--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মোৰ পত্নী মহিলা নহয়...।’ বিয়া কৰাই প্ৰতাৰিত হোৱা এজন লোকে এতিয়া বিবাহ বিচ্ছেদ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চপা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। লোকজনে দাখিল কৰা আৱেদনত কোৱা হৈছে যে, তেওঁ প্ৰতাৰিত হৈছে কিয়নো তেওঁ যাক বিয়া কৰাইছিল তেওঁ প্ৰকৃততে মহিলা নহয়। লোকজনৰ এই আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এতিয়া মহিলাগৰাকীলৈ উত্তৰ দিয়াৰ জাননী প্ৰেৰণ কৰিছে। ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশে শুকুৰবাৰে মহিলাগৰাকীক যোৱা বছৰৰ ২৯ জুলাইত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই তেওঁৰ স্বামীয়ে দাখিল কৰা আবেদনৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে, মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি তেওঁৰ যৌনাংগৰ গঠন স্বাভাৱিক নহয়। তেওঁৰ দেহত ‘পুৰুষলিংগ থকাৰ লগতে ছিদ্ৰবিহীন যোনী’ (penis + imperforate hymen) থকা বুলি স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছে। এই প্ৰতিবেদনৰ আধাৰত তেওঁক মহিলা নহয় বুলি মন্তব্য কৰি উচ্চতম ন্যায়ালয়ে তেওঁ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে, উচ্চ ন্যায়ালয়ে তেওঁৰ স্বামীয়ে দাখিল কৰা আৱেদনক "কেৱল মৌখিক প্ৰমাণৰ আধাৰত আৰু চিকিৎসা প্ৰমাণ অবিহনে" প্ৰৱঞ্চনাৰ অভিযোগ প্ৰতিষ্ঠা কৰিব পৰা নাযায় বুলি কৈ খাৰিজ কৰিছিল। আবেদনকৰ্তাই আবেদনত উল্লেখ কৰিছিল যে, তেওঁলোক ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল যদিও তেওঁৰ পত্নীয়ে ‘ঋতুস্ৰাৱ’ হোৱা বুলি দাবী কৰি শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি আছিল আৰু বৈবাহিক জীৱনক পৰিপূৰ্ণতা দিয়া নাছিল। আৱেদনখনত অভিযোগ কৰা হৈছে যে যেতিয়া মানুহজনে তেওঁৰ পত্নীৰ সৈতে ঘনিষ্ঠ হ'বলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ আৱিষ্কাৰ কৰে যে, তেওঁৰ যোনি স্বাভাৱিক নহয় আৰু লগতে তেওঁৰ শৰীৰত শিশুৰ দৰে এটা সৰু লিংগ আছে। তাৰ পাছতে লোকজনে তেওঁৰ পত্নীক চিকিৎসাৰ বাবে লৈ যায় আৰু তাত ধৰা পৰে যে, imperforate hymen নামৰ এক চিকিৎসাজনিত সমস্যাত তেওঁ ভুগি আছে। ‘ইম্পাৰফ'ৰেট হাইমেন’ হৈছে এনে এক স্থিতি য'ত হাইমেনে যোনিৰ উপৰিভাগ আবৰি ৰাখে।অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ শাৰীৰিক সমস্যা আঁতৰ কৰাৰ পৰামৰ্শ দিয়া হৈছিল যদিও চিকিৎসকে কৈছিল যে মহিলাগৰাকীয়ে গৰ্ভধাৰণৰ সম্ভাৱনা প্ৰায় শূন্য। তাৰ পাছতে প্ৰতাৰিত বুলি অনুভৱ কৰা লোকজনে তেওঁৰ শহুৰৰ ওচৰত আপত্তি দৰ্শায় আৰু তেওঁৰ কন্যাক ওভতাই নিবলৈ দাবী জনায়। কিন্তু তেওঁৰ শহুৰে এটা অস্ত্ৰোপচাৰৰ পাছত নিজ কন্যাক বলপূৰ্বকভাৱে লোকজনৰ ঘৰত থৈ যায় বুলি অভিযোগ কৰাৰ লগতে তেওঁক ভাবুকি দিয়া বুলিও অভিযোগ কৰে। লোকজনে পাছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ লগতে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য