--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াই বহু লোকক এৰাতিতে তাৰকাত পৰিণত কৰিছে। তাৰ ভিতৰত অন্যতম ৰাণু মণ্ডল। বৰ্তমান সময়ত ৰাণু মণ্ডলক চিনি নোপোৱা মানুহ নাই। ইণ্টাৰনেট ছেন্সেছন ৰাণু মণ্ডলে হঠাতে আলোড়নৰ সৃষ্টি কৰিছিল যদিও তেওঁৰ ভাগ্য বেছিদিন জিলিকি নাথাকিল। কলকাতাৰ ৰাণাঘাট ষ্টেছনত লতা মংগেশকাৰৰ এক প্যাৰ কা নাগমা হে গীতটো গাই ৰাণু মণ্ডল অভাৰনাইট ষ্টাৰ হৈ পৰিছিল, তাৰ পিছত সকলোৱে তেওঁৰ কণ্ঠ ভাল পাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ সংগীত জগততো স্থান লাভ কৰিছিল।

সুৰকাৰ তথা কণ্ঠশিল্পী হিমেশ ৰেশমীয়াই তেওঁক বলীউডৰ ছবিখনত গান গোৱাৰ সুযোগ দিছিল। এই সুযোগ সকলোৱে নাপায়, কিন্তু ৰাণুৰ ভাগ্য যেনেকৈ ৰাতিটোৰ ভিতৰতে জিলিকি উঠিল, ঠিক তেনেদৰে মানুহৰ হৃদয়ৰ পৰাও তেওঁৰ স্থান অৱনমিত হৈছিল। ইয়াৰ আঁৰত আছিল ৰাণুৰ ৰুক্ষ ব্যৱহাৰ। 

ৰাণু মণ্ডলৰ জীৱনক লৈ বায়’পিক ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছে চলচ্চিত্ৰ নিৰ্মাতা হৃষিকেশ মণ্ডলে। তেওঁৰ এই প্ৰস্তাৱ বহু অভিনেত্ৰীয়ে নাকচ কৰে। ৰাণুৰ চৰিত্ৰত কোনো অভিনেত্ৰীয়ে অভিনয় কৰিব নিবিচাৰে। অৱশেষত অভিনেত্ৰী ইশিকা দে'ই ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছে।

হৃষিকেশ মণ্ডলে জনোৱা মতে, তেওঁ বহু অভিনেত্ৰীক লগ পাই তেওঁলোকক চিত্ৰনাট্যৰ বিষয়ে বুজাই দিছিল, কিন্তু সকলোৱে ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টা সফল হোৱাত ইশিকা দে'ই সমৰ্থন আগবঢ়ায়। ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ সন্মত হয়।

উল্লেখ্য যে হৃষিকেশ মণ্ডলে অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল, কিন্তু অভিনয়ত বিশেষ একো কৰিব নোৱাৰিলে। ৰাণু মণ্ডলৰ কাহিনী তেওঁৰ নিজৰ দৰে যেন লাগে, যাৰ বাবে তেওঁ ৰাণুৰ জীৱনক লৈ এখন ছবি নিৰ্মাণ কৰাৰ কথা চিন্তা কৰে। 

বায়’পিকখনৰ নাম 'এক প্যাৰ কা নগমা হে' হ'ব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি