--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটকাধীন লোকসকল হৈছে— ৰাজন দাস, ছাইদুল উদ্দিন, মইন উদ্দিন আৰু ফকৰুল ইছলাম।

ডিজিটেল ডেস্ক: মাদকবিৰোধী বিশেষ অভিযানত ডাঙৰ সাফল্য লাভ কৰিছে কাছাৰৰ গুমড়া আৰক্ষীয়ে। গোপন সূত্ৰত লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা তালাচীত এখন অল্টো গাড়ীৰ পৰা বিপুল পৰিমাণৰ সন্দেহজনক মাদকদ্ৰব্য জব্দ কৰা হয় আৰু চাৰিজন লোকক আটক কৰা হয়।


আৰক্ষী সূত্ৰে জনোৱা মতে, এমএল–০৯–৭০২৮ নম্বৰৰ অল্টো গাড়ীখন সন্দেহৰ ভিত্তিত ৰখাই তালাচী চলোৱা হয়। তালাচীৰ সময়ত গাড়ীৰ ভিতৰৰ পৰা ২২৮টা কোটাত সংৰক্ষিত প্ৰায় ৩২ গ্ৰাম সন্দেহজনক ড্ৰাগছ উদ্ধাৰ কৰা হয়। লগে লগে গাড়ীত থকা চাৰিজনক আটক কৰা হয়।


আটকাধীন লোকসকল হৈছে— ৰাজন দাস, ছাইদুল উদ্দিন, মইন উদ্দিন আৰু ফকৰুল ইছলাম। প্ৰাথমিকভাৱে আৰক্ষীৰ ধাৰণা, ধৃতসকল সংগবদ্ধভাৱে মাদক সৰবৰাহ চক্ৰৰ সৈতে জড়িত। তেওঁলোকক গুমড়া আৰক্ষী অনুসন্ধান কেন্দ্ৰলৈ লৈ গৈ সোধপোছ চলোৱা হৈছে।


এই চক্ৰটোৰ সৈতে আন কোন কোন জড়িত আছে আৰু মাদকদ্ৰব্য ক’ৰ পৰা আনিছিল আৰু ক’ত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু