--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপয়গম্বৰ হজৰত মহম্মদকলৈ কৰা বিতৰ্কিত মন্তব্যৰ  বাবে দেশ তথা বিদেশত তীব্ৰ সমালোচনা তথা তিৰস্কাৰৰ সন্মুখীন হোৱা বিজেপিৰ নিলম্বিত নেত্ৰী নুপূৰ শৰ্মা দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব পাৰে৷ এই দাবী কৰিছে অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম)ৰ মুৰব্বী আছাদুদ্দিন ৱাইচিয়ে৷ আজি নেতাগৰাকীয়ে কয়  যে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাক এজন ডাঙৰ নেতা হিচাপে প্ৰক্ষেপ কৰা হ'ব আৰু তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰো হ'ব পাৰে।

 ৱাইচিয়ে পয়গম্বৰ হজৰত মহম্মদৰ  বিৰুদ্ধে কৰা মন্তব্যৰ বাবে শৰ্মাক গ্ৰেপ্তাৰ কৰাৰো দাবী জনায়৷ তেওঁ কয় যে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। "নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰা উচিত আৰু।ভাৰতৰ আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। আমি সংবিধান অনুসৰি পদক্ষেপ গ্ৰহণ কৰাটো  বিচাৰিছো। মই জানো যে অহা ছয়-সাত মাহত নুপূৰ শৰ্মাক এজন ডাঙৰ নেতাত পৰিণত কৰা হ'ব। এইটোও সম্ভৱ যে নুপুৰ শৰ্মাক দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাও হ'ব পাৰে"৷

তেওঁ বিজেপিয়ে নুপূৰ শৰ্মাক সুৰক্ষা দিয়াৰ অভিযোগো উত্থাপন কৰে৷ নুপূৰ শৰ্মাৰ বিৰুদ্ধে ইমান এজাহাৰ দাখিল হোৱাৰ পিছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও ৱাইছিয়ে প্ৰশ্ন কৰে৷ ৱাইছিয়ে কয় "বিজেপিয়ে নুপূৰ শৰ্মাক সুৰক্ষা দি আছে৷ আমি প্ৰধানমন্ত্ৰীক নুপূৰ শৰ্মাৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ  অনুৰোধ কৰি আহিছো যদিও তেওঁ একো কৰা নাই৷  

এআইএমআইএমে নুপূৰ শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে আৰু এজাহাৰ পঞ্জীয়ন কৰা হৈছে। মই দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু মুখ্যমন্ত্ৰীক নুপূৰ শৰ্মাক থানালৈ আনি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছো"৷  উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা কৰি ৱাইছিয়ে কয় যে যোগীৰ চৰকাৰে এআইএমআইএমৰ  কৰ্মী আফৰিন ফাতিমাৰ ঘৰ ধ্বংস কৰি পেলাইছে। " প্ৰয়াগৰাজত আফৰিন ফাতিমাৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল,  ঘৰ কিয় ভাঙি পেলাইছিল? কাৰণ তেওঁৰ দেউতাক প্ৰতিবাদকাৰী আছিল" ৱাইচিয়ে কয়। 

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা নাছিম খানেও নিলম্বিত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মা আৰু বহিষ্কৃত বিজেপি নেতা নবীন কুমাৰ জিন্দলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। বিজেপি নেতা নুপূৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ পিছতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ইছলামিক দেশসমূহতো তীব্ৰ প্ৰতিবাদ হৈছিল৷

ভাৰতে উপসাগৰীয় দেশসমূহৰ  তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ ফলত শৰ্মাক নিলম্বন কৰা হৈছিল আৰু বিজেপি নেতা নবীন কুমাৰ জিন্দলক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ