--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটকাধীন লোকসকল হৈছে— ৰাজন দাস, ছাইদুল উদ্দিন, মইন উদ্দিন আৰু ফকৰুল ইছলাম।

ডিজিটেল ডেস্ক: মাদকবিৰোধী বিশেষ অভিযানত ডাঙৰ সাফল্য লাভ কৰিছে কাছাৰৰ গুমড়া আৰক্ষীয়ে। গোপন সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা তালাচীত এখন অল্টো গাড়ীৰ পৰা বিপুল পৰিমাণৰ সন্দেহজনক মাদকদ্ৰব্য জব্দ কৰা হয় আৰু চাৰিজন লোকক আটক কৰা হয়।


আৰক্ষী সূত্ৰে জনোৱা মতে, এমএল–০৯–৭০২৮ নম্বৰৰ অল্টো গাড়ীখন সন্দেহৰ ভিত্তিত ৰখাই তালাচী চলোৱা হয়। তালাচীৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা ২২৮টা কোটাত সংৰক্ষিত প্ৰায় ৩২ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰা হয়। লগে লগে গাড়ীত থকা চাৰিজনক আটক কৰা হয়।


আটকাধীন লোকসকল হৈছে— ৰাজন দাস, ছাইদুল উদ্দিন, মইন উদ্দিন আৰু ফকৰুল ইছলাম। প্ৰাথমিকভাৱে আৰক্ষীৰ ধাৰণা, ধৃতসকল সংগবদ্ধভাৱে মাদক সৰবৰাহ চক্ৰৰ সৈতে জড়িত। তেওঁলোকক গুমড়া আৰক্ষী অনুসন্ধান কেন্দ্ৰলৈ লৈ গৈ সোধপোছ চলোৱা হৈছে।


এই চক্ৰটোৰ সৈতে আন কোন কোন জড়িত আছে আৰু মাদকদ্ৰব্য ক’ৰ পৰা আনিছিল আৰু ক’ত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক