্দ্ৰত অফলাইনৰ জৰিয়তে নামভৰ্তি কৰাটো বন্ধ কৰি দিছে অসম চৰকাৰে৷ গতিকে এই অতিৰিক্ত ২,০৮,৫৮৫জন প্ৰাৰ্থী কেনেকৈ পৰীক্ষাত বহিল সেইয়া এক গভীৰ প্ৰশ্ন৷ 

লক্ষণীয়ভাৱে, যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহিঃ ৰাজ্যৰ হিন্দীভাষী প্ৰাৰ্থীও আছিল বুলি পোহৰলৈ আহিছে৷ আনহাতে, কেৱল অসমৰ প্ৰাৰ্থীৰ বাবেহে পৰীক্ষা অনুষ্ঠিত হোৱা স্বত্বেও চৰকাৰে  অতি চাতুৰ্যতাৰে হিন্দী ভাষাতো প্ৰকাশ কৰিলে প্ৰশ্ন কাকত৷ উত্তৰ প্ৰদেশকে ধৰি আন বহু ৰাজ্যৰ প্ৰাৰ্থী পৰীক্ষাত বহাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এফালে চৰকাৰে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ অজুহাতত ইন্টাৰনেট কৰ্তন কৰিছে ৷ আনফালে বহিঃৰাজ্যৰ প্ৰাৰ্থীক পৰীক্ষাত বহিবলৈ দি নিয়ম বৰ্হিভূত কাম কৰিছে৷ ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰিছে নিযুক্তি পৰীক্ষাৰ নামত হোৱা চৰম বিসংগতি৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী