--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰত দেখা গৈছে প্ৰেম, সম্প্ৰীতি আৰু একতাৰ নিদৰ্শন। আপুনি হয়তো ঈশ্বৰ আৰু ঈশ্বৰৰ প্ৰতি ভক্তি আৰু প্ৰেমৰ বহুতো উদাহৰণ দেখিছে কিন্তু এই কাহিনীটো জনাৰ পিছত আপুনি গৌৰৱ অনুভৱ কৰিব যে এয়া হৈছে আপোনাৰ ভাৰতৰ অনন্য বৈশিষ্ট্য। দৰাচলতে জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত অৱস্থিত এটা শিৱ মন্দিৰ পুৰোহিত বা পণ্ডিতৰ দ্বাৰা চোৱাচিতা কৰা হোৱা নাই, এহাল মুছলমান পিতৃ আৰু পুত্ৰৰ দ্বাৰা চোৱাচিতা কৰা হৈছে মন্দিৰটো। ৩৪ বছৰীয়া নিছাৰ আহমেদ আলাইয়ে যোৱা কেইবামাহ ধৰি এটা শিৱ মন্দিৰৰ চোৱাচিতা কৰি আছে। নিছাৰে কথা ক'ব নোৱাৰে আৰু কাণেৰেও নুশুনে। নিছাৰে তেওঁৰ পিতৃৰ পাছত শিৱ মন্দিৰটো যত্ন লোৱাৰ দায়িত্ব গ্ৰহণ কৰিছে। নিছাৰৰ দেউতাকে ছয় বছৰৰো অধিক সময় মন্দিৰটোৰ যত্ন লৈছিল আৰু গোটেই কাম চম্ভালিছিল। এই শিৱ মন্দিৰটো জাব্ৰাওঁ পাহাৰত অৱস্থিত এটা সৰু মন্দিৰ। নিছাৰে মন্দিৰৰ চোতাল পৰিষ্কাৰ কৰে। বাগিচাৰ যত্ন লয় আৰু পাচলি খেতি কৰে। স্থানীয় লোকসকলে বিশ্বাস কৰে যে এই মন্দিৰটো কাশ্মীৰৰ পাৰস্পৰিক ভাতৃত্ববোধৰ মাধ্যম। এজন স্থানীয় বাসিন্দা ওমৰে কয় যে "জম্মু-কাশ্মীৰত এনে বহুতো উদাহৰণ আছে য'ত মুছলমান সম্প্ৰদায়ৰ লোকসকলে হিন্দু মন্দিৰৰ সম্পূৰ্ণ যত্ন লয়।" আমাৰ মুছলমান ধৰ্মৰ এজন ল'ৰাই এই শিৱ মন্দিৰৰ যত্ন লৈ আছে। এই উপত্যকাত বহুতো মন্দিৰ আছে য'ত হিন্দু মন্দিৰবোৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে চোৱাচিতা কৰে। ইয়াত সকলো ধৰ্মৰ মানুহে একেলগে বাস কৰে আৰু ইজনে সিজনৰ ধৰ্মক সন্মান কৰে।" নিছাৰ আহমেদ আলাইয়ে যোৱা সাত মাহ ধৰি জাব্ৰাওঁ পাহাৰত অৱস্থিত শিৱ মন্দিৰটো চোৱাচিতা কৰি আছে। তেওঁ পৰম যত্ন আৰু দৃঢ়তাৰে তেওঁৰ দায়িত্ব পালন কৰি আছে। নিছাৰে মন্দিৰৰ চোৱাচিতা কৰা ধৰ্মীয় সংস্থা ঈশ্বৰ আশ্ৰম ন্যাসৰ পৰা ৮,০০০ টকা দৰমহা লাভ কৰে আৰু এই দৰমহাক লৈ যথেষ্ট সন্তুষ্ট নিছাৰ আহমেদ আলাই। আৰু পঢ়কঃ মুখ্যমন্ত্ৰী শৰ্মাক মানসিকভাৱে অসুস্থ বুলি কৈ এজাহাৰ দাখিল এনএছইউআইৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে