--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত এগৰাকী চাফাই কৰ্মী জয়ী হৈছে। চাফাই কৰ্মী গণেশ চন্দ্ৰ চৌহানে সন্ত কবিৰ নগৰ জিলাৰ ধনঘাটা আসনত বিজয় সাব্যস্ত কৰিছে। গণেশ চন্দ্ৰই বিজেপিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল আৰু সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টিৰ প্ৰাৰ্থী আলগু প্ৰসাদক ১০,০০০ তকৈও অধিক ভোটত পৰাজিত কৰিছিল৷ ফলাফলৰ পিছত গণেশ চৌহানে বিজেপিক ধন্যবাদ জনাই কয় যে "মোক টিকট দি বিজেপিয়ে বুজাই দিছে যে এজন অতি সাধাৰণ ব্যক্তিয়েও ক্ষমতাক চুব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজত চাফাই কৰ্মীৰ ভৰি ধুই আমাৰ সকলোকে বাৰ্তা প্ৰদান কৰিছে যে চাফাই কৰ্মীসকল সমাজৰ নিম্ন স্তৰৰ লোক নহয়। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে যিসকল লোকে সমাজৰ লেতেৰা পৰিষ্কাৰ কৰে তেওঁলোক মহান।" উল্লেখ্য যে গণেশ চন্দ্ৰ চৌহানে কৰ'না কালত ৰিক্সা চালকসকলৰ মাজত পুৰী-ভাজি বিলাইছিল। গণেশ চন্দ্ৰৰ পিতৃও এজন চাফাই কৰ্মী আৰু দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰে। এজন চাফাই কৰ্মীৰ পৰা ৰাজনীতিবিদলৈ যাত্ৰাৰ বিষয়ে সোধাত গণেশে কয়,"উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ হৃদয় ডাঙৰ। তেওঁলোকে মোক ভোট দি এই কথা প্ৰমাণ কৰি দেখুৱালে। ৰাইজে ৰাজবংশক প্ৰত্যাখ্যান কৰিছে। এজন দৈনিক মজুৰী শ্ৰমিকৰ পুত্ৰ উত্তৰ প্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ ৰাইজে তেওঁলোকৰ চিন্তাধাৰা প্ৰদৰ্শন কৰিছে। ইয়াৰ পৰা এইটো স্পষ্ট যে বিজেপিৰ পাঁচ বছৰৰ সৈতে উত্তৰ প্ৰদেশ সুশাসনৰ ফালে গতি কৰিছে। মানুহে ৰাজবংশৰ ৰাজনীতি আৰু জাতিবাদক প্ৰত্যাখ্যান কৰিছে।" আৰু পঢ়কঃ নিৰ্লজ্জ অভিনেত্ৰী! পকেটমাৰি ধৰা পৰিল আৰক্ষীৰ হাতত;৭৫ হাজাৰ টকা উদ্ধাৰ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন