--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
তেওঁ এতিয়ালৈকে বলীউড অথবা অভিনয় জগতত  ভৰি দিয়া নাই। কিন্তু এতিয়াই আছে তেওঁৰ সহস্ৰ অনুৰাগী৷ কিছুদিন পূৰ্বে ড্ৰাগছৰ গোচৰত নাম থকাৰ বাবে যথেষ্ট বিতৰ্কৰো সন্মুখীন হৈছিল তেওঁ। কিন্তু সময়ৰ লগে লগে পুৰণি বিতৰ্কৰ কিছু সাম কাটিছে৷ কথাখিনি পঢ়ি আপুনি ঠিকেই অনুমান কৰিছে৷হয়,ইয়াত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ কথা কোৱা হৈছে৷  

 হয়তো কেৱল শ্বাহৰুখ খানৰ পুত্ৰ আৰু ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ বাবেই আৰিয়ান খানৰ নাম চৰ্চিত হৈ আছিল৷  আৰিয়ান  চালচলন, মুখাবয়ৱ আদি সকলো ফালৰ পৰা দেউতাকৰ  প্ৰতিলিপি হৈ পৰিছে। অৱশ্যে শ্বাহৰুখৰ তুলনাত, আৰিয়ান  যথেষ্ট শান্ত, কম হাঁহে, কম কথা কয়।

এতিয়ালৈকে, শ্বাহৰুখৰ পুত্ৰ আৰিয়ান  মুখ্যতঃ অধ্যয়ন আৰু জীৱনটো উপভোগ  কৰাত ব্যস্ত আছিল। ইয়াৰ মাজতে, তেওঁ ড্ৰাগছৰ গোচৰত কেইবাদিনো কাৰাগাৰত কটাইছিল।উক্ত গোচৰৰ পৰা  মুক্তি পোৱাৰ এবছৰ পিছত আৰিয়ানে  অৱশেষত গ্লেমাৰৰ পৃথিৱীত ভৰি দিলে। দৰাচলতে  তেওঁ কোনো চিনেমাত আত্মপ্ৰকাশ কৰা নাছিল। শ্বাহৰুখৰ পুত্ৰই এটা বিখ্যাত জোতা কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰিছে৷ 

তেওঁৰ বিজ্ঞাপনৰ ছবিবোৰ বৰ্তমানৰ ছ’চিয়েল মিডিয়াত এক আলোচনাৰ বিষয় হৈ পৰিছে। শ্বাহৰুখৰ সৈতে আৰিয়ানৰ  অদ্ভুত সাদৃশ্য দেখিও  যুৱতীসকল তেওঁৰ প্ৰেমত পৰিছে। আনকি সীমান্তৰ সিপাৰৰ পৰাও তেওঁৰ বাবে  প্ৰেমৰ বাৰ্তা আহিছিল। লগতে আৰিয়ানৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে   পাকিস্তানী অভিনেত্ৰী সজল আলী৷ 

এতিয়ালৈকে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোক  কিং খানৰ প্ৰেমত পৰিছে৷  তেওঁৰ ফেনবেচ এতিয়াও একেই আছে। পুত্ৰই  তেওঁৰ এই  জনপ্ৰিয়তাৰ হ্ৰাস কৰিব নোৱাৰে৷ 

 বৰ্তমান আৰিয়ানৰ প্ৰেমত হাবু-ডুবু খাইছে  পাকিস্তানী অভিনেত্ৰী সজল আলী। তেওঁ  শ্বাহৰুখ তনয়ৰ  এখন পুৰণি ফটো শ্বেয়াৰ কৰিছিল আৰু ফটোখনত  এটা হৃদয়ৰ ইমোজি দিছিল।ইয়াৰোপৰি   'জব হেৰী মেট চেজল' বোলছবিখনৰ 'হাৱাইন' গানটোও  সংযুক্ত কৰিছিল৷ 

সজলৰ এই প’ষ্টৰ পিছতে প্ৰশ্ন উদয় হৈছে যে, আৰিয়ানৰ মনত কোন আছে? তাৰ সঠিক  উত্তৰ  এতিয়াও পোৱা হোৱা নাই। বিদেশত পঢ়ি থাকোঁতে, কেইবাগৰাকী  যুৱতীৰ সৈতে তেওঁৰ ফটো ভাইৰেল হৈছিল। কিন্তু তেওঁ কাৰোবাৰ সৈতে ঘনিষ্ঠ হয় নে নহয় সেইয়া এতিয়াও স্পষ্ট নহয়। সজলে এগৰাকী পাকিস্তানী অভিনেত্ৰী হোৱা স্বত্বেও বলীউডত দৃঢ়তাৰে কাম কৰি আছে৷ তেওঁ শ্ৰীদেৱীৰ সৈতে 'মম' বোলছবিখনত অভিনয় কৰিছিল।ছবিখনত সজলক শ্ৰীদেৱীৰ কন্যাৰ চৰিত্ৰত দেখা গৈছিল।সজল আলীক  পৰৱৰ্তী সময়ত শেখৰ কাপুৰৰ 'হোৱাটছ লাভ গট টু ডু উইথ ইট'ত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি