--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি দেশত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন৷ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফলাফল সন্ধিয়াৰ পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

পশ্চিম বংগৰ প্ৰাক্তন ৰাজ্যপাল তথা এনডিএ প্ৰাৰ্থী জগদীপ ধনখৰে ৫২৭টা ভোট লাভ কৰাৰ সম্ভাৱনা আছে৷ যি পৰিসংখ্যা এই নিৰ্বাচন জিকিবলৈ প্ৰয়োজনীয় ৩৭২টাতকৈ বহু বেছি। মুঠতে বিজয়ী প্ৰাৰ্থীয়ে লাভ কৰিবলগীয়া ভোট মুঠ ভোটৰ ৭০ শতাংশ হ’ব পাৰে, এম ভেংকায়া নাইডুৱে লাভ কৰা ভোটতকৈ দুই শতাংশ অধিক।

উপ-ৰাষ্ট্ৰপতিক ভোটদান কৰিবলগীয়া ৭৮০গৰাকী সাংসদ আছে৷ লোকসভাত ৫৪৩গৰাকী আৰু ৰাজ্যসভাত ২৪৫গৰাকী। উচ্চ সদনৰ আঠখন আসন খালী হৈ আছে৷ আৰু তৃণমূল কংগ্ৰেছৰ ৩৬গৰাকী সাংসদে ভোটদানৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লৈছিল৷ তাৰ বাহিৰে ৭৪৪গৰাকী সাংসদে ভোটদান কৰিব বুলি আশা কৰা হৈছে।

এনডিএৰ ৪৪১গৰাকী সাংসদ আছে, যাৰ ভিতৰত আছে বিজেপিৰ ৩৯৪গৰাকী। পাঁচজন মনোনীত সদস্যই এনডিএ প্ৰাৰ্থীক সমৰ্থন কৰিছে। ধনখৰৰ প্ৰতি কেইবাটাও অ-এনডিএ দলৰ সমৰ্থন আছে৷ নবীন পাটনায়কৰ বিজু জনতা দল, জগনমোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছ, মায়াৱতীৰ বহুজন সমাজ পাৰ্টি, চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টি, আকালি দল আৰু শিৱসেনাৰ একনাথ সিন্দে গোটেও সমৰ্থন আগবঢ়াইছে ধনখৰৰ প্ৰতি৷ মাৰ্গাৰেট আলভাই ২৬ শতাংশ ভোট আশা কৰিব পাৰে৷ তেওঁৰ প্ৰতি কংগ্ৰেছ, এম কে ষ্টালিনৰ ডিএমকে, লালু যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল, শাৰদ পাৱাৰৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি আৰু অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টি আৰু বাওঁপন্থী দলসমূহে সমৰ্থন আগবঢ়াইছে৷

ইয়াৰ উপৰিও, ঝাৰখণ্ড মুক্তি মৰ্চা, তেলেংগানা ৰাষ্ট্ৰ সমিতি, আম আদমী পাৰ্টি আৰু শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নজন সাংসদে আলভাক সমৰ্থন আগবঢ়াইছে৷ বিগত নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী গোপালকৃষ্ণ গান্ধীয়ে ৩২ শতাংশ ভোট লাভ কৰিছিল।

কালি সন্ধিয়া ধনখৰে দিল্লীত বিজেপি সাংসদসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে, য’ত এটা আখৰা ভোটদান অনুষ্ঠিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ