--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে সমগ্ৰ দেশজুৰি নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু জিএছটিৰ প্ৰসঙ্গ উত্থাপনেৰে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতাৰে ক'লা পোছাক পৰিধান কৰি ৰাজপথত নামি পৰে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব তথা দলীয় কৰ্মী। দলৰ শীৰ্ষ নেতৃত্বই ‘প্ৰধানমন্ত্ৰী ভৱন ঘেৰাও’ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে লোকসভা তথা ৰাজ্যসভাৰ সাংসদ সকলে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। আনহাতে কংগ্ৰেছৰ ৰাজ্যিক গোটসমূহে সমগ্ৰ দেশতে ৰাজপথত প্ৰতিবাদত নামি পৰিছিল।

পিছে কংগ্ৰেছৰ এই দেশজোৰা প্ৰতিবাদৰ মূল বিষয়সমূহ নস্যাৎ কৰি আন এক ৰহন সানিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰৰ এই কংগ্ৰেছ প্ৰতিবাদক চৰকাৰৰ নীতি বিৰোধী প্ৰতিবাদৰ বিপৰীতে ধৰ্মীয় ৰহন সানি ৰাম মন্দিৰ বিৰোধী প্ৰতিবাদ হিচাপেহে অভিহিত কৰিছে শ্বাহে। শ্বাহৰ মতে অযোধ্যাৰ ৰাম মন্দিৰৰ বিৰোধিতা কৰাৰ বাবেহে কংগ্ৰেছে ইচ্ছাকৃতভাৱে ৫ আগষ্ট দিনটো বাছনি কৰিছিল।

উল্লেখ্য যে ২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাম মন্দিৰ-বাবৰি মছজিদৰ বিবাদিত গোচৰত ৰায় প্ৰদান কৰাৰ পিছত ২০২০ চনৰ ৫ আগষ্টত মহা আড়ম্বৰেৰে খোদ প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস কৰিছিল। এতিয়া কংগ্ৰেছে ৫ আগষ্টৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ বাবেই গৃহমন্ত্ৰী অমিত শ্বাহে কৌশলীভাৱে এই প্ৰতিবাদক ৰাম মন্দিৰৰ সৈতে সংযোগ ঘটাইছে।

কংগ্ৰেছৰ প্ৰতিবাদৰ পাছতে অমিত শ্বাহে অভিযোগ কৰে যে কংগ্ৰেছে এই দিনটোক প্ৰতিবাদৰ বাবে বাছনি কৰি এক সূক্ষ্ম বাৰ্তা দিব বিচাৰিছে।  “আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাম জন্মভূমিৰ ভেটি স্থাপন কৰিছিল। সেয়েহে কংগ্ৰেছৰ তোষণৰ ৰাজনীতিক অধিক প্ৰচাৰ কৰিবলৈ তেওঁলোকে আজি ক'লা কাপোৰ পিন্ধিছিল।"— কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত অমিত শ্বাহে কালি কয়।

উল্লেখ্য যে শুকুৰবাৰে দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি দলৰ কেইবাগৰাকীও নেতাক আৰক্ষীয়ে আটক কৰে। ছয় ঘণ্টাৰ পিছত অৱশ্যে তেওঁলোকক মুকলি কৰি দিছিল আৰক্ষীয়ে। 

প্ৰতিবাদৰ আগমুহূৰ্তত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰিছিল। বিজেপি চৰকাৰে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মত প্ৰকাশ কৰা প্ৰতিগৰাকী লোককে ষড়যন্ত্ৰমূলক ভাৱে আক্ৰমণ কৰাৰ লগতে দমনমূলকভাৱে কাৰাগাৰলৈ নিক্ষেপ কৰিছে বুলি অভিযোগ কৰিছিল গান্ধীয়ে। 

লগতে জনসাধাৰণৰ দৈনন্দিন সমস্যাৰ বিষয়ে উত্থাপন কৰা প্ৰতিগৰাকী লোকৰ কণ্ঠক চৰকাৰে হেঁচি ৰখাৰ অভিযোগ তুলিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। গান্ধীয়ে লগতে দেশত গণতন্ত্ৰক উৎখাত কৰি বিজেপিয়ে একনায়কত্ববাদী শাসন চলাইছে বুলিও দাবী কৰিছিল। সংবাদমেলত গান্ধীয়ে মন্তব্য কৰিছিল  যে দেশৰ জনসাধাৰণে বৰ্তমান স্বৈৰতন্ত্ৰী শাসন উপভোগ কৰিছে। প্ৰতিনিয়ত দেশত গণতন্ত্ৰক হত্যা কৰা হৈছে। যোৱা ৭০ বছৰত সৃষ্টি হোৱা গণতন্ত্ৰ এই চৰকাৰে ৮ বছৰত ধ্বংস কৰিছে বুলি বিজেপি চৰকাৰক কঠোৰ  আক্ৰমণ কৰিছিল গান্ধীয়ে। 

গান্ধীয়ে লগতে অভিযোগ কৰিছিল যে জনসাধাৰণৰ সমস্যাৰ বিষয়ে সংসদত উত্থাপন কৰাৰ ক্ষেত্ৰতো চৰকাৰে বাধা প্ৰয়োগ কৰে। সংসদত কথা কোৱাৰ অনুমতি দিয়া নহয় বিৰোধী নেতাসকলক। “আমি মুদ্ৰাস্ফীতি আৰু মানুহৰ মাজত সৃষ্টি কৰা বিভাজনৰ বিষয়ে কথা পাতিব বিচাৰো। কিন্তু আমাক সংসদ ভৱনত কথা ক'বলৈ অনুমতি দিয়া নহয়। যিয়ে চৰকাৰৰ বিৰোধিতা কৰে, তেওঁকেই গ্ৰেপ্তাৰ কৰা হৈছে। এয়াই আজি ভাৰতবৰ্ষৰ অৱস্থা।”– গান্ধীয়ে কয়।

সম্প্ৰতি দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিয়ে জুৰুলা কৰি তুলিছে সাধাৰণ জনতাক। ভূতৰ ওপৰত দানহ পৰাৰ দৰে মূল্যবৃদ্ধিয়ে কোঙা কৰা জনসাধাৰণৰ ওপৰত আকৌ জাপি দিয়া হৈছে নিত্য নতুন কৰ। সমসাময়িকভাৱে নিবনুৱা সমস্যাৰ কৰাল গ্ৰাসত সোমাই পৰিছে দেশ। কৰ্মসংস্থাপনৰ সৃষ্টি কৰাত চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। 

কিন্তু এই সকলো ব্যৰ্থতাক ঢাকি ৰখাৰ কৌশল হিচাপে বিজেপিয়ে ব্যৱহাৰ কৰি আহিছে ধৰ্মীৰ ৰাজনীতিৰ ঢাল। এই গুৰুত্বপূৰ্ণ বিষয়সমূহকে উত্থাপন কৰি কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীকো এইদৰেই এতিয়া ধৰ্মীয় ৰহন সানি অমিত শ্বাহে ব্যৰ্থতাৰ পৰা পলায়নৰ চেষ্টা চলাইছে বুলি চৰ্চা চলিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?