--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ধূম’ আৰু ‘ধূম ২’ৰ দৰে ছুপাৰহিট ছবিৰ পৰিচালক সঞ্জয় গাধৱী আৰু নাই। দেওবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত ঘৰত চাহ খাই থকা অৱস্থাত হঠাৎ মাটিত পৰি হাৰ্ট এটেকত মৃত্যু হয় সঞ্জয় গাধৱীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ। 

সঞ্জয় গাধৱীয়ে আগতে শ্ৰীদেৱীয়ে বাস কৰা আন্ধেৰী অঞ্চলৰ একেটা অট্টালিকা ‘গ্ৰীণ একৰ’তে বাস কৰিছিল। যদিও যোৱা এবছৰ ধৰি সেই অট্টালিকাটোত বনি কাপুৰে বাস কৰা নাই। 

ঘৰতে অচেতন হৈ পৰাৰ পিছত সঞ্জয় গাধৱীক লগে লগে আন্ধেৰীৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক মৃত ঘোষণা কৰা হয়।

সঞ্জয়ৰ কাম যদি চাওঁ তেন্তে ২০০০ চনত ‘তেৰে লিয়ে’ ছবিৰ জৰিয়তে তেওঁ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ২০০৪ চনত প্ৰথমবাৰৰ বাবে খ্যাতি লাভ কৰিছিল সঞ্জয়ে। তেওঁ একচন থ্ৰিলাৰ ছবি ‘ধূম’ পৰিচালনা কৰিছিল। ‘ধূম’ ছবিখনত অভিষেক বচ্চন, উদয় চোপ্ৰা, জন আব্ৰাহাম, ঈশা দেওল, ৰিমি সেনৰ দৰে তাৰকাক দেখা গৈছিল। চিনেমাখন আছিল ছুপাৰহিট।

ইয়াৰ উপৰিও সঞ্জয়ে পৰিচালনা কৰিছে ‘ধূম ২’, ‘মেৰে ইয়াৰ কি ছাদি হে’ আৰু ইমৰাণ খান অভিনীত ছবি ‘কিডনেপ’। ইয়াৰ উপৰিও ২০১২ চনত তেওঁ পৰিচালনা কৰিছিল ‘আজাব গাজাব লাভ’। তেওঁ ‘অপাৰেচন পৰিণ্ডে’ ছবিও পৰিচালনা কৰিছে। এই ছবিখন ২০২০ চনত মুক্তি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ