--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কিছুদিনৰ পৰা চৰ্চাত আছে পশ্চিম বংগৰ ৰাজনীতি। পশ্চিম বংগত হোৱা বিভিন্ন অনিয়মৰ বাবে সৰ্বত্ৰে চৰ্চাত তৃণমূল কংগ্ৰেছ। ইয়াৰ মাজতে পুনৰ আন এক বিষয় চৰ্চালৈ আহিছে৷ কালি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দুয়োগৰাকী নেতা এখন এঘণ্টাজোৰা বৈঠকত মিলিত হয়।

আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ আৰু চিপিআই (এম)এ৷ মমতা বেনাৰ্জী আৰু নৰেন্দ্ৰ মোদীৰ এই বৈঠকক লৈ প্ৰশ্ন উত্থাপন কৰে চিপিআই (এম) আৰু কংগ্ৰেছে। যিসময়ত তৃণমূল কংগ্ৰেছৰ জেষ্ঠ নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছে, সেইসময়তে মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ যোৱাত প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ শিক্ষকভৰ্তিৰ নামত কৰা অনিয়মৰ লগতে বিভিন্ন ভ্ৰষ্টাচাৰী কাৰ্যৰ বিৰুদ্ধে চিবিআই আৰু ইডিৰ তদন্ত বন্ধ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ চিপিআই (এম) আৰু কংগ্ৰেছৰ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিম বংগৰ কংগ্ৰেছৰ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, তৃণমূল কংগ্ৰেছে বিগত কিছু মাহৰ পৰা বিজেপিৰ এজেন্ট হিচাপে কাম কৰি আছে। চিবিআই আৰু ইডিৰ তদন্তৰ পৰা নিজ দলৰ নেতাক বচাবলৈ তৃণমূল কংগ্ৰেছে বিজেপিৰ সৈতে বুজাবুজিত মিলিত হৈছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে অধীৰ ৰঞ্জন চৌধুৰীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান