--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি দেশত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন৷ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফলাফল সন্ধিয়াৰ পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল তথা এনডিএ প্ৰাৰ্থী জগদীপ ধনখৰে ৫২৭টা ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ যি পৰিসংখ্যা এই নিৰ্বাচন জিকিবলৈ প্ৰয়োজনীয় ৩৭২টাতকৈ বহু বেছি। মুঠতে বিজয়ী প্ৰাৰ্থীয়ে লাভ কৰিবলগীয়া ভোট মুঠ ভোটৰ ৭০ শতাংশ হ’ব পাৰে, এম ভেংকায়া নাইডুৱে লাভ কৰা ভোটতকৈ দুই শতাংশ অধিক।

উপ-ৰাষ্ট্ৰপতিক ভোটদান কৰিবলগীয়া ৭৮০গৰাকী সাংসদ আছে৷ লোকসভাত ৫৪৩গৰাকী আৰু ৰাজ্যসভাত ২৪৫গৰাকী। উচ্চ সদনৰ আঠখন আসন খালী হৈ আছে৷ আৰু তৃণমূল কংগ্ৰেছৰ ৩৬গৰাকী সাংসদে ভোটদানৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লৈছিল৷ তাৰ বাহিৰে ৭৪৪গৰাকী সাংসদে ভোটদান কৰিব বুলি আশা কৰা হৈছে।

এনডিএৰ ৪৪১গৰাকী সাংসদ আছে, যাৰ ভিতৰত আছে বিজেপিৰ ৩৯৪গৰাকী। পাঁচজন মনোনীত সদস্যই এনডিএ প্ৰাৰ্থীক সমৰ্থন কৰিছে। ধনখৰৰ প্ৰতি কেইবাটাও অ-এনডিএ দলৰ সমৰ্থন আছে৷ নবীন পাটনায়কৰ বিজু জনতা দল, জগনমোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছ, মায়াৱতীৰ বহুজন সমাজ পাৰ্টি, চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি, আকালি দল আৰু শিৱসেনাৰ একনাথ সিন্দে গোটেও সমৰ্থন আগবঢ়াইছে ধনখৰৰ প্ৰতি৷ মাৰ্গাৰেট আলভাই ২৬ শতাংশ ভোট আশা কৰিব পাৰে৷ তেওঁৰ প্ৰতি কংগ্ৰেছ, এম কে ষ্টালিনৰ ডিএমকে, লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, শাৰদ পাৱাৰৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টি আৰু বাওঁপন্থী দলসমূহে সমৰ্থন আগবঢ়াইছে৷

ইয়াৰ উপৰিও, ঝাৰখণ্ড মুক্তি মৰ্চা, তেলেংগানা ৰাষ্ট্ৰ সমিতি, আম আদমী পাৰ্টি আৰু শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নজন সাংসদে আলভাক সমৰ্থন আগবঢ়াইছে৷ বিগত নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী গোপালকৃষ্ণ গান্ধীয়ে ৩২ শতাংশ ভোট লাভ কৰিছিল।

কালি সন্ধিয়া ধনখৰে দিল্লীত বিজেপি সাংসদসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে, য’ত এটা আখৰা ভোটদান অনুষ্ঠিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান