--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মোৰ পত্নী মহিলা নহয়...।’ বিয়া কৰাই প্ৰতাৰিত হোৱা এজন লোকে এতিয়া বিবাহ বিচ্ছেদ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। লোকজনে দাখিল কৰা আৱেদনত কোৱা হৈছে যে, তেওঁ প্ৰতাৰিত হৈছে কিয়নো তেওঁ যাক বিয়া কৰাইছিল তেওঁ প্ৰকৃততে মহিলা নহয়। লোকজনৰ এই আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এতিয়া মহিলাগৰাকীলৈ উত্তৰ দিয়াৰ জাননী প্ৰেৰণ কৰিছে। ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশে শুকুৰবাৰে মহিলাগৰাকীক যোৱা বছৰৰ ২৯ জুলাইত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই তেওঁৰ স্বামীয়ে দাখিল কৰা আবেদনৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে, মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি তেওঁৰ যৌনাংগৰ গঠন স্বাভাৱিক নহয়। তেওঁৰ দেহত ‘পুৰুষলিংগ থকাৰ লগতে ছিদ্ৰবিহীন যোনী’ (penis + imperforate hymen) থকা বুলি স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছে। এই প্ৰতিবেদনৰ আধাৰত তেওঁক মহিলা নহয় বুলি মন্তব্য কৰি উচ্চতম ন্যায়ালয়ে তেওঁ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে, উচ্চ ন্যায়ালয়ে তেওঁৰ স্বামীয়ে দাখিল কৰা আৱেদনক "কেৱল মৌখিক প্ৰমাণৰ আধাৰত আৰু চিকিৎসা প্ৰমাণ অবিহনে" প্ৰৱঞ্চনাৰ অভিযোগ প্ৰতিষ্ঠা কৰিব পৰা নাযায় বুলি কৈ খাৰিজ কৰিছিল। আবেদনকৰ্তাই আবেদনত উল্লেখ কৰিছিল যে, তেওঁলোক ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল যদিও তেওঁৰ পত্নীয়ে ‘ঋতুস্ৰাৱ’ হোৱা বুলি দাবী কৰি শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি আছিল আৰু বৈবাহিক জীৱনক পৰিপূৰ্ণতা দিয়া নাছিল। আৱেদনখনত অভিযোগ কৰা হৈছে যে যেতিয়া মানুহজনে তেওঁৰ পত্নীৰ সৈতে ঘনিষ্ঠ হ'বলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ আৱিষ্কাৰ কৰে যে, তেওঁৰ যোনি স্বাভাৱিক নহয় আৰু লগতে তেওঁৰ শৰীৰত শিশুৰ দৰে এটা সৰু লিংগ আছে। তাৰ পাছতে লোকজনে তেওঁৰ পত্নীক চিকিৎসাৰ বাবে লৈ যায় আৰু তাত ধৰা পৰে যে, imperforate hymen নামৰ এক চিকিৎসাজনিত সমস্যাত তেওঁ ভুগি আছে। ‘ইম্পাৰফ'ৰেট হাইমেন’ হৈছে এনে এক স্থিতি য'ত হাইমেনে যোনিৰ উপৰিভাগ আবৰি ৰাখে।অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ শাৰীৰিক সমস্যা আঁতৰ কৰাৰ পৰামৰ্শ দিয়া হৈছিল যদিও চিকিৎসকে কৈছিল যে মহিলাগৰাকীয়ে গৰ্ভধাৰণৰ সম্ভাৱনা প্ৰায় শূন্য। তাৰ পাছতে প্ৰতাৰিত বুলি অনুভৱ কৰা লোকজনে তেওঁৰ শহুৰৰ ওচৰত আপত্তি দৰ্শায় আৰু তেওঁৰ কন্যাক ওভতাই নিবলৈ দাবী জনায়। কিন্তু তেওঁৰ শহুৰে এটা অস্ত্ৰোপচাৰৰ পাছত নিজ কন্যাক বলপূৰ্বকভাৱে লোকজনৰ ঘৰত থৈ যায় বুলি অভিযোগ কৰাৰ লগতে তেওঁক ভাবুকি দিয়া বুলিও অভিযোগ কৰে। লোকজনে পাছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান