--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াই বহু লোকক এৰাতিতে তাৰকাত পৰিণত কৰিছে। তাৰ ভিতৰত অন্যতম ৰাণু মণ্ডল। বৰ্তমান সময়ত ৰাণু মণ্ডলক চিনি নোপোৱা মানুহ নাই। ইণ্টাৰনেট ছেন্সেছন ৰাণু মণ্ডলে হঠাতে আলোড়নৰ সৃষ্টি কৰিছিল যদিও তেওঁৰ ভাগ্য বেছিদিন জিলিকি নাথাকিল। কলকাতাৰ ৰাণাঘাট ষ্টেছনত লতা মংগেশকাৰৰ এক প্যাৰ কা নাগমা হে গীতটো গাই ৰাণু মণ্ডল অভাৰনাইট ষ্টাৰ হৈ পৰিছিল, তাৰ পিছত সকলোৱে তেওঁৰ কণ্ঠ ভাল পাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ সংগীত জগততো স্থান লাভ কৰিছিল।

সুৰকাৰ তথা কণ্ঠশিল্পী হিমেশ ৰেশমীয়াই তেওঁক বলীউডৰ ছবিখনত গান গোৱাৰ সুযোগ দিছিল। এই সুযোগ সকলোৱে নাপায়, কিন্তু ৰাণুৰ ভাগ্য যেনেকৈ ৰাতিটোৰ ভিতৰতে জিলিকি উঠিল, ঠিক তেনেদৰে মানুহৰ হৃদয়ৰ পৰাও তেওঁৰ স্থান অৱনমিত হৈছিল। ইয়াৰ আঁৰত আছিল ৰাণুৰ ৰুক্ষ ব্যৱহাৰ। 

ৰাণু মণ্ডলৰ জীৱনক লৈ বায়’পিক ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছে চলচ্চিত্ৰ নিৰ্মাতা হৃষিকেশ মণ্ডলে। তেওঁৰ এই প্ৰস্তাৱ বহু অভিনেত্ৰীয়ে নাকচ কৰে। ৰাণুৰ চৰিত্ৰত কোনো অভিনেত্ৰীয়ে অভিনয় কৰিব নিবিচাৰে। অৱশেষত অভিনেত্ৰী ইশিকা দে'ই ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছে।

হৃষিকেশ মণ্ডলে জনোৱা মতে, তেওঁ বহু অভিনেত্ৰীক লগ পাই তেওঁলোকক চিত্ৰনাট্যৰ বিষয়ে বুজাই দিছিল, কিন্তু সকলোৱে ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টা সফল হোৱাত ইশিকা দে'ই সমৰ্থন আগবঢ়ায়। ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ তেওঁ সন্মত হয়।

উল্লেখ্য যে হৃষিকেশ মণ্ডলে অভিনেতা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল, কিন্তু অভিনয়ত বিশেষ একো কৰিব নোৱাৰিলে। ৰাণু মণ্ডলৰ কাহিনী তেওঁৰ নিজৰ দৰে যেন লাগে, যাৰ বাবে তেওঁ ৰাণুৰ জীৱনক লৈ এখন ছবি নিৰ্মাণ কৰাৰ কথা চিন্তা কৰে। 

বায়’পিকখনৰ নাম 'এক প্যাৰ কা নগমা হে' হ'ব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?