--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ধূম’ আৰু ‘ধূম ২’ৰ দৰে ছুপাৰহিট ছবিৰ পৰিচালক সঞ্জয় গাধৱী আৰু নাই। দেওবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত ঘৰত চাহ খাই থকা অৱস্থাত হঠাৎ মাটিত পৰি হাৰ্ট এটেকত মৃত্যু হয় সঞ্জয় গাধৱীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ। 

সঞ্জয় গাধৱীয়ে আগতে শ্ৰীদেৱীয়ে বাস কৰা আন্ধেৰী অঞ্চলৰ একেটা অট্টালিকা ‘গ্ৰীণ একৰ’তে বাস কৰিছিল। যদিও যোৱা এবছৰ ধৰি সেই অট্টালিকাটোত বনি কাপুৰে বাস কৰা নাই। 

ঘৰতে অচেতন হৈ পৰাৰ পিছত সঞ্জয় গাধৱীক লগে লগে আন্ধেৰীৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক মৃত ঘোষণা কৰা হয়।

সঞ্জয়ৰ কাম যদি চাওঁ তেন্তে ২০০০ চনত ‘তেৰে লিয়ে’ ছবিৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৪ চনত প্ৰথমবাৰৰ বাবে খ্যাতি লাভ কৰিছিল সঞ্জয়ে। তেওঁ একচন থ্ৰিলাৰ ছবি ‘ধূম’ পৰিচালনা কৰিছিল। ‘ধূম’ ছবিখনত অভিষেক বচ্চন, উদয় চোপ্ৰা, জন আব্ৰাহাম, ঈশা দেওল, ৰিমি সেনৰ দৰে তাৰকাক দেখা গৈছিল। চিনেমাখন আছিল ছুপাৰহিট।

ইয়াৰ উপৰিও সঞ্জয়ে পৰিচালনা কৰিছে ‘ধূম ২’, ‘মেৰে ইয়াৰ কি ছাদি হে’ আৰু ইমৰাণ খান অভিনীত ছবি ‘কিডনেপ’। ইয়াৰ উপৰিও ২০১২ চনত তেওঁ পৰিচালনা কৰিছিল ‘আজাব গাজাব লাভ’। তেওঁ ‘অপাৰেচন পৰিণ্ডে’ ছবিও পৰিচালনা কৰিছে। এই ছবিখন ২০২০ চনত মুক্তি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক