--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত এগৰাকী চাফাই কৰ্মী জয়ী হৈছে। চাফাই কৰ্মী গণেশ চন্দ্ৰ চৌহানে সন্ত কবিৰ নগৰ জিলাৰ ধনঘাটা আসনত বিজয় সাব্যস্ত কৰিছে। গণেশ চন্দ্ৰই বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল আৰু সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ প্ৰাৰ্থী আলগু প্ৰসাদক ১০,০০০ তকৈও অধিক ভোটত পৰাজিত কৰিছিল৷ ফলাফলৰ পিছত গণেশ চৌহানে বিজেপিক ধন্যবাদ জনাই কয় যে "মোক টিকট দি বিজেপিয়ে বুজাই দিছে যে এজন অতি সাধাৰণ ব্যক্তিয়েও ক্ষমতাক চুব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজত চাফাই কৰ্মীৰ ভৰি ধুই আমাৰ সকলোকে বাৰ্তা প্ৰদান কৰিছে যে চাফাই কৰ্মীসকল সমাজৰ নিম্ন স্তৰৰ লোক নহয়। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে যিসকল লোকে সমাজৰ লেতেৰা পৰিষ্কাৰ কৰে তেওঁলোক মহান।" উল্লেখ্য যে গণেশ চন্দ্ৰ চৌহানে কৰ'না কালত ৰিক্সা চালকসকলৰ মাজত পুৰী-ভাজি বিলাইছিল। গণেশ চন্দ্ৰৰ পিতৃও এজন চাফাই কৰ্মী আৰু দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰে। এজন চাফাই কৰ্মীৰ পৰা ৰাজনীতিবিদলৈ যাত্ৰাৰ বিষয়ে সোধাত গণেশে কয়,"উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ হৃদয় ডাঙৰ। তেওঁলোকে মোক ভোট দি এই কথা প্ৰমাণ কৰি দেখুৱালে। ৰাইজে ৰাজবংশক প্ৰত্যাখ্যান কৰিছে। এজন দৈনিক মজুৰী শ্ৰমিকৰ পুত্ৰ উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ ৰাইজে তেওঁলোকৰ চিন্তাধাৰা প্ৰদৰ্শন কৰিছে। ইয়াৰ পৰা এইটো স্পষ্ট যে বিজেপিৰ পাঁচ বছৰৰ সৈতে উত্তৰ প্ৰদেশ সুশাসনৰ ফালে গতি কৰিছে। মানুহে ৰাজবংশৰ ৰাজনীতি আৰু জাতিবাদক প্ৰত্যাখ্যান কৰিছে।" আৰু পঢ়কঃ নিৰ্লজ্জ অভিনেত্ৰী! পকেটমাৰি ধৰা পৰিল আৰক্ষীৰ হাতত;৭৫ হাজাৰ টকা উদ্ধাৰ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান