--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপয়গম্বৰ হজৰত মহম্মদকলৈ কৰা বিতৰ্কিত মন্তব্যৰ  বাবে দেশ তথা বিদেশত তীব্ৰ সমালোচনা তথা তিৰস্কাৰৰ সন্মুখীন হোৱা বিজেপিৰ নিলম্বিত নেত্ৰী নুপূৰ শৰ্মা দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব পাৰে৷ এই দাবী কৰিছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে৷ আজি নেতাগৰাকীয়ে কয়  যে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাক এজন ডাঙৰ নেতা হিচাপে প্ৰক্ষেপ কৰা হ'ব আৰু তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰো হ'ব পাৰে।

 ৱাইচিয়ে পয়গম্বৰ হজৰত মহম্মদৰ  বিৰুদ্ধে কৰা মন্তব্যৰ বাবে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়৷ তেওঁ কয় যে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। "নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰা উচিত আৰু।ভাৰতৰ আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। আমি সংবিধান অনুসৰি পদক্ষেপ গ্ৰহণ কৰাটো  বিচাৰিছো। মই জানো যে অহা ছয়-সাত মাহত নুপূৰ শৰ্মাক এজন ডাঙৰ নেতাত পৰিণত কৰা হ'ব। এইটোও সম্ভৱ যে নুপুৰ শৰ্মাক দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাও হ'ব পাৰে"৷

তেওঁ বিজেপিয়ে নুপূৰ শৰ্মাক সুৰক্ষা দিয়াৰ অভিযোগো উত্থাপন কৰে৷ নুপূৰ শৰ্মাৰ বিৰুদ্ধে ইমান এজাহাৰ দাখিল হোৱাৰ পিছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও ৱাইছিয়ে প্ৰশ্ন কৰে৷ ৱাইছিয়ে কয় "বিজেপিয়ে নুপূৰ শৰ্মাক সুৰক্ষা দি আছে৷ আমি প্ৰধানমন্ত্ৰীক নুপূৰ শৰ্মাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ  অনুৰোধ কৰি আহিছো যদিও তেওঁ একো কৰা নাই৷  

এআইএমআইএমে নুপূৰ শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু এজাহাৰ পঞ্জীয়ন কৰা হৈছে। মই দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু মুখ্যমন্ত্ৰীক নুপূৰ শৰ্মাক থানালৈ আনি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছো"৷  উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা কৰি ৱাইছিয়ে কয় যে যোগীৰ চৰকাৰে এআইএমআইএমৰ  কৰ্মী আফৰিন ফাতিমাৰ ঘৰ ধ্বংস কৰি পেলাইছে। " প্ৰয়াগৰাজত আফৰিন ফাতিমাৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল,  ঘৰ কিয় ভাঙি পেলাইছিল? কাৰণ তেওঁৰ দেউতাক প্ৰতিবাদকাৰী আছিল" ৱাইচিয়ে কয়। 

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা নাছিম খানেও নিলম্বিত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মা আৰু বহিষ্কৃত বিজেপি নেতা নবীন কুমাৰ জিন্দলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। বিজেপি নেতা নুপূৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ইছলামিক দেশসমূহতো তীব্ৰ প্ৰতিবাদ হৈছিল৷

ভাৰতে উপসাগৰীয় দেশসমূহৰ  তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ ফলত শৰ্মাক নিলম্বন কৰা হৈছিল আৰু বিজেপি নেতা নবীন কুমাৰ জিন্দলক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু