--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কিছুদিনৰ পৰা চৰ্চাত আছে পশ্চিম বংগৰ ৰাজনীতি। পশ্চিম বংগত হোৱা বিভিন্ন অনিয়মৰ বাবে সৰ্বত্ৰে চৰ্চাত তৃণমূল কংগ্ৰেছ। ইয়াৰ মাজতে পুনৰ আন এক বিষয় চৰ্চালৈ আহিছে৷ কালি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দুয়োগৰাকী নেতা এখন এঘণ্টাজোৰা বৈঠকত মিলিত হয়।

আৰু তাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ আৰু চিপিআই (এম)এ৷ মমতা বেনাৰ্জী আৰু নৰেন্দ্ৰ মোদীৰ এই বৈঠকক লৈ প্ৰশ্ন উত্থাপন কৰে চিপিআই (এম) আৰু কংগ্ৰেছে। যিসময়ত তৃণমূল কংগ্ৰেছৰ জেষ্ঠ নেতাসকলক গ্ৰেপ্তাৰ কৰা হৈছে, সেইসময়তে মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ যোৱাত প্ৰশ্ন উত্থাপন কৰিলে কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ শিক্ষকভৰ্তিৰ নামত কৰা অনিয়মৰ লগতে বিভিন্ন ভ্ৰষ্টাচাৰী কাৰ্যৰ বিৰুদ্ধে চিবিআই আৰু ইডিৰ তদন্ত বন্ধ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ চিপিআই (এম) আৰু কংগ্ৰেছৰ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিম বংগৰ কংগ্ৰেছৰ অধ্যক্ষ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, তৃণমূল কংগ্ৰেছে বিগত কিছু মাহৰ পৰা বিজেপিৰ এজেন্ট হিচাপে কাম কৰি আছে। চিবিআই আৰু ইডিৰ তদন্তৰ পৰা নিজ দলৰ নেতাক বচাবলৈ তৃণমূল কংগ্ৰেছে বিজেপিৰ সৈতে বুজাবুজিত মিলিত হৈছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে অধীৰ ৰঞ্জন চৌধুৰীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ